Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Hair Loss আজিকালি পুৰুষ-মহিলা দুয়োৰে ক্ষেত্ৰত দেখা দিয়া এক সমস্যা হৈছে hair loss অৰ্থাৎ চুলি সৰা সমস্যা। বহুতৰে ক্ষেত্ৰত জন্মগত কাৰণত চুলি সৰা দেখা যায় যদিও আন বিভিন্ন কাৰণতো আমাৰ চুলি সৰে।

চুলি সৰাৰ কেইটামান বিশেষ কাৰণ হৈছে দেহত প্ৰ’টিন, আয়ডিন, মেংগানিজ আদি খাদ্যপ্ৰাণৰ অভাৱ। খাদ্যৰ অভাৱ, ৰক্তহীনতা, অনিদ্ৰা, মানসিক চাপ ইত্যাদি। তদুপৰি অতিপাত তেল, শ্বেম্পু, চুলিত সনা ৰং আদি ব্যৱহাৰৰ ফলতো চুলি সৰা সমস্যাই দেখা দিয়ে।

গতিকে চুলি সৰা সমস্যা ৰোধ কৰিবলৈ হ’লে আমি এক স্বাস্থ্যসন্মত খাদ্যাভ্যাস মানি চলিব লাগিব। মুঠৰ ওপৰত নিজৰ চুলিৰ যত্ন ল’বলৈ ভাল খোৱা বস্তু খাব লাগিব।

চুলি সৰা সমস্যা বহুখিনি লাঘৱ কৰিব পাৰি যদি এইখিনি খাদ্য আপুনি গ্ৰহণ কৰে:-

১. মচুৰ দাইল – চুলিৰ স্বাস্থ্যৰ বাবে মচুৰ বৰ উপকাৰী। মচুৰ দাইলত প্ৰচুৰ পৰিমাণে ফোলিক এচিড পোৱা যায় যি চুলিৰ সুস্বাস্থ্যৰ লগতে কোষৰ বংশবৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰি মচুৰ দাইল red blood cells (লোহিত ৰক্তকণিকা)ৰ বাবে যথেষ্ট উপকাৰী, red blood cells-এ আমাৰ মূৰৰ ছালৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ যোগান ধৰে।

২. বাৰ্লি – বাৰ্লিত প্ৰচুৰ পৰিমাণে আইৰণ আৰু তাম ধাতু পোৱা যায়। ই আমাৰ দেহত থকা red blood cells-ৰ উৎপাদন বৃদ্ধি কৰি চুলিৰ গুড়িবোৰক শক্তিশালী কৰে। ইয়াৰ উপৰি বাৰ্লিত থকা ভিটামিন-ই চুলি পাতল হোৱা তথা চুলি সৰা সমস্যাৰ বাবে যথেষ্ট লাভদায়ক।

৩. কণী – চুলিৰ বাবে উপকাৰী আন এবিধ খাদ্য হৈছে কণী। কণীত প্ৰচুৰ পৰিমাণে মাল্টি ভিটামিন থকাৰ লগতে প্ৰ’টিন, ওমেগা ৩, জিংক, বায়’টিন, ছেলেনিয়াম আৰু কোলিন পোৱা যায়। কণীত থকা মাল্টি ভিটামিনে চুলিৰ গুড়িবিলাক মজবুত কৰাৰ লগতে চুলিৰ স্বাস্থ্য আৰু উজ্জ্বলতা বৃদ্ধি কৰে।

৪. নৰসিংহৰ পাত – নৰসিংহৰ পাতে আমাৰ অকালতে চুলি পকা সমস্যা বহুখিনি লাঘৱ কৰে। নৰসিংহ পাতত এণ্টিঅক্সিডেণ্ট আৰু পুষ্টিদ্ৰব্য থাকে যি আমাৰ তেজ পৰিষ্কাৰ কৰাৰ লগতে তেজত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰে।

৫. অ’টছ – চুলিৰ বাবে উপযোগী আন এবিধ খাদ্য হৈছে অ’টছ। অ’টছত প্ৰচুৰ পৰিমাণে শৰীৰৰ বাবে দৰকাৰী ফেটি এচিড আৰু প্ৰাকৃতিক আঁহ পোৱা যায়। এই দুয়োবিধ পুষ্টিদ্ৰব্যই চুলিৰ কোষৰ বিকাশৰ বাবে উপকাৰী। ইয়াৰ উপৰি অ’টছত যথেষ্ট পৰিমাণে জিংক আৰু আইৰণ পোৱা যায় যি চুলিৰ প্ৰাকৃতিক উজ্জ্বলতা ৰক্ষা কৰাৰ লগতে চুলি সৰা ৰোধ কৰাত সহায় কৰে।