NORTHEAST NOW (Assamese)

শীতকালত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ মানি চলক এই সহজ পৰামৰ্শ

November 28, 2024 8:07 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

শিশুৱে প্ৰায়ে শীতকালত চৰ্দি, কাহ আৰু জ্বৰত আক্ৰান্ত হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ ফলত শিশুৰ স্বাস্থ্যজনিত সমস্যা আৰু অধিক বৃদ্ধি পায়।

পিতৃ-মাতৃয়ে নিজৰ সন্তানক ঋতু পৰিৱৰ্তনৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ বহু চেষ্টা কৰে। কিন্তু ল’ৰা-ছোৱালীবোৰ প্ৰায়ে বেমাৰত পৰে। শীতকালত আপোনাৰ সন্তান সঘনাই বেমাৰত পৰে নেকি? সেয়ে, শীতকালত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ কি কি খুৱাব লাগে এবাৰ চকু ফুৰাই চাওক।

ফল:

শীতকালত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ফল খুবেই ভাল। কমলা, আঙুৰৰ দৰে ফল খুৱাব পাৰে। কাৰণ ইয়াত ভিটামিন চি বেছি থাকে। ই শীতকালত বহুতো ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। যদি আপোনাৰ সন্তানে ফল-মূল খাব নিবিচাৰে, তেন্তে আপুনি ইয়াৰ ৰস বনাই খুৱাব পাৰে।

দৈ:

এই কথা শুনি আপুনি হয়তো আচৰিত হ’ব। কিন্তু এইটোৱে সঁচা। হয়, শীতকালত শিশুক দৈ খুওৱাটো বৰ ভাল। দৈয়ে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। দৈত যথেষ্ট পৰিমাণৰ কেলচিয়াম থাকে। ই শিশুৰ হাড় মজবুত কৰে।

বেৰী:

ষ্ট্ৰবেৰী, ব্লুবেৰী দৰে বেৰীত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ভিটামিন থাকে। ই আপোনাৰ শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত বহুখিনি সহায় কৰিব।

সেউজীয়া শাক-পাচলি:

শীতকালত শিশুক পুষ্টিকৰ সেউজীয়া শাক-পাচলি খুৱালে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু ইয়াত থকা আঁহে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। গতিকে পালেং শাক, কবি, ব্ৰকলি আদি সেউজীয়া শাক-পাচলি শিশুৰ খাদ্যত ৰাখক। ইয়াত ভিটামিন চি, ভিটামিন কে আদি বহুতো পুষ্টিকৰ উপাদান থাকে। এই শাক-পাচলি শিশুৰ খাদ্যত বা চূপ বনাই দিব পাৰে। ই সুস্বাদু আৰু স্বাস্থ্যকৰো।

আদা

আদাত এন্টিঅক্সিডেন্ট থাকে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। শিশুক আদাৰ সৈতে সামান্য পৰিমাণে গুৰ মিহলাই খুৱাব পাৰে। ইয়াৰ ফলত আপোনাৰ সন্তান শীতকালত সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত হৈ থাকিব।

Related News