মুখ্যমন্ত্ৰীৰ সমষ্টিত উন্নয়নৰ নমুনা :  বছৰৰ ১২মাহে পানীয়ে ঘেৰি ৰখা খেৰকাটি বনিয়া গাঁৱত টুলুঙা নাৱেৰে বিপদ -সংকুল যাত্ৰা স্থানীয় ৰাইজৰ

Screenshot_20180827-093947_Video Player

মাজুলী এখন বিশেষ গাঁও । পানীত ওপঙা গাঁও । বিশ্বৰ আজৱ সংবাদৰ যেন এক বিশেষ খৱৰ । মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ এইখন খেৰকাটি বনিয়া গাঁও। কোনো কালেই উন্নয়নৰ মূখ নেদেখা বা চৰকাৰী কোনো উন্নয়ণমূলক আচনিয়ে ঢুকি নোপোৱা মাজুলীৰ এই গাঁওখন বছৰৰ বাৰ মাহেই পানীৰ বুৰ গৈ থাকে । বাট পথ বুলিবলৈ একোৱেই নাই । টুলুঙা হাত নাৱেৰে নিতৌ মেটেকা, পিটনি ফালি ফালি অহা যোৱা কৰিব লগা হয় দৰিদ্ৰ-অসহায় গাঁওবাসী। পথাৰসমুহ পিটনি হল । পথাৰত হোৱা মেটেকা-দলনিয়ে কৃষিজীৱি গাঁওবাসীৰ অৰ্থনৈতিক অৱলম্বন মষিমূৰ কৰি পেলালে ।

এতিয়া দলনিৰ পৰাই ঘাঁহ কাটি বিক্ৰি কৰি কোনোমতে পৰিয়াল পোহ-পাল দি আহিছে এইখন গাঁৱৰ বাসিন্দাসকলে। গাঁও খনৰ পৰা ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয়লৈ বা গাঁওবাসী গাঁৱৰ বাহিৰলৈ যাবলৈ হ’লে নিতৌ টুলুঙা নাৱেৰে মেটেকা দলনি ফালি অহা যোৱা কৰিব লগা হয় । বহুবাৰ নাও দূৰ্ঘটণাও সংঘটিত হৈছে । ৰোগী সকলক চিকিৎসালয়লৈ নিওঁতে বহু সময়ত বাটতে মৃত্যু ঘটিছে বহু জনৰ ।

সকলোৰে সৈতে সমানে বিকাশৰ শ্লেগানেৰে পূৰ্বৰ চৰকাৰক গাদীচ্যুত কৰি চৰকাৰ গঠন হ’ল।  তথাপিও কিন্তু গাঁওখনলৈ পৰিৱৰ্তন নাহিল । আজিলৈকে গাঁওখনলৈ এটা ৰাষ্টা নহল । আজিও সংযোগ নহল বিদ্যুতৰ । গাঁৱখনৰ ৰাইজে কেনেকুৱা বিড়ম্বনাৰ মাজেৰেৰ দিন অতিবাহিত কৰি আছে তাক তাক নেদেখিলে বুজোৱা সম্ভব নহয় ।