NORTHEAST NOW (Assamese)

কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তত অপহৰণ; নিশা আৰক্ষীৰ অভিযানত উদ্ধাৰ অপহৃত ব্যৱসায়ী

February 25, 2021 7:04 pm · নীলমনি শৰ্মা
অপহৃত নিৰঞ্জন সাহা আৰু তদন্তকাৰী আৰক্ষী বিষয়া। ফটো: নৰ্থইষ্ট নাও।

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত নাবাং বজাৰৰ সমীপৰ পৰা বুধবাৰে কৃষ্ণাইৰ ব্যৱসায়ী এজন অপহৃত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অপহৃত ব্যৱসায়ী জনৰ নাম নিৰঞ্জন সাহা ৷

জানিব পৰা মতে, নিৰঞ্জন সাহাই নাবাং বজাৰত থকা নিজ দোকান বন্ধ কৰি কৃষ্ণাই অভিমুখে আহি থকাৰ সময়তে কাছুমাৰীত এদল অস্ত্ৰধাৰী যুৱকে ব্যৱসায়ী জনক অপহৰণ কৰি নিয়ে ৷

ঘটনাৰ সময়ত নিৰঞ্জন সাহাৰ সৈতে তেওঁৰ পুত্ৰ এজনো আছিল ৷

জানিব পৰা মতে, নাবাং বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী নিৰঞ্জন সাহাই দোকান বন্ধ কৰি পুতেকৰ লগত বাইকেৰে কৃষ্ণাইৰ ঘৰলৈ উভতি অহাৰ সময়ত কোনো উগ্ৰবাদী সংগঠনৰ সদস্যই পুত্ৰৰ সমুখতে পিতৃক অস্ত্ৰ দেখুৱাই অপহৰণ কৰি লৈ যায় ৷

ইয়াৰ পৰবৰ্তী সময়ত কোনো মতে প্ৰাণ বচাই পলাই অহা পুত্ৰই আৰক্ষীক সবিশেষ অৱগত কৰে ৷

সেই মৰ্মে বুধবাৰে নিশাই জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত আৰক্ষীয়ে নিৰঞ্জন সাহাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ এই সফলতাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ৷

অৱশ্যে এই ঘটনাত কোন সংগঠনৰ সদস্য জৰিত সেই কথা এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও তদন্তৰ শেষত সবিশেষ পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

Related News