কমিউনিষ্টসকলক য’তে দেখে, থিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰড্ৰিগ’ ডুটেৰ্টেই শুকুৰবাৰে এক চাঞ্চল্যকৰ বক্তব্য আগবঢ়াইছে।

দেশখনত সুদীৰ্ঘ দিন ধৰি চলি অহা কমিউনিষ্ট বিদ্ৰোহ সম্পৰ্কে ডুটেৰ্টেই কয় যে সেনাবাহিনী আৰু আৰক্ষীয়ে য’তে কমিউনিষ্টসকলক দেখা পায়, তাতে জীৱন্তে হত্যা কৰি পেলাব লাগে।

সেনাবাহিনী আৰু আৰক্ষীক এই বিষয়ে আদেশ দিয়া বুলিও এখন চৰকাৰী সভাত তেওঁ কয়।

‘‘মানৱ অধিকাৰৰ কথা পাহৰি যাওক। এয়া মোৰ আদেশ। মই জেল যাবলৈও সাজু, সেয়া মোৰ সমস্যা নহয়।’’ ৰাষ্ট্ৰপতিজনে কয়।

কমিউনিষ্ট বিদ্ৰোহীসকলক কটাক্ষ কৰি কয় যে তেওঁলোক ডকাইত, তেওঁলোকৰ কোনো আদৰ্শ নাই, আনকি চীন আৰু ৰাছিয়াও এতিয়া পুঁজিবাদী দেশ।

আনহাতে অস্ত্ৰসম্বৰণ কৰি মুলসুঁতিলৈ উভটি আহিলে বিদ্ৰোহীসকলক চাকৰি, ঘৰ আৰু সংস্থাপনো প্ৰদান কৰিব বুলি তেওঁ কয়।

উল্লেখযোগ্য যে ১৯৬৮ চনৰ পৰা ফিলিপাইনছত কমিউনিষ্ট বিদ্ৰোহীসকলে সশস্ত্ৰ বিদ্ৰোহ চলাই আহিছে।

ই বিশ্বৰ অন্যতম দীৰ্ঘকালীন মাওবাদী বিদ্ৰোহ।

পাঁচটা দশকত ইতিমধ্যে ৩০,০০০ জন মাওবাদী বিদ্ৰোহীয়ে প্ৰাণ হেৰুৱাইছে।

দেশখনৰ নিৰ্বাচিত বহুকেইজন ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে তেওঁলোকৰ স’তে শান্তি চুক্তিৰ প্ৰচেষ্টা কৰিছিল যদিও সফল নহ’ল।

বিদ্ৰোহীসকলৰ নেতা হুছে মাৰিয়া ছিছন বৰ্তমানে দ্যা নেদাৰলেণ্ডছত আত্মনিৰ্বাসন কৰি আছে।

বৰ্তমান ৮২ বছৰীয়া বিদ্ৰোহী নেতাজন কমিউনিষ্ট পাৰ্ট অৱ দ্যা ফিলিপাইনছৰ প্ৰতিষ্ঠাপক সম্পাদক।

২০১৬ চনত বৰ্তমানৰ ৰাষ্ট্ৰপতি ডুটাৰ্টেই যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে শান্তি আলোচনাৰ দ্বাৰা দশকজুৰি চলি অহা মাওবাদী বিদ্ৰোহটোক সমাপ্ত কৰিব।

কিন্তু ২০১৭ চনত চৰকাৰী বাহিনী আৰু বিদ্ৰোহীসকলৰ মাজত হোৱা ৰক্তাক্ত সংঘাটত ফলশ্ৰুতিত ডুটাৰ্টে শান্তিপ্ৰস্তাৱ ভংগ কৰে আৰু বিদ্ৰোহীসকলক ‘সন্ত্ৰাসবাদী’ আখ্যা দিয়ে।

আনকি তেওঁ মহিলা বিদ্ৰোহীসকলৰ জননাংগত গুলী কৰিবলৈও সেনাবাহিনীক উদগণী জনায়।

২০১৮ চনত এটা বিশেষ ক্ষমতাধাৰী সৈন্যবাহিনী তেওঁ গঠন কৰে।

ডুটাৰ্টেৰ এই নীতিৰ সমালোচকসকলে কয় যে মাওবাদী বিদ্ৰোহীসকলৰ অচিলা লৈ ডুটাৰ্টেই অন্যান্য বাওঁপন্থী শক্তিসমূহৰ লগতে তেওঁৰ বিৰোধীসকলকো এই বিশেষ ক্ষমতাধাৰী সৈন্যবাহিনীৰ দ্বাৰা অত্যাচাৰ চলাইছে।

শুকুৰবাৰে ডুটাৰ্টেই প্ৰদান কৰা এই ভাষ্যৰ ফলশ্ৰুতিত দেশখনত পুনৰ ৰক্তাক্ত পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে আশংকাপ্ৰকাশ কৰিছে।