দিল্লীত কৃষকৰ জয়ৰ পাছত অসমীয়াক ‘কা’ ৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’বলৈ আহ্বান KMSS ৰ

দিল্লীত প্ৰায় এবছৰ যোৰা ৩ খন বিতৰ্কিত কৃষি আইন বিৰোধী আন্দোলনৰ পাছতে যেন পুনৰ সম্বিত ঘূৰাই পাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

সেয়েহে সকলো অসমীয়াক শিক্ষা লৈ বিতৰ্কিত তথা জাতিধ্বংসী কা ৰ বিৰুদ্ধে বৃহৎ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি দেৱেন শৰ্মাই কয় ‘জনতা যদি ঐক্যবদ্ধ থাকে চৰকাৰৰ যিকোনো সিদ্ধান্ত ওফৰাই দিবলৈ বাধ্য হয়। যদি কা বিৰোধী আন্দোলন ৰাজপথৰ পৰা খেলপথাৰলৈ নিনিয়া হেঁতেন, অসমীয়া জনতাক হতাশ কৰা কাৰ্য্য নকৰাহেঁতেন চৰকাৰ কা বাতিল কৰিবলৈ বাধ্য হ’লহেঁতেন।‘

‘কৃষকৰ আন্দোলনৰ পৰা শিক্ষা লৈ অসমীয়া ভাইসকল ওলাই আহক, যি অসমক ভাল পায় বা যি অসমীয়া জাতিক, ভাষা-সংস্কৃতিক ভাল পায়, সকলোৱে মিলি ব্যাপক কা বিৰোধী আন্দোলন গঢ়ি তোলো, যাতে অসমৰ পৰা কা বাতিল কৰিবলৈ চৰকাৰ বাধ্য হয়।‘ অসমবাসী ৰাইজলৈ আহ্বান জনাই শৰ্মাই এইদৰে কয়।

ইপিনে, উক্ত সংবাদমেলত উপস্থিত থাকি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয় ‘সমগ্ৰ অসম তথা দেশজুৰি কা বিৰোধী আন্দোলন গঢ় লৈ উঠিছিল। কিন্তু শাসকীয় পক্ষই থকা-সৰকা কৰি গৃহীত হোৱা এখন আইন বাতিল কৰিব নোৱাৰি বুলি কৈছিল। কিন্তু আজিৰ দিনটোৰ পৰা এই কথা কেতিয়াও মানি লোৱা নহ’ব।‘

সমগ্ৰ জাতীয় দল সংগঠনলৈ আহ্বান জনাই কলিতাই কয় ‘ক’লা আইন ‘কা বাতিল কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। কৃষকসকলৰ পৰা শিকিব লাগিব অসমীয়াই।‘

তেওঁ আৰু কয় ‘কৃষক সংগঠনসমূহৰ আদৰ্শ ভিন্ন আছিল যদিও সামূহিক স্বাৰ্থৰ বাবে সকলোৱে একেখন মঞ্চতে থিয় হৈ কৃষি আইনৰ বিৰোধিতা কৰিছিল। যাৰ সু ফল প্ৰায় ১ বছৰ ৩মাহৰ পাছত লাভ কৰিবলৈ সক্ষম হৈছিল। সেয়েহে কৃষক সংগঠনৰ পৰা শিক্ষা লৈ সকলো দল-সংগঠন একত্ৰিত হৈ কা ৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লাগে।‘