অখিল গগৈক হত্যাৰ ভাবুকি দিয়া বজৰং দলৰ সদস্যৰ বিৰুদ্ধে এজাহাৰ

এটা ভিডিঅ’ত ছ’চিয়েল মিডিয়া যোগে অখিল গগৈক হত্যাৰ ভাবুকি দিয়া আৰু নিজকে বজৰং দলৰ সদস্য বুলি পৰিচয় দিয়া টুটু মান্তা নামৰ যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

ভিডিঅ’টোত যুৱকজনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন চলাই থকা বাবে কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈ অশ্লীল ভাষাৰে গালি পৰাৰ লগতে আন্দোলনৰ পথ ত্যাগ নকৰিলে হত্যা কৰা হ’ব বুলি কৈছিল।

ছ’চিয়েল মিডিয়াত এইটো ভাইৰেল হৈ পৰাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়া হয়। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰামতে, যুৱকজনৰ বিৰুদ্ধে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি মহীধৰ ৰায় আৰু সম্পাদক নন্দন দেৱনাথে।

এজাহাৰত উল্লেখ কৰা অনুসৰি মান্তা নিউ বঙাইগাঁও ইষ্ট-ৱেষ্ট কলনিৰ বাসিন্দা।

ইপিনে, যুৱকজনে নিজে বজৰং দলৰ সদস্য বুলি দাবী কৰিছে যদিও বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে নৰ্থ-ইষ্ট নাওৰ আগত ইয়াৰ সত্যতাত সন্দেহ প্ৰকাশ কৰে।

‘‘টুটু মান্তাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ ইতিমধ্যে সদৰ থানালৈ প্ৰেৰণ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে।’’, আৰক্ষী অধীক্ষক সোণোৱালে কয়। তেওঁক বৰ্তমান আৰক্ষীয়ে বিচাৰি আছে বুলিও বিষয়াজনে জানিবলৈ দিয়ে।

আনহাতে মান্তাৰ বিৰুদ্ধে এজাহাৰ দাখিল নহ’লেও আৰক্ষীয়ে নিজববীয়াকৈ গোচৰ ৰুজু কৰিলে হেঁতেন বুলিও আৰক্ষী অধীক্ষকজনে জানিবলৈ দিয়ে।

টুটু মান্তাই ভিডিঅ’টোত অখিল গগৈক উদ্দেশ্যি ‘হয় মৰিম, নহয় তোক মই মাৰি দিম’ বুলি ভাবুকি প্ৰদান কৰাৰ লগতে ‘লাষ্ট-ফাৰ্ষ্ট (শেষ আৰু প্ৰথম) বাৰৰ বাবে কৈছো তই হিন্দুৰ বিৰুদ্ধে নালাগিবি’ বুলিও সকীয়াই দিছিল ভিডিঅ’টোত। সকলো হিন্দুক একত্ৰিত কৰি ভাৰতক ‘হিন্দুৰাষ্ট্ৰ’ হিচাপে প্ৰতিষ্ঠা কৰাৰো হুংকাৰ দিয়ে বজৰং দলৰ সদস্যজনে।

তেওঁ বিজেপিয়ে ভাল কাম কৰি থকা বুলিও মন্তব্য কৰে। বজৰং দলকে ধৰি হিন্দুৰ ৬৩০টা সংগঠন আছে বুলি দাবী কৰি এই সংগঠনসমূহ সকলো বিজেপিৰ লগত থকা বুলি ভিডিঅ’টোত কয় মান্তাই।