NORTHEAST NOW (Assamese)

দীপেন বৰুৱাৰ চিৰসেউজ গীতৰ আমেজ লৈ মন্ত্ৰী কিৰেন ৰিজিজুৰ ভ্ৰমণ; VIDEO

October 17, 2019 12:28 pm · এন ই নাও নিউজ
Updated: October 17, 2019 12:29 pm

কেন্দ্ৰীয় ৰাজ্যিক ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুয়ে অসমৰ বিশিষ্ট গায়ক দ্বিপেন বৰুৱাৰ চিৰসেউজ গীত ‘এইখনি গাঁও বুকুৰ আপোন’ বজাই গাড়ীৰে গৈ থকা ভিডিঅ’ই ফে’চবুকত ব্যাপক সহাঁৰি লাভ কৰিছে।

মন্ত্ৰীজনে ফে’চবুকত আপল’ড কৰা ভিডিঅ’টো বালিপাৰা-ভালুকপুং পথেৰে গৈ থকা অৱস্থাত লোৱা।

ভিডিঅ’টোত তেওঁ গাড়ীত একেলগে অহা এজন সহযাত্ৰীৰ আগত অসমৰ ঘাইপথসমূহৰ অৱস্থা যথেষ্ট উন্নত হোৱা বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীক সৰ্বানন্দ সোণোৱালক প্ৰসংশা কৰে।

‘অসমৰ প্ৰায়ে চব হাইৱে টো ভালেই হৈ গ’ল এতিয়া…চব হাই-ফাই ৰাস্তা’ তেওঁ এনেদৰে কয়। তেওঁ আৰু কয়, ‘সোণোৱাল চাহাব ইমান ভাল কাম কৰি আছে। আৰু ইয়াত অৰুণাচলৰ কেইটা চব ইম্প্ৰোভ হৈ আছে।‘

ৰিজিজুয়ে তেওঁৰ প’ষ্টটোত উত্তৰ-পূবৰ প্ৰতি থকা নৰেন্দ্ৰ মোদীৰ স্বপ্নই অঞ্চলটোক শীৰ্ষমানৰ ৰাস্তা দিছে বুলি কয়। অৱশ্যে মাটীৰ ক্ষতিপূৰণক লৈ একাংশ লোকে সৃষ্টি কৰা অবাঞ্ছনীয় কাৰকৰ বাবে কিছুমান অঞ্চলত পথৰ কাম স্থগিত আছে বুলিও তেওঁ লগতে কয়।

কেন্দ্ৰীয় মন্ত্ৰীজনৰ উক্ত ভিডিঅ’ বৰ্তমানলৈকে ৫০০ৰো অধিক শ্বেয়াৰ হৈছে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ভিডিঅ’টোক নিজৰ পে’জত শ্বেয়াৰ কৰিছে।

ফে’চবুক পে’জৰ প’ষ্টত সৰ্বানন্দ সোণোৱালে এইদৰে কয়, ‘চিৰসেউজ অসমীয়া গীতৰ আমেজ লৈ সেউজী গাঁৱৰ মাজেৰে বন্ধু কিৰেণ ৰিজিজু’।

আনহাতে বহুতেই ৰিজিজুৰ উক্ত প’ষ্টটোৰ কমেন্তত তেওঁক সমালোচনাও কৰিছে। তেওঁলোকে ৰিজিজুক অসম তথা উত্তৰ-পূবৰ জৰাজীৰ্ণ অৱস্থাত থকা আন বাট-পথ সমূহ এইদৰে ভ্ৰমণ কৰিবলৈ আহ্বান জনায়।

Related News