বৰ্তমানেও কিছু ছবিগৃহত চলি থকা লাপটা লেডিজ এখন হিন্দী ভাষাৰ ছবি। পৰিচালনা কৰিছে কিৰণ ৰাওৱে। কিৰণ ৰাওৰ দ্বাৰা পৰিচালিত পূৰ্বৰ ছবি “ধ’বী ঘাটে”ও সমালোচক, দৰ্শকৰ যথেষ্ট প্ৰশংসা বুটলাৰ লগতে বঁটা-বাহনো লাভ কৰিবলৈ সক্ষম হৈছিল। লাপটা লেডিজ-অৰ্থাৎ নিৰুদ্দেশ হোৱা নাৰীসকল। ছবিখনৰ নামটোৱে অলপ গম্ভীৰতাৰ লগতেই অলপ ব্যংগকো সামৰি লয়। কাজেই ছবিখনো তেনেধৰণৰেই। লাপটা লেডিজ ছবিখন গত বৰ্ষৰ ছেপ্তেম্বৰ মাহতেই TIFF(ট’ৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ)ত বিশেষভাৱে প্ৰদৰ্শিত কৰা হৈছিল। আৰু এই বৰ্ষৰ গত মাৰ্চ মাহৰ ১ তাৰিখে ভাৰতৰ ছবিগৃহত মুক্তি দিয়া হয়। এই ছবিখনৰ চিত্ৰনাট্য লিখিছে ক্ৰমে-বিপ্লৱ গোস্বামী,স্নেহা দেশাই আৰু দিব্যানিধি শৰ্মাই। মুখ্য ভূমিকাত অভিনয় কৰিছে ক্ৰমে-নীতাংশী গোৱেল,প্ৰতিভা ৰত্না আৰু স্পৰ্শ শ্ৰীবাস্তৱে। মুক্তিৰ পিছতেই ইতিমধ্যেই ছবিখনে দৰ্শকৰ সমাদৰৰ লগতে সমালোচকৰ দ্বাৰাও প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
লাপটা লেডিজ মূলতঃ ফুল,দীপক আৰু পুষ্পাৰাণী(জয়া)ৰ কাহিনী। মধ্যপ্ৰদেশৰ এখন অতি পিছপৰা গাঁৱৰ পৰা দীপকে ফুলকুমাৰীক বিয়া কৰাই আনে। এই যাত্ৰাপথ বেছ মনোগ্ৰাহী। প্ৰথমে বাঁহৰ দলং পাৰ হৈ,কিছুদূৰ স্কুটাৰত উঠি,কিছুদূৰ খোজ কাঢ়ি বাছৰ ওপৰত উঠি দুই দৰা-কইনা গন্তব্যস্থল(দৰাৰ ঘৰ)অভিমুখে আগবাঢ়ে। কইনাৰ মুখমণ্ডল সম্পূৰ্ণৰূপে ঢাক খোৱাকৈ দীঘলীয়া ওৰণি। বাছৰ পৰা নামি কিবা প্ৰকাৰে ৰেলত উঠে দীপক আৰু ফুলকুমাৰী। ৰেলত কিবাকৈ বহাৰ ঠাই উলিয়াই লয়। ইতিমধ্যেই সেই স্থানত একেদৰেই মুখ ঢকা তিনিগৰাকী মান কইনা,দৰা আৰু দৰাৰ পৰিয়াল-পৰিজনসহ। নিশাৰ ভাগত নিৰ্দ্দিষ্ট ষ্টেচনত ৰেল ৰয় আৰু দীপকে কইনাক হাতত ধৰি লৈ নামি আহে। ঘৰ পাই আৰতি কৰিবলৈ লৈ সকলো আকাশৰ পৰা সৰি পৰে। কইনাজনী ফুলকুমাৰী নাছিলে,আন কোনোবা হে আছিলে। ইফালে টোপনিৰ পৰা সাৰ পোৱা ফুলকুমাৰীক আন এটি ষ্টেচনত বেলেগ এজনে নিজ পত্নী বুলি ভাবি নমাই নিয়ে। মুখ দেখি ফুলক তাতেই এৰি থৈ যায়। দুয়ো দৰাপক্ষই থানালৈ যোৱা হয়,কইনা হেৰুৱাৰ ৰিপৰ্ট লিখোৱা হয়। তাৰ মাজতে উপায়ন্তৰ আৰু দুৰ্বল ফুলে আশ্ৰয় পাই ষ্টেচনত খাদ্যসামগ্ৰীৰ ষ্টল থকা মঞ্জুবাইৰ লগত আৰু ইফালে দীপকৰ ঘৰত আশ্ৰয় পাই পুষ্পাৰাণীয়ে। পুষ্পাৰ গতিবিধিৰ ওপৰত আৰক্ষীৰ সন্দেহ,মনে মনে ম’বাইল ফোন ব্যৱহাৰ কৰা,ইফালে ফুলকুমাৰীয়ে মঞ্জুবাইৰ দোকানত সহায় কৰিবলৈ আৰম্ভ কৰা সকলোবোৰ চলি থাকে। এজনী কইনায়ো মুখেৰে নিজৰ স্বামীৰ নাম নলয়, স্বামীৰ গাওঁখনৰ নাম নেজানে-ব্যংগৰ মাজেৰে পিছে পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাত নাৰীক কিমান দুৰ্বল কৰি ৰখা হয়, কিমান অৱদমিত কৰি ৰখা হয়, তাৰ এক সুস্পষ্ট ছবি তুলি ধৰা হৈছে লাপটা লেডিজত। কাহিনীৰ গতি অতি ক্ষীপ্ৰ নহ’লেও, ছবিখনৰ এনে একে গতিশীলতা আছে যে ক’তোৱেই আমনি লগাৰ বা ৰৈ যোৱাৰ অৱকাশ নাই। জটিল পৰিস্থিতিক ব্যংগৰ মাজেৰে সুন্দৰকৈ উপস্থাপন কৰা হৈছে। পুষ্পাৰাণী সম্পৰ্কে যি গোপনীয়তা বা ৰহস্য আছিল সেইয়া দৰ্শকৰ উৎকন্ঠা বৰ্তাই ৰাখি, ক্ৰমশঃ তৰপে তৰপে লাহে খোৱাইছে। গোটেই প্ৰক্ৰিয়াটো বা কাহিনীভাগ চলি থাকোতে কোনোধৰণৰ নাটকীয়তা নোহোৱাকৈ মঞ্জুবাই আৰু পুষ্পাৰাণীৰ মুখেৰে খুব শক্তিশালী সংলাপৰে লাপটা লেডিজ যে এখন তীক্ষ্ণ ব্যংগৰ মাজেৰে উপস্থাপন কৰা নাৰীবাদী ছবি সেই কথা স্পষ্ট হৈ পৰে। লাপটা লেডিজৰ চৰিত্ৰ নিৰ্বাচন সঠিক।
ছবিখনৰ চিনেমেট’গ্ৰাফীৰ কাম সুন্দৰ। আন আন মূল চৰিত্ৰসমূহৰ লগতেই ঘোচখোৰ আৰক্ষী বিষয়াৰ ভূমিকাত ৰবি কিষণৰ নিৰ্বাচনো সমুচিত। ছবিখনত মুখ ঢকা ওৰণিক লৈ যিদৰে ব্যংগ কৰিছে, একেদৰে বোৰ্খাক লৈয়ো কৰিছে। মুঠতে এক কথাত ক’বলৈ গ’লে ভিন্ন ঘটনাপ্ৰৱাহক ব্যংগৰ মাজেৰে নিয়া এখন বাস্তৱধৰ্মী ছবি লাপটা লেডিজ। নাৰীৰ আৰ্থিক স্বাৱলম্বিতা, আত্মনিৰ্ভৰশীলতা, শিক্ষাৰ অধিকাৰ আৰু প্ৰয়োজনীয়তা-আদি নিতান্তই জৰুৰী দিশসমূহৰ প্ৰয়োজনীয়তাক এক গ্ৰাম্য আৰু পিছপৰা পৰিবেশত মেদবিহীনভাৱে উপস্থাপন কৰা এখন নাৰীবাদী ছবি লাপটা লেডিজ। ৰাম সম্পথৰ সংগীত ছবিখনৰ আন এক সুন্দৰ অংগ। জেবিন মাৰ্চেন্টৰ সম্পাদনাৰ সবল দিশটোৰ কথাও ইয়াতে উল্লেখ কৰিব লাগিব। পিছে ছবিখনৰ আটাইতকৈ শক্তিশালী দিশটোৱেই হৈছে ইয়াৰ কাহিনী আৰু চিত্ৰনাট্য।
mail id- [email protected]