• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ সাংসদসকলে দুৰ্য্যোগৰ সময়ত একোৱেই ভূমিকা গ্ৰহণ নকৰিলে : অখিল গগৈ

বিজেপিয়ে ৬ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ এখন নাটক ৰচিছে : গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 8, 2019 10:32 pm
Akhil Gogoi

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক কাৰ্য্যালয়ত অখিল গগৈৰ সংবাদমেল। ৮ জানুৱাৰিত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত অসমৰ সাংসদসকলে দুৰ্য্যোগৰ সময়ত একোৱেই ভূমিকা গ্ৰহণ নকৰিলে।” আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।

৮ জানুৱাৰিৰ দিনা লোকসভাত বিধেয়কখন পাছ কৰাৰ সময়ত অসমৰ কোনো এজন সাংসদে সবল প্ৰতিবাদ নকৰা বুলি অভিযোগ তোলে কৃষক নেতা অখিল গগৈয়ে।

“মঙলবাৰে সংসদত অসমৰ সাংসদৰ ভূমিকা অতিকৈ লজ্জাজনক। ”, সংবাদমেলত এইদৰে কয় কৃষক নেতাগৰাকীয়ে।

তাৰোপৰি, গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে চূড়ান্ত জাতিদ্ৰোহিতাৰ পৰিচয় দিলে বুলিও সাংসদগৰাকীক কটাক্ষ কৰে গগৈয়ে।

“চক্ৰৱৰ্তীয়ে অন্তঃকৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা বুলি ঘোষণা কৰিলে”, অখিল গগৈয়ে কয়। “অসমীয়া জাতিৰ প্ৰতি এনে বিশ্বাসঘাতকতাৰ উদাহৰণ বিৰল।”

“এটা দলত থাকি বাধ্য হৈ বিধেয়কখনক সমৰ্থন জনোৱাটো যিমান নিন্দাজনক, তাতোকৈ বহু নিন্দাজনক বিধেয়কখনৰ সমৰ্থনত থাকি বক্তব্য প্ৰকাশ কৰাটো।” সদনত বিজয়া চক্ৰৱৰ্তীৰ বক্তব্য সন্দৰ্ভত এইদৰে গগৈয়ে কয়।

ইপিনে, কংগ্ৰেছ দলৰ ভূমিকা সদনত যথেষ্ট ৰহস্যজনক বুলি মন্তব্য কৰে গগৈয়ে।

গগৈয়ে আৰু কয়, “কংগ্ৰেছ দলে সবলভাৱে লোকসভাত আজি বিধেয়কৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত নকৰিলে।”

“কংগ্ৰেছে সদন ত্যাগ কৰাটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু সদন ত্যাগ কৰাৰ আগত তেওঁলোকে যি ধৰণে প্ৰতিবাদ কৰিব লাগিছিল, তেনেধৰণে প্ৰতিবাদ নকৰিলে।” সংবাদমেলত গগৈয়ে এইদৰে কয়।

আনহাতে, বিধেয়ক সন্দৰ্ভত কংগ্ৰেছে দুমুখীয়া চৰিত্ৰ গ্ৰহণ কৰিছে বুলি কটাক্ষ কৰি গগৈয়ে লগতে কয়, “সৰ্বভাৰতীয় পৰ্যায়ৰ এখন বিধেয়কৰ বিৰোধিতা অসমৰ ৪জন সাংসদে কৰিলে নহ’ব। কালি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ভাৰতৰ অন্য ৰাজ্যৰ কংগ্ৰেছী সাংসদসকলক দেখিবলৈ পোৱা নগ’ল।”

অখিলে লগতে কয় যে মলিকাৰ্জুন খাৰ্গেই অতি চমুকৈ বিধেয়কখনৰ বিৰুদ্ধে বক্তৃতা প্ৰদান কৰোতে ধৰ্মনিপেক্ষতাৰ কথাটো উল্লেখ কৰা নাছিল। তেওঁ ভাৰতবৰ্ষৰ নাগৰিকত্বৰ নীতিৰ বিষয়েও অৰ্থাৎ জন্মসূত্ৰে নাগৰিকত্ব লাভ কৰাৰ অধিকাৰৰ কথাও উল্লেখ নকৰিলে বুলি অখিলে কয়।

ইয়াৰোপৰি, নৱ শৰণীয়ায়ো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰতিবাদ নকৰিলে বুলি উল্লেখ কৰি তেওঁ কয় যে শৰণীয়াই এটা চিঞৰো মৰা দেখিবলৈ পোৱা নগ’ল।

আনহাতে, ৰাজ্যসভাতো বিলখন পাছ হ’ব বুলি আশংকা কৰে অখিল গগৈয়ে।

“কাইলৈ ৰাজ্যসভাত বিৰোধী পক্ষই দুৰ্বল ভূমিকা গ্ৰহণ কৰিব। কাইলৈ কংগ্ৰেছে হয়তো আজিৰ দৰেই সদন ত্যাগ কৰি ওলাই আহিব পাৰে।” অখিলে এইদৰে আশংকা প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে যদি কাইলৈ ৰাজ্যসভাত কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সকলো বিৰোধীক একত্ৰিত কৰিব নোৱাৰে, তেন্তে কংগ্ৰেছকো বিজেপিৰ দৰে বিশ্বাসঘাতকতাৰ দল হিচাপে গণ্য কৰা হ’ব।

আনহাতে, ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কথা ঘোষণা কৰাক লৈ ছয় জনগোষ্ঠীৰ লোকসকলক পতিয়ন নাযাবলৈ অনুৰোধ জনায় অখিলে।

ছয় জনগোষ্ঠীৰ প্ৰতি আহ্বান জনাই অখিল গগৈয়ে সংবাদমেলত কয়, “চৰকাৰৰ এই ষড়যন্ত্ৰত যাতে কোনেও ভৰি নিদিয়ে। নিৰ্বাচনৰ খেলা হাথিয়াৰ হিচাপে ৬ জনগোষ্ঠীক যিধৰণে ব্যৱহাৰ কৰিব খুজিছে, বিজেপিৰ হাথিয়াৰত যাতে আমি পৰিণত নহওঁ, সেয়েহে বিজেপিৰ এই সিদ্ধান্তক কোনো কাৰণতে সমৰ্থন জনাব নালাগে।”

“বিজেপিয়ে ৬ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ এখন নাটক ৰচিছে। আগৰ যিখন বিশেষজ্ঞ কমিটি প্ৰস্তুত কৰিছিল, সেইসকলৰ পৰাও কোনোধৰণৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে, ট্ৰাইবেল কমিছনে ৰিকমেণ্ড নকৰিলে, কেবিনেটত গৃহীত নোহোৱাকৈ জনজাতিকৰণ কৰা হ’ব বুলি ঘোষণা কৰি দিলে।‘ এইদৰে সংবাদমেলত গগৈয়ে কয়।

এই ঘোষণাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলনটো বিপথে পৰিচালিত কৰিব বিচাৰিছে বুলিও অখিল গগৈয়ে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm
আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

August 16, 2025 7:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd