বৰ্ণ বৈষম্য! আমেৰিকাত ভাৰতীয় মূলৰ পৰিয়ালৰ চাৰি সদস্যক অপহৰণ কৰি নি হত্যা, মৃতকৰ ভিতৰত আছে আঠমহীয়া কেঁচুৱাও

নিষ্ঠুৰতাৰ বলি হ’বলগীয়া হ’ল আমেৰিকাত বাস কৰা এটি ভাৰতীয় মূলৰ পৰিয়াল। গোটেই পৰিয়ালটোকেই সোমবাৰে অপহৰণ কৰি নিয়াৰ পিছত তেওঁলোকৰ মৃতদেহ এখন পাৰ্কত উদ্ধাৰ হৈছে।

পৰিয়ালটোৰ চাৰিওজন সদস্যৰে মৃতদেহ কেলিফৰ্ণিয়াৰ এখন পাৰ্কত উদ্ধাৰ হোৱাৰ পিছতে শোকৰ ছাঁ পৰিছে। উল্লেখ্য সোমবাৰে কেলিফৰ্ণিয়াৰ মাৰ্কেড কাউণ্টিৰ পৰা আঠ মহীয়া আৰুহী ধেৰী আৰু তেওঁৰ পিতৃ-মাতৃ ২৭ বছৰীয়া জছলীন কৌৰ আৰু ৩৬ বছৰীয়া জছদীপ সিঙক দুৰ্বৃত্তই অপহৰণ কৰি নিছিল।

অপহৰণকাৰীয়ে কেঁচুৱাটোৰ খুৰাক ৩৯ বছৰীয়া অমনদীপ সিঙকো অপহৰণ কৰিছিল। কালি সন্ধিয়া চাৰিজনৰ মৃতদেহ বুধবাৰে নিশা ইণ্ডিয়ানা ৰোড এণ্ড হাচিনচন ৰোডৰ ওচৰৰ এখন পাৰ্কত উদ্ধাৰ হয়। চিচিটিভিৰ ফুটেজত দেখা গৈছে যে জছদীপ আৰু অমনদীপক একেলগে হাত বান্ধি উলিয়াই নিয়া হৈছে।

কেইছেকেণ্ডমানৰ পিছত আঠমহীয়া কেঁচুৱাটো আৰু আন এগৰাকী লোকক অপহৰণকাৰীৰ সৈতে ভৱনৰ পৰা ওলাই যোৱা দেখা গৈছে। আৰক্ষীয়ে এজন সন্দেহযুক্ত অপহৰণকাৰী ৪৮ বছৰীয়া যীশু মানুৱেল চালগাডোক গ্ৰেপ্তাৰ কৰিছে। লোকজনে পৰিয়ালটোক অপহৰণ কৰাৰ কথা স্বীকাৰ কৰিছে। পৰিয়ালটো বৰ্ণ বৈষম্যৰ চিকাৰ হ’ব পাৰে বুলি বহুতে ধাৰণা কৰিছে।