• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৃহৎ নদী বান্ধবিৰোধী আন্দোলন কিদৰে চলিব? অখিল গগৈ, পলাশ চাংমাইৰ ভাষ্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 16, 2019 6:39 pm
roha toll gate akhil- palash KMSS, AJYCP react to NHPC resuming Lower Subansiri project

ৰহাত টল গে’টৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত পলাশ চাংমাই আৰু অখিল গগৈ। ফাইল ছবি।

2.3k
VIEWS
Share on FacebookShare on Twitter

এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰাৰ লগে লগে অসমৰ বৃহৎ নদী বান্ধবিৰোধী আন্দোলনৰ দুই নেতা অখিল গগৈ আৰু পলাশ চাংমায়ে বুধবাৰে নৰ্থইষ্ট নাওত ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া কৰিছে।

বাতৰিটোৰ শেষলৈ বান্ধবিৰোধী কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা দুজনৰ ভাষ্য অসম্পাদিত ৰূপত আগবঢ়োৱা হৈছে।

যোৱা ১৩ জুনত ভাৰত চৰকাৰে ২০১১ চনৰ পৰা নিৰ্মাণ বন্ধ হৈ থকা বান্ধটোৰ কাম আৰম্ভ কৰিবলৈ এন এইচ পি চিক নিৰ্দেশ দিছিল।

“নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত যিমান সোনকালে পাৰি উৎপাদন কৰিব লাগে। এইটোত উৎপাদনৰ কাম আৰম্ভ কৰিব পাৰিলে উত্তৰ-পূবৰ বাকী বৃহৎ বান্ধসমূহ নিৰ্মাণৰ দুৱাৰ মুকলি হ’ব,” পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে দিয়া পত্ৰৰ উদ্ধৃতি।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণেও বান্ধটো সন্দৰ্ভত গঠিত বিশেষজ্ঞ সমিতিক লৈ আপত্তি দৰ্শাই প্ৰাক্তন আছু নেতা তথা অগপ নেতা তুলাৰাম গগৈ আৰু এ পি ডব্লিউৰ অভিজিত শৰ্মাই দাখিল কৰা আবেদন খাৰিজ কৰিছিল। আৰু বান্ধটো নিৰ্মাণৰ সেউজ সংকেত প্ৰদান কৰিছিল।

ন্যায়াধিকৰণৰ ৰায়ত অসন্তুষ্ট দুই আবেদনকাৰী গগৈ আৰু শৰ্মাই ইতিমধ্যে ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত ৰাজহুৱা কৰিছে।

নিৰ্মাণকাৰী ৰাজহুৱা সংস্থা এন এইচ পি চি আৰু অসম চৰকাৰ ২০০০ মেগাৱট ক্ষমতাসম্পন্ন বান্ধটো ৰূপায়ণৰ বাবে ২৩ আগষ্টত গুৱাহাটীত “সন্মতিৰ চুক্তি” (Memorandum of Agreement)ত আবদ্ধ হৈছে।

এন এইচ পি চিয়ে কৈছে যে, বহুকেইখন সমিতিৰ পৰামৰ্শ অনুসৰি “সকলো কাৰিকৰী সংশয়ৰ উপশম ঘটোৱা হৈছে আৰু আইনী বাধা আঁতৰ হৈছে”।

বৃহৎ নদীবান্ধবিৰোধীসকলৰ আশংকাৰ বিপৰীতে এন এইচ পি চিয়ে “বান” আৰু “গৰাখহনীয়া” ৰোধৰ বাবে সোৱণশিৰিৰ নামনিত “সুৰক্ষামূলক কাম” হাতত লোৱা বুলি সদৰী কৰিছে।

এই এইচ পি চিৰ প্ৰবোধৰ বিপৰীতে সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অসমৰ বান্ধবিৰোধী দল-সংগঠনসমূহে এতিয়াও নদীবান্ধটো নিৰ্মাণৰ বিৰুদ্ধে অৱস্থান লৈ আহিছে।

আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনে জলবিদ্যুৎ প্ৰকল্পটোৰ কাম পুনৰ আৰম্ভ কৰা সন্দৰ্ভত যোৱা ১৩ ছেপ্তেম্বৰত গুৱাহাটীত এক বৈঠকত আলোচনা কৰিছে বুলি বাতৰিত প্ৰকাশ।

“বিজ্ঞানসন্মত অধ্যয়ন” নোহোৱালৈকে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সংগঠনকেইটাৰ মত।

“নামনিত বসবাস কৰা লোকৰ জীৱন সুৰক্ষিত হ’ব লাগিব। বিজ্ঞানসন্মত অধ্যয়ন অবিহনে বৃহৎ নদী বান্ধ অসম্ভৱ,” নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই বৈঠকৰ পিছত সংবাদ মাধ্যমক জনাইছিল।

 

অখিল গগৈ:

“এই কথা কেতিয়াও মানি ল’ব নোৱাৰো। এইটো ৰূপত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম হোৱাটো অসমৰ কোনো মানুহে মানি ল’ব নোৱাৰে। অতি স্পষ্ট কথা এই জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰা হওক। যদিহে এন এইচ পি চিয়ে ইয়াৰ নিৰ্মাণৰ কাম বন্ধ নকৰে, তেন্তে জোৰ কৰি হ’লেও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰি দিবলৈ বাধ্য হ’ম। এই প্ৰকল্পটো ভূমিকম্প (প্ৰৱণ) এলেকাত স্থাপন কৰিব খোজা হৈছে, গতিকে যিকোনো মুহূৰ্তত ভাগি পৰিব বুলি বিশেষজ্ঞ কমিটিয়ে প্ৰতিবেদন দিছিল। বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনৰ পাছতো এই প্ৰকল্প ভাঙি নপৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। বৰঞ্চ অসমৰ ৰাইজক আভুৱা ভাঁৰি এন এইচ পি চিয়ে একে ৰূপ আৰু আৰ্হিৰে এই প্ৰকল্পৰ কাম পুনৰবাৰ আৰম্ভ কৰিব বিচাৰিছে। অসমীয়া জাতিৰ নিৰাপত্তা আৰু আৱেগক লৈ যাতে এন এইচ পি চিয়ে খেলা নকৰে। এই কাম সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ বাবে দাবী জনাইছো। এন এইচ পি চিৰ জি এম ডিক সকীয়াই দিছো তেওঁ যদি ভাবিছে অসমীয়া জাতি দুৰ্বল হৈছে, তেন্তে তেওঁ মূৰ্খৰ স্বৰ্গত বসবাস কৰিছে। এন এইচ পি চিক অসমত নিষিদ্ধ ঘোষণা কৰিব।”

 

পলাশ চাংমাই:

“কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে ২০১৪ চনত এন এইচ পি চি, কেন্দ্ৰীয় চৰকাৰ আৰু জাতীয় দলৰ ত্ৰি-পাক্ষিক বৈঠকৰ সিদ্ধান্ত তচনচ কৰি কালি যিদৰে এন এইচ পি চিয়ে প্ৰকল্পৰ কাম আৰম্ভ কৰিব বুলি ক’লে সেই কথাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছো। ২০০০ মেগাৱাটৰ বিদ্যুৎ উৎপাদন হ’লে আমি কেৱল ১.২৫ শতাংশ অৰ্থ্যাৎ ২৫ মেগাৱাট বিদ্যুতহে বিনামূলীয়াকৈ পাম। কিন্তু এই বৃহৎ নদীবান্ধ নিৰ্মাণৰ পাছত ধেমাজি, লখিমপুৰ, মাজুলী, কাজিৰঙাৰ যি ব্যাপক ৰূপত ক্ষতিসাধন হ’ব সেয়া ২৫ মেগাৱাট বিদ্যুতে পূৰণ কৰিব নোৱাৰে। নামনি অংশত বসবাস কৰা লোকসকলক লৈ যিধৰণে অধ্যয়ন হ’ব লাগিছিল সেই অধ্যয়ন আজিলৈকে হোৱা নাই। বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে প্ৰতি চেকেণ্ডত ৩৬০০ কিউবিক মিটাৰ পানী তললৈ নামি আহিব। সেই পানীয়ে বিস্তীৰ্ণ অঞ্চল বোৱাই পেলাব। তদুপৰি নামনি অংশত বসবাস কৰা লোকসকলো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা ব্যাপক ক্ষতিগ্ৰস্ত হ’ব। ৰঙানদী জলবিদ্যুৎ প্ৰকল্প আৰু দৈয়াং জলবিদ্যুৎ প্ৰকল্প কম মেগাৱাটৰ হোৱা সত্ত্বেও পানী এৰি দিয়াৰ পাছত বিস্তীৰ্ণ অঞ্চল বানপানীয়ে বুৰাই পেলাইছিল। ২০০০ মেগাৱাটৰ এটা জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ পাছত নামনি অংশৰ কি অৱস্থা হ’ব সেয়া সহজে অনুমেয়। কাইলৈৰ পৰা লখিমপুৰ, ধেমাজি, বিশ্বনাথ অঞ্চলত প্ৰকল্প নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াই অনা গাড়ী জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৱৰোধ কৰিব।”

Recent News

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

যুদ্ধ বৰ নিৰ্দয়! ইজৰাইলৰ আক্ৰমণত নিহত যুৱ কবি পাৰ্নিয়া আব্বাছি, শোকস্তব্ধ ইৰাণ

যুদ্ধ বৰ নিৰ্দয়! ইজৰাইলৰ আক্ৰমণত নিহত যুৱ কবি পাৰ্নিয়া আব্বাছি, শোকস্তব্ধ ইৰাণ

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

১৯৪১ চনৰ সৈতে হুবহু মিলি গৈছে ২০২৫ চনৰ কেলেণ্ডাৰখন; জানি লওক ইয়াৰ ৰহস্য

১৯৪১ চনৰ সৈতে হুবহু মিলি গৈছে ২০২৫ চনৰ কেলেণ্ডাৰখন; জানি লওক ইয়াৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd