NORTHEAST NOW (Assamese)

মহিলা অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ সম্পাদক অমিতাভ শৰ্মাক

March 16, 2019 10:16 am · এন ই নাও নিউজ
খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক সম্পাদক অমিতাভ শৰ্মা। ফটো: ফেচবুক

খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক সম্পাদক অমিতাভ শৰ্মাক এগৰাকী মহিলাক অপহৰণ কৰি দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰাৰ অভিযোগত দিচপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অমিতাভ শৰ্মাৰ বিৰুদ্ধে দলীয় কাম-কাজৰ অজুহাতত মহিলাগৰাকীক প্ৰলোভন দেখুৱাই নেপাললৈ নি নিৰ্যাতন চলোৱাৰ পাছত দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, পাঁচ মাহ পূৰ্বে শৰ্মাৰ সৈতে কাকীৰ এগৰাকী মহিলা ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল। ইয়াৰ পাছতে দুয়োৰে মাজত সম্পৰ্কতো সহজ হৈ পৰাত যোৱা ২৪ জানুৱাৰিত গুৱাহাটীৰ এখন দলীয় সভাত অংশগ্ৰহণৰ বাবে শৰ্মাই মহিলাগৰাকীক নিমন্ত্ৰণ জনাইছিল।

ইপিনে,সভাত অংশগ্ৰহণৰ বাবে গুৱাহাটীলৈ অহা মহিলাগৰাকীক অমিতাভ শৰ্মাই দলীয় কাম-কাজৰ অজুহাতত কৌশলেৰে নেপাললৈ লৈ গৈ নিৰ্যাতন চলোৱাৰ লগতে দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে।

আনহাতে, কাকী আৰক্ষীৰ তৎপৰতাত অপহৃত মহিলাগৰাকীক যোৱা ৭ ফেব্ৰুৱাৰিত নেপালৰপৰা উদ্ধাৰ কৰাৰ পাছতে এই সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইয়াৰ লগতে ভুক্তভোগী মহিলাগৰাকীয়ে কাকী থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত দিচপুৰ আৰক্ষীয়ে কাকী আৰক্ষীৰ সহযোগত অমিতাভ শৰ্মাক গ্ৰেপ্তাৰ কৰি কাকী আৰক্ষী থানালৈ লৈ আহে।

ইতিমধ্যে, শৰ্মাক কাকী আৰক্ষীয়ে জিম্মাত লৈ শংকৰদেৱ নগৰৰ আদালতত হাজিৰ কৰোৱাৰ বাবে প্ৰেৰণ কৰিছে।

অৱশ্যে, খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক সম্পাদক শৰ্মাই তেওঁৰ বিৰুদ্ধে উঠা এই সমগ্ৰ অভিযোগ খণ্ডন কৰি এয়া তেওঁৰ বিৰুদ্ধে এক মাওবাদী ষড়যন্ত্ৰ বুলি কয়।

Related News