• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেটৰ দায়ত ইটাভাটাত মজুৰি কৰিছে আন্তৰ্জাতিক ফুটবলাৰে; খৱৰ পাই সাহায্য ঘোষণা মন্ত্ৰী ৰিজিজুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2021 9:02 am
Songita soren
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভাৱত পৰি ইটাভাটাত মজুৰি কৰিছে আন্তৰ্জাতিক ফুটবলাৰে। দেশৰ সংবাদ মাধ্যমত শিৰোণাম হৈ পৰিল সংগীতা ছোৰেনৰ এই খৱৰ।

দেশৰ জাৰ্ছি পিন্ধি আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিনিধিত্ব কৰা ঝাৰখণ্ডৰ মহিলা ফুটবলাৰৰ এই খৱৰে দেশৰ ক্ৰীড়া অনুৰাগীৰ অন্তৰ বিন্ধি গৈছিল। অৱশ্যে, সংগীতাৰ সাহায্যৰ আহ্বান দীঘলীয়া হবলগীয়া নহ’ল।

সংগীতাৰ খৱৰ লাভ কৰাৰ পাছতেই ৰাষ্ট্ৰীয় মহিলা দলৰ ফুটবলাৰগৰাকীলৈ সাহায্যৰ কথা ঘোষণা কৰিলে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেন ৰিজিজুৱে।

দেওবাৰে বিয়লি টুইট কৰি ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে জনালে দেশৰ এথলিটসকলৰ মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰা কথা।

সংগীতাই জাতীয় দলৰ হৈ ১৮ অনুৰ্ধ, ১৯ অনুৰ্ধৰ বিভিন্ন টুৰ্ণামেন্টত দক্ষতাৰ পৰিচয় দাঙি ধৰিছে। যোৱা বছৰ ছিনিয়ৰ দলত সুযোগ পোৱাৰ পূৰ্বে ভূটান আৰু থাইলেণ্ডত নিজৰ প্ৰতিভাৰ প্ৰমান দাঙি ধৰিছিল ঝাৰখণ্ডৰ মহিলা ফুটবলাৰগৰাকীয়ে।

সম্ভাৱনাপূৰ্ণ খেলুৱৈগৰাকীৰ স্বপ্ন পূৰণ হোৱাৰ পূৰ্বে দেশত কোভিডৰ সংকট আৰম্ভ হোৱাত সংগীতাৰ জীৱনলৈও অমানিশা নামি আহে। ছিনিয়ৰ দলৰ হৈ বিদেশৰ টুৰ্ণামেন্টত অংশ ল’বলৈ সাজু হোৱাৰ সময়তে দেশত লকডাউন ঘোষণা হয়।

সংগীতাৰ পিতৃ আংশিকভাৱে দৃষ্টিহীন আৰু ককায়েকেও লকডাউনত কাম হেৰুৱাই সম্বলহীন হৈ পৰিছে। এনে অৱস্থাত ঘৰখন চলাবলৈ সংগীতাই মাকৰ সৈতে ধানবাদৰ বাশমুৰি গাঁওৰ ইটাভাটাত মজুৰি কৰিবলৈ লয়।

কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী ৰিজিজুৱে টুইটত লিখিছে, ‘’ফুটবলাৰ সংগীতা ছোৰেনৰ কথা মই শুনিছো। আন্তৰ্জাতিক পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰা ফুটবলাৰগৰাকী অতিমাৰীৰ সময়ত আৰ্থিক অনাটনত ভূগিছে বুলি জানিব পাৰিছো। মোৰ কাৰ্যালয়ৰ পৰা তেওঁৰ সৈতে যোগাযোগ কৰা হৈছে আৰু শীঘ্ৰেই তেওঁৰ কাষলৈ আৰ্থিক সাহায্য গৈ পাব। এজন এথলিটৰ মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰাটোৱেই আমাৰ প্ৰাথমিকতা।‘’

I've been informed about footballer Sangeeta Soren, who has represented India in international competitions, and is in a financial crisis in this pandemic. My office has contacted her & financial help will be extended soon. Ensuring a dignified life for athletes is our priority. https://t.co/ldT0i7GxuX

— Kiren Rijiju (@KirenRijiju) May 23, 2021

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই সংগীতাৰ দুৰাৱস্থাৰ কথা জনাই আৰ্থিক সাহায্যৰ বাবে ঝাড়খণ্ড চৰকাৰক পত্ৰযোগে জনাইছিল। সেই পত্ৰ ভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ সভাপতি প্ৰফুল পেটেলৰ তালৈকো পঠিওৱা হৈছিল। কিন্তু কোনো সঁহাৰি পোৱা নগ’ল।

সংগীতাই অভাৱ-অনাটনৰ মাজতো নিয়মিত অনুশীলন অব্যাহত ৰাখিছে। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী ৰিজিজুৰ সাহায্যত সংগীতা আৰু তেওঁৰ পৰিয়ালে এক নতুন জীৱনৰ বাবে অপেক্ষা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd