NORTHEAST NOW (Assamese)

সদায় খোজ কাঢ়িলে কঁকালৰ বিষ উপশম হয়! জানক কঁকালৰ তীব্ৰ বিষ কমোৱাৰ ফলপ্ৰসূ উপায়

January 15, 2025 8:15 am · এন ই নাও নিউজ, গুৱাহাটী

আমি সকলোৱে জানো যে খোজ কঢ়াটো শৰীৰৰ বাবে উপকাৰী। কিন্তু সদায় খোজ কাঢ়িলে কঁকালৰ বিষৰ পৰা উপশম পোৱা যায় বুলি বহুতে অজ্ঞাত। মানুহ এজনে নিয়মিতভাৱে খোজ কঢ়াৰ সময়ত তেওঁৰ পেশী আৰু গাঁঠিবোৰ শক্তিশালী হৈ উঠে। নিয়মীয়াকৈ খোজ কাঢ়িলে কঁকালৰ বিষ কমে বুলি বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে। খোজ কাঢ়িলে কঁকালৰ বিষ কেনেকৈ উপশম হয় সেয়া জানো আহক।

বিশেষজ্ঞৰ পৰামৰ্শ

খোজ কঢ়াৰ ওপৰত কৰা এক অধ্যয়নত দেখা গৈছে যে নিয়মীয়াকৈ খোজ কঢ়াৰ ফলত কঁকালৰ বিষ কমে আৰু চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজনীয়তাও কমি যায়। খোজ কাঢ়িবলৈ আৰম্ভ কৰাৰ পিছত কঁকালৰ বিষ কমি আহে। কঁকালৰ বিষ হ’লে কেৱল খোজ কাঢ়িলেই যথেষ্ট। বিশেষজ্ঞসকলে এইটো এটা ভাল চিকিৎসা বুলি পৰামৰ্শ দিয়ে।

কঁকালৰ বিষৰ পৰা উপশম

খোজ কাঢ়িলে আপোনাৰ শৰীৰৰ পেশীবোৰ শক্তিশালী হয়। খোজ কঢ়াৰ সময়ত শৰীৰৰ মূল অংশই ভালদৰে কাম কৰে। তাত ই সমান চাপ প্ৰদান কৰে। খোজ কঢ়াটোৱে আপোনাৰ শৰীৰৰ মূল অংশত থকা টান পেশীবোৰ শিথিল কৰাত সহায় কৰে আৰু ঢিলা পেশীবোৰ সক্ৰিয় কৰে। খোজ কঢ়াটোৱে মেৰুদণ্ডৰ লগত জড়িত পেশীবোৰ শক্তিশালী কৰাত সহায় কৰে আৰু ইয়াৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কাম কৰে। ইয়াৰ ফলত কঁকালৰ বিষ কমি যায়।

কিমান সময় খোজ কাঢ়িব?

দীঘলীয়া সময় খোজ কাঢ়িব নালাগে। অলপ খোজ কাঢ়িলেই হ’ল৷ কমেও ১০ৰ পৰা ১৫ মিনিট খোজ কাঢ়িব পাৰে। যদি আপোনাৰ খোজ কঢ়াৰ শক্তি বেছি থাকে তেন্তে ৩০ মিনিট পৰ্যন্ত খোজ কাঢ়িব পাৰে। যিমান সহ্য কৰিব পাৰে খোজ কাঢ়িব। খোজকঢ়াৰ সময় ক্ৰমান্বয়ে বৃদ্ধি কৰিব পাৰে। এদিনতে হিমালয় স্পৰ্শ কৰিব নোৱাৰি।

খোজ কঢ়াৰ সময়ত কিহগুৰুত্ব দিব লাগে?

খোজ কঢ়াৰ সময়ত সঠিক ভংগীমা বজাই ৰাখিব লাগে। কান্ধ দুটা শিথিল কৰি ৰাখক, পোনে পোনে খোজ কাঢ়িব আৰু আগলৈ চাওক। তললৈ চাই খোজ কাঢ়িব নালাগে। কঁকালৰ পেশীবোৰ নিউট্ৰেল অৱস্থাত ৰাখক। এইটোৱেই হৈছে খোজ কঢ়াৰ শুদ্ধ পদ্ধতি।

দীৰ্ঘদিন ধৰি কঁকালৰ বিষ হ’লে সপ্তাহত ৫ দিন ৩০ৰ পৰা ৬০ মিনিট খোজ কাঢ়ক। প্ৰতিদিনে খোজ কাঢ়িলে শৰীৰৰ সহনশীলতা বাঢ়িব। কঁকালৰ বিষো কমি যাব। ই আপোনাক ভাল মেজাজত ৰাখিব আৰু সুখী হৰম’ন নিৰ্গত কৰিব। শৰীৰৰ আধা ৰোগ মনৰ দ্বাৰা হয়। মনটোক সুস্থ কৰি ৰাখিলে শৰীৰটোও সুস্থ হৈ উঠিব।

Related News