NIA ই পুনৰ গ্ৰেপ্তাৰ কৰিব নেকি অখিলক? গ্ৰেপ্তাৰৰ প্ৰস্তুতি চলাইছে তদন্তকাৰী সংস্থা NIAএ

NIA ৰ আদালতত অখিলক গ্ৰেপ্তাৰৰ বাবে আবেদন তদন্তকাৰী সংস্থাটোৰ।

পুনৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA ই অখিল গগৈক গ্ৰেপ্তাৰৰ বাবে চলাইছে প্ৰস্তুতি।

অখিল গগৈৰ বিৰুদ্ধে পুনৰ নতুন গোচৰ জাপি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(NIA)ই গ্ৰেপ্তাৰৰ প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।

‘কেব’ বা ‘কা’বিৰোধী আন্দোলনত সংঘটিত হিংসাত্মক ঘটনাৰ সংক্ৰান্তত NIA’ই অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি চান্দমাৰিৰ নিয়া’ৰ বিশেষ আদালতত আজি পুনৰ নতুন গোচৰত গ্ৰেপ্তাৰৰ বাবে আবেদন দাখিল কৰে।

আদালতে অহা ২৩ এপ্ৰিলত কৃষক নেতাগৰাকীক NIA আদালতত হাজিৰ কৰোৱাৰ বাবে নিৰ্দেশনা দিছে।

অখিল গগৈৰ অধিবক্তা কৃষ্ণ গগৈয়ে আমাৰ সাংবাদিকক এই কথা জনায়।

ইপিনে NIA ই অখিলক প্ৰস্তুতি চলোৱাত ক্ষোব্ধ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি।

“অখিল গগৈৰ বিৰুদ্ধে ভয়ংকৰ ৰাজনৈতিক ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি-আৰ এছ এছ’ৰ চৰকাৰ।” এনেদৰে কয় কৃষক মুক্তিৰ নেতা মুকুট ডেকাই।

ইয়াৰোপৰি, মাওবাদী গোচৰত তথ্য প্ৰমাণ দাখিলত ব্যৰ্থ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই পুনৰ নতুন গোচৰত গ্ৰেপ্তাৰ কৰি অখিল গগৈকে ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বক দীৰ্ঘদিনৰ বাবে কাৰাগাৰত বন্দী কৰি ৰখাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিনৰ ক্ষেত্ৰত যোৱা ৮ এপ্ৰিলত স্থগিতাদেশ জাৰি কৰিছে।

উচ্চ ন্যায়ালয়ে ১৯ এপ্ৰিলত পুনৰ বিষয়টোৰ শুনানি গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

বৰ্তমান চাবুৱা আৰক্ষীৰ জিম্মাত আছে অখিল গগৈ।