NORTHEAST NOW (Assamese)

সন্তানক কেনেকৈ সঠিকভাৱে ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ শিকাব? জানক কেইটামান ফলপ্ৰসূ টিপছ

February 7, 2025 8:00 am · এন ই নাও নিউজ, গুৱাহাটী

শিশু আৰু কিশোৰ-কিশোৰীয়ে নতুন নতুন বস্তুৰ প্ৰতি আকৰ্ষিত হোৱাটো স্বাভাৱিক। ইণ্টাৰনেটত নিত্য পৰিৱৰ্তিত ভিডিঅ’, ছবি আৰু অন্যান্য বিষয়বস্তুৱে তেওঁলোকক আকৰ্ষণ কৰে। নতুন বস্তু কেনেকৈ ব্যৱহাৰ কৰিব লাগে যেনেকৈ শিকোৱা হয়, ইণ্টাৰনেটৰ সঠিক ব্যৱহাৰ শিকোৱাটোও গুৰুত্বপূৰ্ণ।

ইণ্টাৰনেটৰ ব্যৱহাৰ কেৱল প্ৰাপ্তবয়স্কৰ বাবেই নহয়, শিশু আৰু কিশোৰ-কিশোৰীৰ অধ্যয়ন আৰু অন্যান্য কামৰ বাবেও আছে। কিন্তু সঠিকভাৱে ব্যৱহাৰ কৰিব নাজানিলে বিভিন্ন বিপদৰ সৃষ্টি কৰিব পাৰে।

চাইবাৰ অপৰাধ বৃদ্ধি পাইছে। ফোন, ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ, জিমেইল আদি হেক কৰি বহু অপৰাধ সংঘটিত হৈছে। ইণ্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে শিশু আৰু কিশোৰ-কিশোৰী এনে অপৰাধৰ বলি হৈ পৰিছে।

পেৰেন্টেল কণ্ট্ৰোল

আপোনাৰ সন্তানক অশ্লীল আৰু হিংসাত্মক বিষয়বস্তুৰ পৰা ৰক্ষা কৰিবলৈ পেৰেন্টেল কণ্ট্ৰোল’ ব্যৱহাৰ কৰক। আপুনি আপোনাৰ ইণ্টাৰনেট সেৱা প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰিব পাৰে।

চাইবাৰ অপৰাধৰ বিষয়ে সজাগতা

আপোনাৰ সন্তানক চাইবাৰ অপৰাধ আৰু সুৰক্ষাৰ বিষয়ে বুজাই দিয়ক। আনক ব্যক্তিগত তথ্য নিদিবলৈ সকীয়াই দিয়ক।

এন্টি ভাইৰাছ চফটৱেৰ

আপোনাৰ শিশুৰ ফোনত আধুনিক এন্টি ভাইৰাছ চফ্টৱেৰ ব্যৱহাৰ কৰক। ৱেবকেম, অডিঅ’ আদি বন্ধ কৰক।

শক্তিশালী পাছৱৰ্ড

আপোনাৰ সন্তানক এটা শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰাৰ গুৰুত্ব বুজাওক।

নিৰীক্ষণ কৰক

আপোনাৰ শিশুৰ অনলাইন কাৰ্য্যকলাপ নিৰীক্ষণ কৰক। ফিছিং আক্ৰমণৰ বিষয়ে সাৱধান হওক।

Related News