অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ মুক্তিৰ দাবীত কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ ৰাজ্যজোৰা মানৱ শৃংখল

কাৰাগাৰত অখিল গগৈৰ ৬ মাহ সম্পূৰ্ণ

Akhil Bitu Dhajya

অখিল গগৈ সহ চাৰিজন কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ নেতাৰ কাৰাবন্দীত্বৰ আজি ৬ মাহ সম্পূৰ্ন হ’ল।

আজি সুদীৰ্ঘ ৬ টা মাহৰ পিছতো অখিল গগৈসহ বাকী নেতাসকলক চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি থোৱাৰ বিৰুদ্ধে তথা তেওঁলোকৰ মুক্তিৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ইয়াৰ আটাইকেইটা গণ সংগঠন নাৰী মুক্তি, ছাত্ৰ মুক্তি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিত ৰাজ্যজুৰি মানৱ শৃংখলৰ জৰিয়তে শাৰীৰিক ব্যৱধান বৰ্তাই ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ অসমজুৰি উত্তাল প্ৰতিবাদ হৈ থকাৰ সময়তে ২০১৯ চনৰ ১২ ডিচেম্বৰ তাৰিখে অখিল গগৈ আৰু ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰক আৰক্ষীয়ে যোৰহাটৰ পৰা আটক কৰে।

তাৰ পিছদিনা অর্থাৎ ১৩ ডিচেম্বৰত কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱালক গুৱাহাটীৰ পৰা চান্দমাৰীৰ আৰক্ষীয়ে আটক কৰিছিল।পিছত চান্দনাৰী থানাৰ ২০০৯ চনৰ এটা গোচৰ তেওঁলোকৰ ওপৰত জাপি দি গোচৰটো ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIAলৈ হস্তান্তৰ কৰে।

ইয়াৰোপৰি অখিল গগৈৰ ওপৰত অসমৰ আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ এটা গোচৰৰ উপৰিও উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড়, চাবুৱাকে ধৰি কেইবাখনো থানাৰ কা আন্দোলনৰ সময়ত ৰুজু হোৱা গোচৰ অখিল গগৈৰ ওপৰত জাপি দিয়ে।

আজি এক প্ৰেছ বিবৃত্তি জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, ভাস্ক’ ডি শইকীয়া আৰু সম্পাদক মুকুট ডেকাই কয় যে অখিল গগৈৰ ওপৰত বিজেপি চৰকাৰখনে সম্পূৰ্ণ আক্ৰোশমূলক আৰু ষড়যন্ত্ৰমূলকভাবে বিভিন্ন গোচৰ জাপি দি তেওঁক দীৰ্ঘদিন কাৰাবন্দী কৰি ৰখাৰ ষড়যন্ত্ৰ কৰিছে যিটো সম্পূৰ্ণৰূপে স্বেচ্ছাচাৰী, অগণতান্ত্ৰীক লগতে অমানৱীয়।

ক’ৰ’না মহামাৰীৰ এই দুৰ্যোগৰ সময়তো চৰকাৰখনে অখিল গগৈৰ ওপৰত অত্যাচাৰ কৰিবলৈ এৰা নাই বুলি অভিযোগ কৰিছে সংগঠনটোৰ নেতৃত্বই।

যিসময়ত ভাৰতৰ উচ্চতম ন্যায়ালয়ে কাৰাগাৰত থকা বন্দীসকলক যিমানপাৰে সিমান মুকলি কৰি দি কাৰাগাৰত কয়দীৰ সংখ্যা কমাবলৈ নিৰ্দেশ দিছে। সেইটো সময়ত অসমৰ বিজেপি চৰকাৰখনে অখিল গগৈৰ ওপৰত নতুন নতুন গোচৰ জাপি দি তেওঁক এখন জেইলৰ পৰা আন এখন জেইললৈকে অমানৱীয়ভাবে ঘূৰাই ফুৰাইছে।

বিজেপি চৰকাৰ খনে সম্পূৰ্ণভাৱে গণতান্ত্ৰিক চৰিত্ৰ হেৰুৱাই পেলাইছে আৰু গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰিবলৈ উঠিপৰি লাগিছে বুলিও অভিযোগ কৰিছে সংগঠনটোৱে।

তেওঁলোকে অতিশীঘ্ৰে অখিল গগৈ , ধৈৰ্য কোঁৱৰ , বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ মুক্তি দিবলৈ দাবী জনায়।

আজি কৃষক মুক্তি আৰু আটাইকেইটা গণ সংগঠনে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউৰ সাপেখাতি, শিৱসাগৰৰ নগৰ, যোৰহাটৰ চেলেংহাট, গোলাঘাট নগৰ আৰু সৰুপথাৰৰ হাতে বেনাৰ পোষ্টাৰ লৈ মানৱ শৃংখল গঢ়ি তুলি অখিল গগৈসহ সকলো কা বিৰোধী কাৰাবন্দীৰ মুক্তি দাবী কৰে।

ইয়াৰোপৰিও ধেমাজি নগৰত, বৰপেটাৰ কলগাছিয়াত, কামৰূপৰ মিৰ্জাত, গোৱালপাৰাত, ধুবুৰীৰ বিলাসীপাৰাত, নগাঁওৰ কামপুৰত সভাপতি ৰাজু বৰাৰ উপস্থিতিত প্ৰতিবাদকাৰীসকলে মানৱ শৃংখলৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে আজি শান্তিপূৰ্ণভাৱে মানৱ শৃংখল গঢ়ি তুলিবলৈ যাওঁতে কামৰূপৰ মিৰ্জাত কৃষক মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি অনিল বড়ো, ছাত্র মুক্তিৰ সাংগঠনিক সম্পাদক ৰাহুল চৌধাৰীসহ ১৩ জন প্ৰতিবাদীকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ইপিনে শিৱসাগৰতো ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুমণি কোঁৱৰসহ পাঁচজন সদস্যক আটক কৰে।

আজিৰ কাৰ্যসূচীত আৰক্ষীয়ে আটক কৰা সংগঠনৰ নেতৃত্বক অতিশীঘ্ৰে মুকলি কৰি দিবলৈ সংগঠনটোৱে দাবী জনায়।