• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰোৰে ওপৰত কাৰো নাই ভৰসা! : কৃষক মুক্তিৰ নেতৃত্বত পৃথকে হ’ব নতুন ৰাজনৈতিক দল

অখিল গগৈ হ’ব নতুন দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী;

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 22, 2020 4:35 pm
Akhil Gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনো জাতীয় সংগঠনৰ কাৰোৰে ওপৰত যেন ভৰসা নাইকিয়া হৈছে। বিজেপিক উৎখাত কৰাৰ লক্ষ্য আৰু উদ্দেশ্য একে হ’লেও এতিয়া যেন নতুন নতুন ৰাজনৈতিক দল গঠনৰ প্ৰতিযোগিতাত নামিছে একাংশ জাতীয় দল-সংগঠন।

শনিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এক নতুন ৰাজনৈতিক দল গঠন কৰাৰ কথা ঘোষণা কৰে সংগঠনটোৰ সভাপতি ভাস্ক’ ডি শইকীয়াই।

কিছু দিন পূৰ্বলৈকে কৃষক মুক্তি সংগ্ৰাম সমিতি, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদকে ধৰি ৭০ সংগঠনৰ নেতৃত্বত এটা ৰাজনৈতিক দল গঠন কৰিব বুলি চৰ্চা লাভ কৰিছিল তেনে সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিজাববীয়াকৈ ৰাজনৈতিক দল গঠন কৰিব বুলি কৰা ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে।

৭০ সংগঠনৰ নেতৃত্বত সকলো সমভাৱাসম্পন্ন চিন্তাধাৰাৰ জাতীয় দল সংগঠনৰ সমৰ্থনত অখিল গগৈক হাইকামাণ্ড হিচাপে লৈ ৰাজনৈতিক দল গঠনৰ চৰ্চা চলি থকাৰ সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিজাববীয়াকৈ ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৭০ সংগঠনৰ অন্যতম নেতৃত্ব তথা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে কয় ‘কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন ৰাজনৈতিক দলৰ প্ৰতি অভিনন্দন আছে। আশা ৰাখিছো জাতীয় জনগোষ্ঠীয় আঞ্চলিকতাবাদী প্ৰগতিশীল চিন্তা কৰা সকলো ৰাজনৈতিক দল সংগঠনে আৰু অসমৰ জনসাধাৰণে এই দলটোক সমৰ্থন জনাব। আমি বাৰম্বাৰ পূৰ্বতে স্পষ্ট কৰি দিছো যে অখিল গগৈৰ নেতৃত্বত বিভিন্ন জাতীয় জনগোষ্ঠীয় সমভাৱাসম্পন্ন সংগঠনৰ সহযোগত এটি ৰাজনৈতিক দল গঠিত হ’ব। কৃষখ মুক্তি সংগ্ৰাম সমিতিয়ে যি সিদ্ধান্ত লৈছে সেয়া তেওঁলোকৰ নিজাববীয়া সিদ্ধান্ত।‘

ইপিনে, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বতো এক ৰাজনৈতিক দল গঠন কৰাৰ ইতিমধ্যে কুচ-কাৱাজ আৰম্ভ হৈছে।

তেনেক্ষেত্ৰত জাতীয়তাবাদী ভাৱাসম্পন্ন জনসাধাৰণে বিজেপিৰ বিকল্প বিচাৰিলেও যেন এতিয়া বিবুধিত পৰিছে। কাক ভোট দিব তেওঁলোকে? এইক্ষেত্ৰত নিশ্চয়কৈ ভোট বিভাজনৰ আশংকা নথকা নহয়।

এই চৰ্চা চলি থকাৰ মাজতে এক সংবাদমেল সম্বোধন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক’ ডি শইকীয়াৰ ঘোষণা ‘‘আমি কৃষক মুক্তি সংগ্রাম সমিতিয়ে এটা নতুন ৰাজনৈতিক দল গঠন কৰিবলৈ সাজু হৈছো।এটা নতুন নামেৰে আমি আৰম্ভ কৰিম। পূৰ্বৰ ‘গণ মুক্তি সংগ্ৰাম অসম’ নামটো নাথাকিব।‘

ইপিনে, এইটো আঞ্চলিক ৰাজনৈতিক দল হ’ব বুলি মন্তব্য কৰি শইকীয়াই কয় ‘সকলো প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। এই আঞ্চলিক দলটোৱে সকলো জাতি-জনগোষ্ঠী, ধৰ্ম-বৰ্ণ-ভাষাৰ ৰাইজক সামৰি ল’ব।‘

শইকীয়াৰ দাবী ‘এই ৰাজনৈতিক দলটো আপোচবিহীন আঞ্চলিক দল হ’ব। দল গঠনৰ সকলো ধৰণৰ বৌদ্ধিক কাম-কাজ সমাপন কৰা হৈছে।‘

আনহাতে, দলৰ সংবিধান আৰু কৰ্মসূচী প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি সদৰী কৰি শইকীয়াৰ দাবী ‘কৰ্মসূচীখনৰ নাম হ’ব অসমবাসীৰ জাতীয় কৰ্মসূচী। সেইখনক আমি আধুনিক অসমীয়া জাতিৰ বুনিয়াদী দলিল বুলি ভাবিছো।‘

ইপিনে, দলৰ সংবিধান আৰু কৰ্মসূচী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু জিলা সমিতিৰ সভাপতিসকলৰ মতামতৰ বাবে প্ৰেৰণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

ইপিনে, ৰাষ্ট্ৰীয়তাবাদী শক্তি কংগ্ৰেছ আৰু এআইয়ুডিএফৰ লগত কোনোধৰণৰ মিত্ৰতা নকৰে বুলি আওপকীয়াকৈ সদৰী কৰি শইকীয়াই কয় ‘হিন্দু নাইবা মুছলমান সাম্প্ৰদায়িক শক্তিৰ লগত কোনোধৰণৰ মিত্ৰতা কৰা নহয় লগতে ৰাষ্ট্ৰীয়তাবাদী দলৰ লগতো কোনোধৰণৰ মিত্ৰতা কৰা নহ’ব।‘

‘আমি ঐক্যৱদ্ধ আঞ্চলিক ৰাজনৈতিক শক্তি বিচাৰো। অসমৰ সকলোবোৰ আঞ্চলিক শক্তি একত্ৰিত হওক। আমি আছুৰ লগতে ৭০ সংগঠনৰ নেতৃত্বৰ সৈতে পৰৱৰ্তী সময়ত আলোচনাত মিলিত হ’ম। সকলো ধৰণৰ সাম্প্ৰদায়িক মুছলমানৰ সাম্প্ৰদায়িকতাই হওক, হিন্দু সাম্প্ৰদায়িকতাই হওক, শক্তিৰ বিৰুদ্ধে ঐক্যৱদ্ধ আঞ্চলিক দল গঢ়ি তোলা হ’ব।‘ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ভাস্ক’ ডি শইকীয়াই এইদৰে কয়।

অহা অক্টোবৰ মাহৰ শেষৰ ফালে এই ৰাজনৈতিক দলটোৱে আত্মপ্ৰকাশ কৰিব বুলি সদৰী কৰি শইকীয়াই লগতে কয় ‘ইতিমধ্যে অক্টোবৰ মাহৰ শেষৰ ফালে অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি দৃঢ় বিশ্বাস আছে। গতিকে এই ৰাজনৈতিক দলৰ প্ৰক্ষেপিত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী অখিল গগৈ হ’ব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 18, 2025 5:55 pm
পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

August 18, 2025 4:57 pm
মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 18, 2025 5:55 pm
পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

August 18, 2025 4:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd