NORTHEAST NOW (Assamese)

ফোনৰ আসক্তিৰ বাবে সলনি হৈছে নেকি সন্তানৰ আচৰণ? ৫টা লক্ষণ দেখিলেই হওক সজাগ

May 2, 2025 7:05 am · এন ই নাও নিউজ, গুৱাহাটী

বেছিভাগ শিশুৰেই এতিয়া মোবাইল কেন্দ্ৰিক শৈশৱ। এইটো যেন এটা ৰোগৰ পৰিৱেশযদিও প্ৰথম দৃষ্টিত বিশেষ কিবা যেন নালাগিব পাৰে, তথাপিও এই বিপজ্জনক নিচাই দীৰ্ঘম্যাদী ক্ষতি কৰিব পাৰে।

আনকি শিশুৰ আচৰণৰ পৰিৱৰ্তনতো মোবাইলৰ নিচা দেখা যায়। আপোনাৰ সন্তানৰো তেনেকুৱা কিবা পৰিৱৰ্তন হৈছে নেকি? তেনে ক্ষেত্ৰত কেইবাটাও লক্ষণ দেখা পালে অভিভাৱকসকলে সজাগ হোৱাটো জৰুৰী।

১) খিংখিঙীয়া আৰু হঠাতে খং উঠা: শিশুৱে মোবাইলৰ পৰা তৎক্ষণাত সন্তুষ্টি লাভ কৰে। লাহে লাহে এই মনোৰঞ্জন এক নিচালৈ পৰিণত হয়। সেয়ে ফোনটো কাঢ়ি লৈ গ’লে খুব সোনকালে খং উঠে। এনে ক্ষেত্ৰত সৰু সৰু কথাক লৈ চিঞৰ বা খং উঠাটো এটা সাধাৰণ লক্ষণ।

২) সামাজিক দক্ষতা হ্ৰাস: মোবাইল ফোনে শিশুৰ ওপৰত বহুতো নেতিবাচক প্ৰভাৱ পেলায়। ফোনৰ জগতখনত মনোৰঞ্জন বিচাৰি শিশুটিয়ে প্ৰায়ে সকলোৰে লগত কথা পতা বন্ধ কৰি দিয়ে। মাক-দেউতাক, বন্ধু-বান্ধৱী, আনকি স্কুলত শিক্ষকৰ লগতো কথা পাতিব নিবিচাৰে। শিশুৱে নিজকে বন্ধ স্থানত আৱদ্ধ কৰি ৰাখিব বিচাৰে, যিয়ে তেওঁলোকৰ সামগ্ৰিক বিকাশত বাধাৰ সৃষ্টি কৰে।

৩) মনোযোগৰ দিয়াৰ ক্ষমতা কমি যোৱাঃ মোবাইল ফোন অহৰহ ব্যৱহাৰৰ বাবে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে শিশুৰ মনোযোগ আঁতৰি যাবলৈ আৰম্ভ কৰে। স্কুল বা পঢ়াৰ সময়ত তেওঁলোকৰ মনোযোগ কমি যাব পাৰে। সৰু সৰু কথাবোৰো পাহৰি যাবলৈ আৰম্ভ কৰে। এই ধৰণৰ আচৰণক আওকাণ কৰা উচিত নহয়।

৪) টোপনিৰ বিঘিনি: ফোনটোৰ পৰা অহা নীলা পোহৰে টোপনিৰ মানদণ্ডত ব্যাঘাত জন্মায়। নিজৰ ফোনত আসক্ত শিশুৱে ৰাতি দেৰিকৈ শুৱে আৰু ৰাতিপুৱা দেৰিকৈ সাৰ পায়। যাৰ বাবে তেওঁলোকে সৰু সৰু কথাবোৰত বিৰক্ত হয়। আনকি ইয়াৰ ফলত বহুতো জটিল ৰোগ হ’ব পাৰে।

৫) জেদী আৰু অসহযোগী মনোভাৱ: মোবাইলৰ নিচাৰ বাবে শিশুৱে প্ৰায়ে সকলো কথাতে ‘নাই’ ক’বলৈ আৰম্ভ কৰে। অনবৰতে পিতৃ-মাতৃৰ আজ্ঞা অমান্য কৰা, নিজৰ ইচ্ছামতে কামবোৰ কৰিব বিচাৰে। সকলোতে জেদী হৈ পৰে। এই লক্ষণবোৰ দেখিলে সাৱধান হোৱাটো জৰুৰী।

Related News