কংগ্ৰেছৰ ১০টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণাৰ পাছত গুৱাহাটীত চৰ্চালৈ আহিছে কিৰিপ চলিহাৰ নাম

18-02-19-Guwahati-Kirip-Chaliha-press-meet-2-750x375

কিৰিপ চলিহা। ফাইল ফটো

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে অসমত কংগ্ৰেছে ৫টা সমষ্টিৰ প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ পাছত সোমবাৰে নিশা আন ৫টা গুৰুত্বপূৰ্ণ সমষ্টিৰ বাবেও প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে।

দ্বিতীয় পৰ্যায়ত প্ৰকাশ কৰা তালিকাত অন্তৰ্ভুক্ত সমষ্টি কেইটা হ’ল নগাঁও, মঙলদৈ, লখিমপুৰ, তেজপুৰ আৰু ডিফু। সেইদৰে নগাঁৱত প্ৰদ্যুৎ বৰদলৈ, মঙলদৈত ভুৱনেশ্বৰ কলিতা, লখিমপুৰত অনিল বৰগোঁহাই, তেজপুৰত এম জি কে ভানু আৰু ডিফুত বীৰেন সিং ইংতিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

আনহাতে, যোৱা ১৫ তাৰিখে কংগ্ৰেছে অসমৰ ৫টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল। প্ৰথমখন তালিকাত কৰিমগঞ্জত স্বৰূপ দাস, শিলচৰত সুস্মিতা দেব, কলিয়াবৰত গৌৰব গগৈ, যোৰহাটত সুশান্ত বৰগোঁহাই আৰু ডিব্ৰুগড়ত পৱন সিং ঘাটোৱাৰক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে।

সোমবাৰে প্ৰকাশ কৰা কংগ্ৰেছৰ পঞ্চমখন তালিকাত অসমৰ ৫টা লোকসভা সমষ্টিকে ধৰি দেশৰ সৰ্বমুঠ ৫৬টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাইছে।

অসমৰ আৰু চাৰিটা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিবলৈ বাকী থকা কংগ্ৰেছৰ বাবে গুৱাহাটী সমষ্টিত প্ৰাৰ্থী নিৰ্বাচনকলৈ জটিলতা আঁতৰ হোৱা নাই। শেহতীয়াকৈ দলৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে গুৱাহাটীৰ বাবে প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ নাম চৰ্চালৈ আহিছে।

কংগ্ৰেছে এজন উপযুক্ত প্ৰাৰ্থীৰ সন্ধানত বহু চেষ্টা চলোৱাৰ পাছতো প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ সক্ষম নোহোৱাত দলৰ শীৰ্ষ নেতৃত্বই চলিহাৰ নামটো বিবেচনা কৰা বুলি জানিব পৰা গৈছে। গুৱাহাটী লোকসভা সমষ্টিত যথেষ্ট ভিত্তি থকা কিৰিপ চলিহাকে অৱশেষত প্ৰাৰ্থিত্ব দিয়াৰ বাবে দলৰ একাংশ নেতাই মত আগবঢ়োৱা বুলি দলীয় এক সূত্ৰই জনিবলৈ দিয়ে।

বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ বিপৰীতে কিৰিপ চলিহাৰ প্ৰতিদ্বন্দ্বিতা বৰ বেছি কঠিন নহ’ব বুলি উল্লেখ কৰি কংগ্ৰেছৰ এক সূত্ৰই লগতে চলিহাই পূৰ্বতেও বিজেপিৰ ভূপেন হাজৰিকাৰ দৰে জনপ্ৰিয় নেতাক পৰাজিত কৰি নিৰ্বাচিত হোৱাৰ কথা উনুকিয়াই দিয়ে।

ইপিনে, কিৰিপ চলিহাৰ প্ৰাৰ্থিত্বক লৈ দলৰ সভাপতি ৰিপুন বৰা আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মাজত কোনোধৰণৰ বিৰোধ নাই বুলি জানিব দি সূত্ৰটোৱে শেষ মুহূৰ্তত চলিহাই প্ৰাৰ্থিত্ব লাভ কৰাত আচৰিত হ’বলগীয়া নাই বুলি স্পষ্ট কৰি দিয়ে।