• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত ট্ৰাকৰ সৈতে গাড়ীৰ সংঘৰ্ষ; ৫জন কনিষ্ঠ চিকিৎসকৰ মৃত্যু

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 28, 2024 8:58 am
দুৰ্ঘটনাত পতিত হোৱা বাহনখন। ফটোঃ সংগ্ৰহীত।

দুৰ্ঘটনাত পতিত হোৱা বাহনখন। ফটোঃ সংগ্ৰহীত।

145
VIEWS
Share on FacebookShare on Twitter

বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত ট্ৰাকৰ সৈতে গাড়ীৰ সংঘৰ্ষত ৫জন কনিষ্ঠ চিকিৎসকৰ মৃত্যু হয়। উত্তৰ প্ৰদেশত বুধবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি এই দুৰ্ঘটনাত মৃত্যু হোৱা পাঁচজনেই উত্তৰ প্ৰদেশ ইউনিভাৰ্ছিটি অফ মেডিকেল ছায়েঞ্চৰ স্নাতকোত্তৰ শাখাৰ ছাত্ৰ। আন এজন ছাত্ৰ চিকিৎসক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে।

বুধবাৰে পুৱা প্ৰায় ৩:৩০ বজাত বিবাহ অনুষ্ঠানৰ পৰা উভতি আহিছিল মেডিকেল শিক্ষাৰ্থীকেইজন। আগ্ৰা-লক্নৌ এক্সপ্ৰেছৱেত সংঘটিত হয় এই দুৰ্ঘটনা। গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰোড ডিভাইডাৰত খুন্দা মাৰি বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত খুন্দা মাৰে। সংঘৰ্ষৰ ফলত গাড়ীখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। গাড়ীখনত থকা ৫ গৰাকী শিক্ষাৰ্থীৰ থিতাতে মৃত্যু হয়। স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত আন এজন ছাত্ৰক উদ্ধাৰ কৰে। সংকটজনক অৱস্থাত তেওঁ চিকিৎসাধীন হৈ আছে।

প্ৰাথমিক তদন্ত অনুসৰি গাড়ী চালকজন হয়তো পুৱাৰ ভাগত টোপনি গৈছিল। তাৰ বাবেই গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত কৰে। আৰক্ষী বিষয়া প্ৰিয়ংকা বাজপেয়ীয়ে সংবাদ মাধ্যমক জনোৱা মতে, লক্ষ্ণৌৰ পৰা আগ্ৰা অভিমুখী এখন স্ক’ৰপিঅ’ এছ ইউ ভিয়ে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ ভাঙি বুধবাৰে পুৱাই চাইড লেনত প্ৰৱেশ কৰে। তাৰ পিছতে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত  গাড়ীখন খুন্দা মাৰে। গাড়ীখনত থকা এজন ছাত্ৰৰ বাহিৰে বাকী সকলোৰে মৃত্যু হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি নিহত কেইজন অনিৰুদ্ধ বাৰ্মা, সন্তোষ কুমাৰ মৌৰ্য, জয়বীৰ সিং, অৰুণ কুমাৰ আৰু নৰদেৱ। তেওঁলোকৰ পৰিয়ালক অৱগত কৰা হৈছে। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। কেনেদৰে দুৰ্ঘটনাটো সংঘটিত হৈছিল তাৰ তদন্ত চলি আছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd