NORTHEAST NOW (Assamese)

হত্যা কৰি আমেৰিকালৈ পলায়ন! অমৃতসৰত অৱতৰণৰ পিছতেই গ্ৰেপ্তাৰ আমেৰিকাই ঘূৰাই পঠোৱা দুই ভাৰতীয়

February 16, 2025 6:35 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 16, 2025 5:35 pm

শনিবাৰে আমেৰিকাই ভাৰতলৈ ঘূৰাই পঠাই অবৈধভাবে আমেৰিকাত প্ৰৱেশ কৰা ১১৬ জন লোকক।

ইফালে পঞ্জাৱ আৰক্ষীয়ে অমৃতসৰত আমেৰিকাৰ বিমান অৱতৰণ কৰাৰ লগে লগে হত্যাৰ অভিযোগত অভিযুক্ত দুজন লোকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে, সন্দীপ আৰু প্ৰদীপ নামৰ অভিযুক্ত দুজন পঞ্জাৱৰ পাটিয়ালা জিলাৰ বাসিন্দা।

আৰক্ষীৰ সূত্ৰ অনুসৰি ২০২৩ চনত পাটিয়ালাৰ ৰাজপুৰাত হত্যাকাণ্ডৰ গোচৰত জড়িত আছিল এই দুজন ব্যক্তি। আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছিল।

গ্ৰেপ্তাৰৰ আশংকাত সন্দীপ আৰু প্ৰদীপে অবৈধভাৱে আমেৰিকালৈ পলায়ন কৰিছিল। এতিয়া দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি উক্ত গোচৰৰ তদন্ত পুনৰ আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related News