NORTHEAST NOW (Assamese)

আমেৰিকাক সকিয়নী উঃ কোৰিয়াৰ শাসক কিম জং উনৰ ভগ্নী কিম য়ু জঙৰ

March 16, 2021 3:10 pm · এন ই নাও নিউজ
Updated: March 16, 2021 3:17 pm

এইবাৰ উত্তৰ কোৰিয়াৰ একনায়ক কিম উন জঙৰ ভগ্নী কিম য়ু জঙে সকীয়নি প্ৰদান কৰিছে বিশ্বৰ আটাইতকৈ শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰক।

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ দৰেই অতি অদৰ্মনীয় তথা কঠোৰ বুলি পৰিচিত কিম য়ুনে ইয়াৰ পূৰ্বেও শত্ৰু ৰাষ্ট্ৰৰ প্ৰতি নিজৰ কঠোৰ স্থিতি প্ৰকাশ কৰি আহিছে।

এইবাৰ আমেৰিকাক সকীয়নি প্ৰদান কৰি কিম য়ুনে কয় যে আগন্তুক চাৰি বছৰ শান্তিৰে শুবলৈ হ’বলৈ হ’লে আমেৰিকাৰ ৰাষ্ট্ৰপতি বিডেনে ভাবি চিন্তি পদক্ষেপ ল’ব লাগিব।

আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি সোমবাৰে কিম জং উনৰ ভগ্নী কিম য়ু জঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সচিব এণ্ট’নি ব্লীনকেন আৰু প্ৰতিৰক্ষা সচিব লিয়ড আষ্টিনে উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ দ্বিপাক্ষিক সমস্যাসমূহৰ আলোচনাৰ বাবে জাপানৰ ৰাজধানী টকিঅ’ত উপস্থিত হোৱাৰ পিছতে এইদৰে সকীয়নি প্ৰদান কৰিছে।

ইফালে দক্ষিণ কোৰিয়াৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুই মাৰ্কিন সচিবে ছিউললৈ যোৱাৰ কথাও আছে। তেওঁলোক চীন আৰু উত্তৰ কোৰিয়াৰ বিৰুদ্ধে সামৰিক জোঁট গঠনৰ বাবে জাপান আৰু দক্ষিণ কোৰিয়া ভ্ৰমণ কৰা বুলি প্ৰকাশ পাইছে।

ইয়াৰ বাবেই আমেৰিকাক এইদৰে সকীয়নি প্ৰদান কৰিছে কিম য়ুন জঙে।

“যদি আগন্তুক চাৰি বছৰ তুমি শান্তিৰে শুব খুজিছা যে, তেনে তুমি কোনো কাম তুমি নকৰিবা যাতে তোমাৰ টোপনি উৰি নাযায়।” মাৰ্কিন ৰাষ্ট্ৰপতি বিডেনক উদ্দ্যেশি এইদৰে কয় কিম য়ুন জঙে।

উল্লেখ্য যে যোৱা সপ্তাহৰ পৰা দক্ষিণ কোৰিয়া আৰু আমেৰিকান সেনাই যৌথ সামৰিক অনুশীল আৰম্ভ কৰাৰ সময়তো কিম য়ু জঙে এক বিবৃতিৰ যোগে সকীয়নি প্ৰদান কৰি মাৰ্কিন প্ৰশাসনক কৈছিল, “নতুন মাৰ্কিন প্ৰশাসনে আমাৰ দেশৰ বাৰুদৰ গোন্ধ বিয়পাবলৈ চেষ্টা কৰিছে।”

Related News