Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

Tips to Relieve Frustration হতাশা হ’ল এক ধৰণৰ মানসিক অবস্থা। যেতিয়া এজন ব্যক্তিয়ে জীবনৰ প্রতি সকলো আগ্রহ হেৰুৱাই পেলাই, নিৰাশাই আৱৰি ধৰে, নিজৰ সম্বন্ধে, অন্যৰ সম্বন্ধে, আনকি সমগ্র পৃথিবী সম্পর্কে নেতিবাচক ধাৰণা পোষণ কৰে আৰু এই অৱস্থা যদি অন্ততঃ ১৫ দিন বা তাৰ বেছি সময় ধৰি চলে, তেতিয়া তাকে হতাশাত ভোগা বুলি কোৱা হয়।

হতাশা কি আপোনালোকে জানেনে? আহকচোন চাও:-

যদি কেতিয়াবা সমস্যাৰ সন্মুখীন হোৱাৰ দক্ষতা কম থাকিলে ভয় সোমাই যায় তেতিয়া হতাশালৈ পৰিণত হৈ পৰে। বহু লোকে তুচ্ছ ঘটনাক বহু ডাঙৰকৈ মনত সুমুৱাই লয় আৰু এইবোৰ ভাবি ভাবি হতাশাৰ সাগৰত ডুব যায়।

পৰিয়ালৰ ফালৰ পৰা যদি অনবৰত দোষাৰোপ কৰি থাকে, বিপদত পৰিলে ব্যক্তিজনক সাহায্য নকৰে, তেতিয়া ব্যক্তিজনৰ মনত আত্মবিশ্বাসৰ অভাৱ হয় আৰু তেনে সময়তে তেওঁৰ কোনো কথাতেই উদ্যম নোহোৱা হয় আৰু তেওঁ হতাশাত ভুগিবলৈ আৰম্ভ কৰে।

দীর্ঘদিন ধৰি নেতিবাচক অৱস্থাৰ মাজেৰে গ’লেও মানুহৰ হতাশা আৰম্ভ হ’ব পাৰে তথা সম্পর্কৰ উত্থান পতনৰ কাৰণেও হতাশা হ’ব পাৰে।

আমি পঢ়িলোঁ যে হতাশা বিভিন্ন কাৰণত হ’ব পাৰে কিন্তু ইয়াক কেনেকৈ আঁতৰাই ৰাখিব পাৰি আপুনি জানেনে?

আত্মবিশ্লষণ কৰি নিজৰ ভাল দিশ বিলাকৰ এখন তালিকা বনাই লওক। সেই দিন বিলাকৰ প্রতি নিজকে আকৃষ্ট কৰক। দেখা যায় এনেকুৱা কৰিলে আত্মবিশ্বাস বৃদ্ধি পায় আৰু যিটো দিশৰ অভাৱত, হতাশ বোধ কৰিছে সেইটো ঠিক কৰাৰ চেষ্টা কৰিব লাগে।

পৰিয়ালৰ কোনো সদস্যৰ আচৰণৰ বাবে যদি হতাশাত ভুগিবলগীয়া হয় তেতিয়া তেওঁলোকৰ লগত কথা পাতিব লাগিব। সমস্যা হ’লে সমস্যাবোৰকলৈ আলোচনা কৰিলে ভাল হয়।

নিজকে যদি অকলশৰীয়া কৰি নেপেলাই সমাজৰ লোকসকলৰ লগত জড়িত হয় লগতে মানুহৰ লগত হাঁহি ধেমালি কৰে তেতিয়াও হতাশা দূৰ হয়।

হতাশা দূৰ কৰিবলৈ হ’লে,আচৰণ আৰু চিন্তাৰ পৰিৱৰ্তন কৰিব লাগিব। জোৰকৈ কাম কাজত মন দিব লাগিব তথা আনন্দদায়ক কাম বেছিকৈ কৰিব লাগিব।

হতাশা আঁতৰাবলৈ প্ৰাণায়াম কৰা ভাল কাৰণ প্ৰাণায়মৰ ফলত নিজৰ মন মগজু সুস্থিৰ হয় যাৰ ফলত হতাশা মনলৈ নাহে।