NORTHEAST NOW (Assamese)

Oscars 2023 Winners: বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিল্পীৰ শিৰত শ্ৰেষ্ঠত্বৰ খিতাপ ‘অস্কাৰ’; চাওক সম্পূৰ্ণ তালিকা

March 13, 2023 2:45 pm · এন ই নাও নিউজ, গুৱাহাটী

এইবাৰৰ ৯৫ তম অস্কাৰ আছিল ব্যতিক্ৰমী। বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ শিল্পীসকলৰ হাতত উঠিল সোণালী পুতলা। শৰণাৰ্থীৰ যন্ত্ৰণাৰ কাহিনী দাঙি ধৰা ‘এভৰিথিং এভাৰৱেৰ অল এট ৱান্স’-য়ে সৰ্বাধিক সাতটা বঁটা লাভ কৰিছে। মালয়েছিয়াৰ অভিনেত্ৰী মিচেল ইয়োৱে ছবিখনত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। ব্ৰেণ্ডন ফ্ৰেজাৰে “দ্য হোৱেল”ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে। ভাৰতীয়সকলৰ বাবে বহু আকাংক্ষিত অস্কাৰ আহিল ‘নাটু নাটু’ গানটো আৰু ‘দ্য এলিফেণ্ট হুইচপাৰআৰ্ছ’ৰ যোগেদি।

অস্কাৰৰ সম্পূৰ্ণ তালিকাখন চাওঁক –

শ্ৰেষ্ঠ ছবি: এভৰিথিং এভাৰৱেৰ অল এট ৱান্স

শ্ৰেষ্ঠ পৰিচালক: ডেনিয়েল কোৱান আৰু ডেনিয়েল শ্বিনাৰ্ট (এভৰিথিং এভাৰৱেৰ অল এট ৱান্স)

শ্ৰেষ্ঠ অভিনেতা: “দ্য হোৱেল”ৰ বাবে-ব্ৰেণ্ডন ফ্ৰেজাৰ

শ্ৰেষ্ঠ অভিনেত্ৰী – এভৰিথিং এভাৰৱেৰ অল এট ৱান্সৰ বাবে-মিচেল ইয়ো

শ্ৰেষ্ঠ সহ অভিনেতা – এভৰিথিং এভাৰৱেৰ অল এট ৱান্সৰ বাবে-কি হুই কোৱান

শ্ৰেষ্ঠ সহ-অভিনেত্ৰী – এভৰিথিং এভাৰৱেৰ অল এট ৱান্সৰ বাবে-জেমি লী কাৰ্টাৰ

শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য: এভৰিথিং এভাৰৱেৰ অল এট ৱান্সৰ বাবে-ডেনিয়েল কোৱান আৰু ডেনিয়েল স্কিনাৰ্ট

শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য – চাৰা পোল (উইমেন টকিং)

শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ ফিল্ম – গিলেৰ্মো ডেল টৰোছ পিনোচিঅ’

শ্ৰেষ্ঠ বিদেশী চলচ্চিত্ৰ – অল কুইট অন দা ৱেষ্টাৰ্ণ ফ্ৰণ্ট (জাৰ্মানী)

শ্ৰেষ্ঠ তথ্যচিত্ৰ – নাভালনি

শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবি– দ্য এলিফেন্ট হুইচপাৰাৰ্ছ

শ্ৰেষ্ঠ লাইভ একচন চুটি চলচ্চিত্ৰ – এন আইৰিছ গুডবাই

শ্ৰেষ্ঠ এনিমেটেড চুটি চলচ্চিত্ৰ – দ্য বয়, দ্য মোল, দ্য ফক্স এণ্ড দ্য হৰ্ছ

শ্ৰেষ্ঠ মৌলিক সংগীত – ভলকাৰ বাৰ্টেলমেন (অল কুইট অন দা ৱেষ্টাৰ্ণ ফ্ৰণ্ট)

শ্ৰেষ্ঠ মৌলিক গান – নাটু নাটু (আৰআৰআৰ)

শ্ৰেষ্ঠ ছাউণ্ড – মাৰ্ক ৱেনগাৰ্টেন, জেমছ মেথাৰ, এআই নেলচন, ক্ৰিছ বাৰ্ডন, মাৰ্ক টেইলৰ (শীৰ্ষ গান: মেভেৰিক)

শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন – অল কুইট অন দা ৱেষ্টাৰ্ণ ফ্ৰণ্ট

শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী – জেমছ ফ্ৰেণ্ড  ‘অল কুইট অন দা ৱেষ্টাৰ্ণ ফ্ৰণ্ট’)

শ্ৰেষ্ঠ মেকআপ আৰু হেয়াৰষ্টাইলিং – এড্ৰিয়ান মৰোট, জুডি চিন, এনি মেৰী ব্ৰেডলী (দ্য হোৱেল)

শ্ৰেষ্ঠ কষ্টিউম ডিজাইন – ৰুথ ই কাৰ্টাৰ (ব্লেক পেন্থাৰ: ৱাকান্দা ফৰেভাৰ)

শ্ৰেষ্ঠ সম্পাদনা – পল ৰজাৰ্ছ  (এভৰিথিং এভাৰৱেৰ অল এট ৱান্স)

শ্ৰেষ্ঠ ভিজুৱেল এফেক্ট – অভেটাৰ: দ্য ওৱে অফ অভেটাৰ

Related News