SBIৰ IMPSত লেনদেনৰ সীমা বৃদ্ধি, লগোৱা হব বৰ্দ্ধিত চাৰ্জ; কাইলৈৰ পৰা সলনি হব এইবোৰ নিয়ম

SBI-4-660x375

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰবিআই) আইএমপিএছ অৰ্থাৎ ইমিডিয়েট পেমেন্ট চাৰ্বিছত লেনদেনৰ সীমা বৃদ্ধি কৰিছে। সেই অনুসৰি ভাৰতীয় ষ্টেট বেংকে আইএমপিএছৰ লেনদেনৰ ক্ষেত্ৰত ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এই বৰ্দ্ধিত সীমা কাৰ্যকৰী কৰিব।

পূৰ্বতে আইএমপিএছৰ জৰিয়তে সৰ্বাধিক দুই লাখ টকা দিয়া হৈছিল। এতিয়াৰে পৰা সেয়া বৃদ্ধি কৰি পাঁচ লাখ টকা কৰা হৈছে।

এছবিআইৰ এই নতুন নিয়মত নতুনকৈ লগোৱা চাৰ্জ সম্পৰ্কেও বেংকটোৱে জানিবলৈ দিছে। 

নতুন নিয়ম অনুসৰি, আইএমপিএছৰ জৰিয়তে ১,০০০ টকালৈকে লেনদেনৰ ক্ষেত্ৰত কোনো চাৰ্জ নালাগে। কিন্তু ১,০০০ টকাৰ ওপৰত ১০,০০০টকালৈকে ২ টকা চাৰ্জৰ লগতে থাকিব জিএছটি।

লগতে পঢ়ক: শিৱসাগৰত যুৱতীৰ পৰা ৩ লক্ষাধিক টকা সৰকাই নিয়া প্ৰৱঞ্চক আৰক্ষীৰ জালত

আনহাতে, ১০,০০০টকাৰ ওপৰত ১লাখ টকালৈকে ৪টকা চাৰ্জৰ লগতে থাকিব জিএছটি। সেইদৰে, ১লাখ টকাৰ ওপৰত ২লাখ টকালৈকে ১২ টকা চাৰ্জৰ লগতে থাকিব জিএছটি।

ইপিনে, ২লাখ টকাৰ ওপৰত ৫লাখ টকা পৰ্যন্ত ২০টকা চাৰ্জৰ লগতে থাকিব জিএছটি।

উল্লেখ্য যে যোৱা বছৰেই বেংকটোৱে আইএমপিএছৰ লেনদেনৰ সৰ্বোচ্চ সীমা পাঁচ লাখ টকালৈকে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল।