কিৰেণ ৰিজিজুৰ মন্তব্য সঁচা নে মিছা? কিয় স্পষ্টীকৰণ দিবলৈ সাহস নহ’ল অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক উভতি ধৰিছে অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই।

নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে গোৱালপাৰা জিলাৰ দুধনৈত এক সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, “কংগ্ৰেছে ৬০ বছৰত কৰিব নোৱৰা কামবোৰ বিজেপিয়ে ৬০ মাহত কৰি দিব বুলি বিজেপিয়ে কৈ আহিছিল। গতিকে যোৱা সময়ছোৱাত বিজেপিয়ে অসমৰ কোনখিনি কাম কৰিলে তাৰ এক খতিয়ান দিব বুলি আমি বিৰোধী দল হিচাপে আশা কৰি আছিলো। কিন্তু আজিৰ সংবাদমেলত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে সেইবোৰ একোৱেই উল্লেখ নকৰিলে।’’

সভাপতি বৰাই আৰু কয় যে কিৰেন ৰিজিজুৱে চাকমা-হাজং শৰণাৰ্থী সন্দৰ্ভত কৰা মন্তব্যক লৈ অসমৰ জনসাধাৰণ চিন্তিত হৈ আছে যদিও গৃহমন্ত্ৰীগৰাকীয়ে এই বিষয়েও একো নক’লে। ‘কেন্দ্রীয় মন্ত্রী ৰিজিজুৱে কৈছিল যে অৰুণাচল প্রদেশত থকা ৫ লাখ চাকমা-হাজং শৰণাৰ্থীক অসমত সংস্থাপন কৰিবৰ বাবে অমিত শ্বাহ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীক নির্দেশ দিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে সেইকথাটো মানি লৈছে। আজি গৃহমন্ত্রী ডাঙৰীয়াই কিৰেন ৰিজিজু সঁচা নে মিছা সেই লৈ স্পষ্টীকৰণ দিবলৈ সাহস নকৰিলে। অর্থাৎ তেখেতৰ সতীর্থ কেন্দ্ৰীয় মন্ত্রী কিৰেন ৰিজিজুৱে যে অসমক ৫ লাখ শৰণাৰ্থী জাঁপি দিবলৈ ষড়যন্ত্ৰ কৰিছে সেইটো যে সত্য কথা সেয়া গৃহমন্ত্রী ডাঙৰীয়াই দুদিনীয়া অসম ভ্রমণত এই লৈ একো মন্তব্য নকৰাটোৱে প্রতীয়মান কৰি তুলিছে।

লগতে বৰাই কয়, “অসমলৈ আগতে আহোতে প্রত্যকবাৰেই গৃহমন্ত্ৰীয়ে কৈ গৈছিল যে অসম নিয়োগ সৃষ্টিকাৰী এক নম্বৰ ৰাজ্য হ’ব, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰাহ’ব, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব আৰু বিদেশী চিনাক্ত কৰি বিদেশী বহিষ্কাৰ কৰা হ’ব।” কিন্তু আজিৰ সংবাদমেলত সেইবোৰ কথা পাহৰি পুৰণি ভিডিঅ’ বজাই বজাইহে সময় অতিবাহিত কৰিলে বুলিও সভাপতি ভূপেন বৰাই কটাক্ষ কৰে।

যিটো সময়ত উজনি অসমৰ ৫খন জিলাত আফস্পা বলবৎ হৈ আছে তেনে ক্ষেত্রত অসমলৈ স্থায়ী শান্তি ঘূৰি আহিছে বুলি অমিত শ্বাহ আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কেনেকৈ দাবী কৰিব পাৰিলে বুলিও তেওঁ প্রশ্ন কৰে।

গণতান্ত্রিকভাৱে নির্বাচিত মধ্যপ্রদেশ, গোৱা, মহাৰাষ্ট্ৰৰ চৰকাৰ ভাঙি দিয়া বিজেপি আৰু গৃহমন্ত্রী অমিত শ্বাহে গণতন্ত্রক প্রসংগক লৈ কংগ্রেছক সমালোচনা কৰাৰ অধিকাৰ নাই বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

৪০০ পাৰ আৰু উজনি অসমত ৫-০ বুলি কৈ অহাক লৈয়ো সভাপতি বৰাই অমিত শ্বাহ আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক উভতি ধৰে। তেওঁ কয়, “যদি উজনি অসমত বিজেপিৰ মতে ৫-০ স্ক’ৰ হৈছেই তেন্তে গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈ জিকিলে মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ কৰিব বুলি ঘোষণা কৰিবলৈকো মই মুখ্যমন্ত্রীক প্রত্যাহ্বান জনাইছিলো। কিন্তু নোৱাৰিলে। যদি বিজেপি ৪০০ পাৰ হয়েই আৰু উজনিত ৫-০ হয়েই তেন্তে কিয় মুখ্যমন্ত্রীয়ে ক’ব তেনেকৈ ক’বলৈ সাহস কৰা নাই?”

৪০০ আসনক লৈ বিজেপি যদি ইমানেই আত্মবিশ্বাসী তেন্তে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ৪০০ আসন লাভ কৰাৰ পিছত গ্ৰেপ্তাৰ নকৰি নিৰ্বাচনৰ আগতে কিয় গ্ৰেপ্তাৰ কৰিবলগীয়া হ’ল বুলিও প্রশ্ন কৰে বৰাই।

বৰাক উপত্যকাত বিজেপি বিধায়কে বিজেপিক ভোট নিদিলে মানুহৰ ঘৰ ভাঙি দিব বুলি ভাবুকি দিয়া আৰু মৰিগাঁৱত বিধায়কে বিজেপিক ভোট নিদিলে কাণ কাটি দিব বুলি ধমকি দিয়া কথাটো অমিত শ্বাহৰ কাণত পৰিছে নে নাই বুলিও প্রশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই।

অমিত শ্বাহে আজি বা কালি কি কৈছে সেয়া অসমৰ মানুহৰ বাবে গুৰুত্বপূৰ্ণ নহয় বুলিও কয় বৰাই। কিন্তু ২০১৪ৰ নিৰ্বাচনৰ সময়ত, ২০১৯ৰ সময়ত, ২০১৬ আৰু ২০২১ৰ বিধানসভা নিৰ্বাচনৰ সময়ত অমিত শ্বাহে অসমলৈ আহি বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিব বুলি কৰা ঘোষণাৰ আজিৰ তাৰিখত কি হ’ল সেয়াহে অসমৰ মানুহৰ বাবে গুৰুত্বপূৰ্ণ বুলিও মন্তব্য কৰে বৰাই।