NORTHEAST NOW (Assamese)

এন আই এৰ গোচৰত জামিন লাভ ধৈৰ্য্য কোঁৱৰৰ

July 17, 2020 4:55 pm · কল্পজ্যোতি শইকীয়া

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য্য কোঁৱৰে এন আই এৰ গোচৰত শুকুৰবাৰে জামিন লাভ কৰিছে।

এন আই এৰ ১৩/১৯ গোচৰত জামিন লাভ কৰিছে ধৈৰ্য্য কোঁৱৰে।

আজি ৩০ হাজাৰ টকা আমানতত চান্দমাৰিস্থিত নিয়া আদালতে জামিন মঞ্জুৰ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকজনৰ।

নৰ্থইষ্ট নাওৰ সাংবাদিকক এই কথা জানিবলৈ দিয়ে অধিবক্তা কৃষ্ণ গগৈয়ে।

ইতিমধ্যে যোৱা ১৫ জুলাইৰ দিনা জামিন লাভ কৰিছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱালে।

কাইলৈ কোভিড ৰিজাল্ট নিগেটিভ আহিলে শনিবাৰে মুকলি আকাশৰ তললৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে  ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালৰ।

অৱশ্যে মুকলি আকাশৰ তললৈ অহাৰ বাবে তেওঁলোকৰ ক্ষেত্ৰত জিএমচিএইচৰ কিছু নিয়ম অনুসৰণ কৰিব লাগিব।

কাৰণ ইতিমধ্যে কৰ’ণা পজিটিভ পোৱা দুয়োগৰাকী নেতা জিএমচিএইচত ভৰ্তি হৈ আছে।

তেওঁলোকক পুনৰ কাইলৈ কভিড টেষ্ট কৰাৰ সম্ভাৱনা আছে বুলি কৃষ্ণ গগৈয়ে জনাই লগতে কয় “এই টেষ্টৰ ফলাফল নিগেটিভ আহিলেই শনিবাৰে মুকলি আকাশৰ তললৈ আহিব নেতা দুগৰাকী।”

Related News