‘বৰ্তমান সময়ত সমগ্ৰ বিশ্বতেই গোলকীয় উষ্ণতা এক জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হৈছে। জীৱ শ্ৰেষ্ঠ মানৱৰ অদূৰদৰ্শিতাৰ বাবে আজি সমগ্ৰ বিশ্বৰ বিভিন্ন ঠাইত চলিছে অবাধ বন ধ্বংস যজ্ঞ। ইয়াৰ ফলতেই সমগ্ৰ বিশ্বতেই পৰিবেশ প্ৰদূষিত হোৱাৰ উপৰিও জলবায়ুৰ পৰিৱৰ্তন ঘটি বিশ্বৰ বিভিন্ন ঠাইত মহাপ্ৰলয় সৃষ্টি হৈ আহিছে আৰু বহু জীৱকুল ধ্বংস হৈছে। এনে জটিল সমস্যা সমাধানৰ বাবে সমগ্ৰ মানৱ জাতিয়ে পৰিৱেশ সংৰক্ষণ, বন সংৰক্ষণ নকৰিলে অচিৰেই যে মানৱ জাতি অধিক বিপদাপন্ন হ’ব সেয়া নিশ্চিত।’ এই ভাষ্য খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন বড়োৰ।
আজি সমগ্ৰ বিশ্বৰ লগতে বাক্সা জিলাৰ নাগ্ৰীজুলিৰ ঐতিহ্যমণ্ডিত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়তো উলহ-মালহেৰে উদযাপন কৰা হয় বিশ্ব পৰিবেশ দিৱস। বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি দিনৰ ১০ বজাত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্র-ছাত্ৰী সকলক লৈ আয়োজন কৰা হয় এখন পৰিৱেশ সজাগতা সভা।
খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিতেশ বড়োৰ সঞ্চালনাত অনুষ্ঠিত সভাত প্ৰধান শিক্ষক জিতেন বড়োয়ে নিজৰ ভাষণত গছ থাকিলেহে জীৱকুল জীয়াই থাকিব বুলি মন্তব্য কৰাৰ লগতে গছে জীৱকূলক কি দৰে উপকৃত কৰিছে আৰু গছ-গছনিয়ে কিদৰে সমগ্ৰ মানৱ জাতিক অৰ্থনৈতিক দিশটো সৱল কৰিছে সেই বিষয়ে বক্তব্য ৰাখে।
সভাত উপস্থিত থাকি বিদ্যালয়খনৰ সহকাৰী প্ৰধান শিক্ষক হীৰেন নাৰ্জাৰী, সহকাৰী শিক্ষক হৰেশ্বৰ বড়ো সহকাৰী শিক্ষক মিন্টু বসুমতাৰী, সহকাৰী শিক্ষক বাবুল শৰ্মা, সহকাৰী শিক্ষক দুল কুমাৰ শৰ্মাৰ উপৰিও কেইবাগৰাকীও শিক্ষকে বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত তাৎপৰ্যপূৰ্ণ বক্তব্য ৰাখে।
আজিৰ এই সভাতেই খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য-গীত পৰিৱেশন কৰি মুখৰিত কৰি তোলে বিদ্যালয় চৌহদ। সভাৰ অন্তত ছাত্র-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় পৰিৱেশ সম্পৰ্কীয় কুইজ প্ৰতিযোগিতাও। সভাৰ প্ৰাকমুহূৰ্তত পুৱা বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় চৌহদ পৰিষ্কাৰ কৰি অৰ্ধ-শতাধিক গছপুলি ৰোপণ কৰে আৰু বিশ্ব পৰিবেশ দিৱস উদযাপন কৰি এই গছপুলি সমূহ সংৰক্ষণ কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয়।