প্ৰকৃত হিতাধিকাৰী চৰকাৰী আৱাস গৃহ লাভ কৰাৰ দাবী তুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজিত প্ৰতিবাদ

বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধেমাজিৰ বৰদলনিত প্ৰকৃত হিতাধিকাৰী চৰকাৰী আৱাস গৃহ লাভ কৰাৰ দাবী তুলি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰধান মন্ত্ৰী আৱাস গৃহ আঁচনি পুনৰ জিঅ’ টেগ কৰি প্ৰকৃত হিতাধিকাৰীক চৰকাৰী আৱাস গৃহ প্ৰদান কৰা আৰু আঁচনিসমূহত দুৰ্নীতি বিৰুদ্ধে তদন্ত কৰি আইন গত ভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰা আৰু অৰুনোদয়, কৃষকৰ ভাট্টাৰ আঁচনি তদন্ত কৰি প্ৰকৃত হিতাধিকাৰী নাম অৰ্ন্তভূক্ত কৰা ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে দাবী জনায়।

তেওঁলোক দাবীসমূহ হ’ল:-

১) প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত Geotag অৰ্ন্তভূক্ত হোৱা অনুপযুক্ত ব্যক্তিৰ নাম কৰ্তন কৰি উপযুক্ত ব্যক্তিক পুনৰ Geot-ag অৰ্ন্তভূক্ত কৰক।

২) প্ৰধান মন্ত্ৰী আৱাস গৃহ Geotag কৰা বাবে দায়িত্ব থকা বিষয়া গাফিলতি কাৰণে হোৱা বিভাগীয় দায়িত্ব থকা সকলক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক।

৩) ৰেচন কাৰ্ড নথকা সকলক অতিশীঘ্ৰে ৰেচন কাৰ্ড দিয়া ব্যৱস্থা কৰক।

৪) অৰুনোদয় আঁচনি প্ৰকৃত হিতাধিকাৰী নাম অন্তৰ্ভূক্ত কৰক।

৫) প্ৰকৃত কৃষকক কৃষক¸ ভাট্টা প্ৰদান কৰক।

৬) জৱ্‌কাৰ্ড অনুসৰি প্ৰতিটো ৱাৰ্ডত এমজিএনৰেগা আঁচনি কাম অনুমোদন কৰক।

৭) এমজিএনৰেগা আঁচনিত ব্যৱহাৰ কৰা Material Bill সমূহত ওপৰত তদন্ত কৰি আইনগত বিহিত ব্যৱস্থা গ্ৰহণ কৰক।

৮) চতুৰ্থদশ বিত্তীয় আঁচনি আৰু পঞ্চদশ বিত্তীয় আঁচনি সমূহ তদন্ত কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰক।

৯) এমজিএনৰেগা আঁচনিৰ কামৰ মজুৰী ক্ৰমেও ৪০০ টকালৈ বৃদ্ধি কৰক।

১০) বৃদ্ধ পেঞ্চন আঁচনি উপযুক্ত ব্যক্তি প্ৰদান কৰাৰ লগতে আঁচনি ভাট্টা বৃদ্ধি কৰক।