অফিচত সোমাইয়ে চকীখনত বহিছে, আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ আগতে উঠিবলৈ সুযোগেই নাপায়। ন-দহ ঘণ্টা কাম কৰা অফিচত টয়লেটলৈ যোৱা আৰু টিফিন খোৱাকে ধৰি চকীখনৰ পৰা উঠি যাবলৈ মাত্ৰ কেইমিনিটমান সময়হে থাকে। এনেকৈয়ে দিনৰ পিছত দিন কামত ব্যস্ততাৰে পাৰ হৈ যায়। ইফালে একেৰাহে বহি থকাৰ ফলত ক্ৰমান্বয়ে কঁকাল আৰু কান্ধৰ বিষ বাঢ়িছে। ভাগৰুৱা শৰীৰেৰে ৰাতি শুই থাকিলেও শান্তি নাই, যন্ত্ৰণাত ছটফটাই থাকে।
বিশেষজ্ঞসকলৰ মতে এই বিষ-যন্ত্ৰণাই ডাঙৰ বিপদৰো সৃষ্টি কৰিব পাৰে। বহুতৰে বাবে এই বিষ দীৰ্ঘদিনীয়া হৈ পৰে। যাৰ বাবে তেওঁ ঔষধ খাবলৈ বাধ্য হয়। কিন্তু সেয়াও প্ৰায়ে লাভজনক নহয়। তেনে ক্ষেত্ৰত নিয়মিতভাৱে কেইটামান নিয়ম মানি চলি সহজেই বিষৰ পৰা মুক্তি পাব পাৰি। সেই বিষয়ে জানি লওক-
১. যিমানেই ব্যস্ত নহওক কিয় শাৰীৰিক ব্যায়ামক অৱহেলা কৰা উচিত নহয়। কাৰণ বিশেষজ্ঞসকলৰ মতে কেইটামান যোগাসন, ষ্ট্ৰেচ কৰিলে পিঠি, কঁকাল, কান্ধৰ বিষৰ পৰা আটাইতকৈ বেছি সকাহ পোৱা যায়। তদুপৰি, নিয়মীয়া ব্যায়ামৰ দ্বাৰাও উপকৃত হ’ব।
২. গুৰুত্বপূৰ্ণ কাম, সময়ৰ অভাৱতো থাকিবই! কিন্তু ইয়াৰ মাজতে বিৰতি ল’বলৈ চেষ্টা কৰক। প্ৰতি ঘণ্টাত অন্ততঃ ৫ মিনিট খোজ কাঢ়িব লাগে। কেৱল বিষৰ পৰা উপশম পোৱাই নহয়, চকু আৰু মূৰটোৱেও জিৰণি পাব। আৰু যদি কাম এৰি খোজ কাঢ়িব নোৱাৰে তেন্তে বহি ষ্ট্ৰেচিং কৰক। ইয়াৰ দ্বাৰাও কিছু সকাহ পাব।
৩. অফিচৰ এক ঠাইত একেৰাহে বহি কাম কৰিলে পিঠি আৰু কঁকালৰ বিষ হোৱাটো স্বাভাৱিক। তেনে ক্ষেত্ৰত বহাৰ ভংগীমা সঠিকভাৱে বজাই ৰাখিব লাগিব। কামৰ বাহিৰেও আন সময়ত, যেনে শুই থকাৰ সময়তো সঠিকভাৱে বহা আৰু শুই থকাৰ অভ্যাস কৰিব লাগে। বহু সময়ত শুৱাৰ ভুলৰ বাবেও কঁকালত চাপ পৰে। টেবুল-চকীত কাম কৰিলেও মেৰুদণ্ড পোন কৰি ৰখাটো গুৰুত্বপূৰ্ণ।
৪. অধ্যয়নত দেখা গৈছে যে শৰীৰৰ বিভিন্ন অংশত হোৱা বিষ আৰু মানসিক চাপ বা হতাশাৰ মাজত সম্পৰ্ক আছে। বিষৰ পৰা পৰিত্ৰাণ পাবলৈ মনটো ভাল ৰাখিব লাগে। নিজৰ মানসিক স্বাস্থ্যৰ যত্ন লওক।
৫. পিঠি আৰু কঁকালৰ বিষৰ টোপনিৰ সৈতেও সম্পৰ্ক আছে। বিশেষজ্ঞসকলৰ মতে, টোপনিৰ অভাৱত কঁকালৰ বিষ বৃদ্ধি পাব পাৰে। দিনটোৰ কষ্টৰ অন্তত টোপনিৰ সময়ত শৰীৰৰ পেশী আৰু স্নায়ুবোৰ শিথিল হৈ পৰে। সেয়ে, শৰীৰ বিষমুক্ত ৰাখিবৰ বাবে দৈনিক ৭ৰ পৰা ৮ ঘণ্টা শুৱাটো জৰুৰী।