NORTHEAST NOW (Assamese)

এইবাৰ “খেলা হবে”: সৰুক্ষেত্ৰীত কোনে দিলে এই হুংকাৰ?

March 14, 2021 7:47 pm · শশাংক তালুকদাৰ
Updated: March 14, 2021 7:50 pm

এইবাৰ সৰুক্ষেত্ৰীত খেলা হবে। এই শ্লোগানেৰে সৰুক্ষেত্ৰীত একপ্ৰকাৰ আজি শক্তি প্ৰৰ্দশন কৰিলে সৰুক্ষেত্ৰীৰ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে।

নিৰ্বাচনী ৰণডংকা বজাই আজি সৰুক্ষেত্ৰীত পাঁচ সহস্ৰাধিক সমৰ্থকক লগত লৈ বাইক ৰেলীৰে  নিজৰ শক্তি প্ৰদৰ্শন কৰে।

এআই ইউ ডি এফ আৰু কংগ্ৰেছৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হব লগীয়া সৰুক্ষেত্ৰীত কংগ্ৰেছৰ পক্ষত এক প্ৰকাৰ বতাহ বলা পৰিলক্ষিত হৈছে ।

মহাজোঁটৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ সুযোগ লৈ কোনো কাৰণতে যাতে মিত্ৰজোঁটৰ প্ৰাৰ্থী ওলাই যাব নোৱাৰে তাৰ বাবে সৰুক্ষেত্ৰীৰ ৰাইজ কংগ্ৰেছৰ পক্ষত একত্ৰিত হোৱা বুলি জানিব পৰা গৈছে ।

বিজেপিক সমালোচনা কৰি বংগৰ মুখ্যমন্ত্ৰী মমতাৰ সুৰতে সুৰ মিলাই বিধায়ক জাকিৰ হুছেইন সিকদাৰেও ক’লে—সৰুক্ষেত্ৰীত এইবাৰ “খেলা হবে” ।

Related News