যৌন কেলেংকাৰীত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইক গ্ৰেপ্তাৰৰ দাবীত জুৰীয়াত কৃষক মুক্তিৰ প্ৰতিবাদ

KMSS Protest again RG

কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰীক লৈ পুনৰবাৰ উত্তাল হ’ল মন্ত্ৰীগৰাকীৰ গৃহ জিলা। মন্ত্ৰী ৰাজেন গোহাঁইক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱৰ  জুৰীয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে জুৰীয়া উন্নয়ন খণ্ড ঘেৰাও কৰি খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰীক লৈ আজিও জিলাখনত প্ৰতিবাদৰ জোৱাৰ অব্যাহত থকা কথাটো মন্ত্ৰীগৰাকীৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰিছে। অভিযুক্ত মন্ত্ৰী গোহাঁইৰ গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ধিংগাঁও আঞ্চলিক সমিতিয়ে যৌথভাৱে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে।

জুৰীয়াৰ দগাঁৱত কৃষক মুক্তিৰ শতাধিক সদস্যই ৰাজপথত সমদল কৰি ৰাজেন গোহাঁই মুৰ্দাবাদ, ৰাজেন গোহাঁইক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে এগৰাকী বোৱাৰীক চাকৰিৰ প্ৰলোভনেৰে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি বোৱাৰীগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছিল জামিনবিহীন ধাৰাত গোচৰ।