আপুনি প্ৰতিদিনে পিঠিৰ বিষত ভুগিছে নেকি? আজিকালি বেছিভাগ মানুহেই ঘণ্টাৰ পিছত ঘণ্টা অফিচত চকীত বহি কাম কৰে। ফলত পিঠিৰ বিষ হোৱাটো স্বাভাৱিক। কিন্তু ইয়াৰ ফলত তেওঁলোকে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। বহুতৰে বাবে এই সমস্যা তেওঁলোকৰ জীৱনৰ এটা অংশ হৈ পৰিছে, যাৰ বাবে তেওঁলোকে দৈনিক ইয়াৰ সৈতে যুঁজিবলগীয়া হৈছে। কিন্তু ইয়াৰ পৰা কেনেকৈ মুক্তি পাব জানেনে?
কঁকালৰ বিষৰ বাবে খোজ কঢ়া:
আপুনি জানেনে যে আমি দৈনিক ব্যায়াম কৰিলে পিঠিৰ বিষ বহুত কম কৰিব পাৰো। লগতে পিঠিৰ জঠৰতা আৰু স্পাজমৰ পৰাও উপশম পোৱা যায়। ইয়াৰ বাবে আপুনি প্ৰতিদিনে কেৱল ৩০ মিনিট খোজ কাঢ়িলেই পিঠিৰ বিষৰ পৰা সোনকালে সকাহ পাব। এই কথা শুনি আপুনি হয়তো আচৰিত হ’ব। কিন্তু এইটোৱেই সত্য। অধ্যয়নত দেখা গৈছে যে প্ৰতিদিনে খোজ কাঢ়িলে পিঠিৰ বিষৰ পৰা উপশম পোৱা যায়।
খোজ কঢ়াই পিঠিৰ বিষত কেনেদৰে সহায় কৰে?
শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে কোনো ব্যক্তিয়ে প্ৰতিদিনে ৩০ মিনিট খোজ কাঢ়িলে পিঠিৰ বিষৰ সমস্যা নাইকিয়া হয়। অষ্ট্ৰেলিয়াৰ বিভিন্ন অঞ্চলত বাস কৰা ৭০১ জন লোকৰ ওপৰত কৰা এই গৱেষণাত তেওঁলোকৰ গড় বয়স আছিল ৫৪ বছৰ। তেওঁলোকে ২৪ ঘণ্টা ধৰি পিঠিৰ বিষত ভুগি আছিল। কিন্তু প্ৰতিদিনে মাত্ৰ ৩০ মিনিট খোজ কঢ়াৰ পিছত তেওঁলোকৰ পিঠিৰ বিষ নোহোৱা হৈছে বুলি প্ৰমাণিত হৈছে।
পিঠিৰ বিষৰ বাবে খোজ কঢ়াৰ উপকাৰিতা:
The Lancet জাৰ্নেলত প্ৰকাশিত WalkBack নামৰ এক অধ্যয়নত কোৱা হৈছে যে নিয়মীয়াকৈ খোজ কঢ়াৰ ফলত পিঠিৰ বিষৰ সম্ভাৱনা হ্ৰাস পায়। তদুপৰি, খোজ কাঢ়িলে আঁঠু আৰু গোৰোহাৰ বিষতো উপকাৰ পোৱা যায়।
কেতিয়া খোজ কাঢ়িব লাগে?
যদি আপুনি খোজ কঢ়াৰ সম্পূৰ্ণ সুফল পাব বিচাৰে তেন্তে প্ৰতিদিনে পুৱা বা বিয়লি খোজ কাঢ়িব পাৰে। ৰাতিপুৱা আৰু বিয়লি দুয়োটা সময়তে খোজ কঢ়াটো স্বাস্থ্যৰ বাবে অতি উত্তম। ই আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰাখিব, তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব, কলেষ্টেৰল আৰু ৰক্তচাপ সমস্যা নহ’ব আৰু হৃদযন্ত্ৰ সদায় সুস্থ হৈ থাকিব।
সেয়ে, যদি আপুনি সদায় সুস্থ হৈ থাকিব বিচাৰে তেন্তে প্ৰতিদিনে ব্যায়াম নকৰিলেও যিমান পাৰি খোজ কাঢ়িবলৈ চেষ্টা কৰক।