গৰম পানী খোৱাৰ অভ্যাসে সঁচাকৈয়ে আপোনাৰ ওজন কমোৱাত সহায় কৰেনে? বিশেষজ্ঞসকলৰ মতে ইয়াক অবিশ্বাস্য যেন লাগিলেও আচলতে ই অতি ফলপ্ৰসূ। এনে নহয় যে প্ৰতিদিনে ৬-৮ গিলাচ গৰম পানী খালে সহজে ওজন কমি যাব। অৱশ্যে শৰীৰটো সুস্থ আৰু সতেজ কৰি ৰাখিবলৈ এই পৰিমাণৰ পানী খোৱাৰ প্ৰয়োজন।
বহুতে ওজন কমাই ঋজু হ’ব বিচাৰে। কিন্তু বেছিভাগ মানুহেই শাৰীৰিক শ্ৰম কৰিব নিবিচাৰে। সেইবাবেই মানুহে সদায় ওজন কমাবলৈ সহজ টিপছ বিচাৰি থাকে। সেয়ে, গুগলত ওজন কমাবলৈ বিচাৰি চাৰ্চ কৰিলে হাজাৰ হাজাৰ টিপছ পাব। বহুতে ওজন কমাবলৈ গৰম পানীৰ ওপৰত নিৰ্ভৰ কৰে। বহুতে ৰাতিপুৱা খালী পেটত গৰম পানী খায়। ওজন কমোৱাসকলে এই অভ্যাস কেতিয়াও এদিনৰ বাবেও বাদ নিদিয়ে।
সঁচাকৈয়ে ওজন কমোৱাত সহায় কৰেনে? পুষ্টিবিদৰ মতে, গৰম পানীত চৰ্বি গলিবলৈ সহায়ক হোৱা কোনো উপাদান নাথাকে। কিন্তু ৰাতিপুৱা গৰম পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ হৈ যায়। যিয়ে আচলতে ওজন কমোৱাত সহায় কৰে।
গৰম পানীয়ে শৰীৰৰ বিপাকীয় প্ৰক্ৰিয়াক উদ্দীপিত কৰাত সহায় কৰে। বিশেষকৈ ৰাতিপুৱা খালী পেটত গৰম পানী খালে শৰীৰৰ বিপাকীয় ক্ষমতা বৃদ্ধি পায়, যিয়ে চৰ্বি ভাঙি পেলোৱাত সহায় কৰে। গৰম পানীয়ে চৰ্বিৰ কণা ভাঙি পেলায়, যাৰ ফলত পাচনতন্ত্ৰই চৰ্বি হজম কৰাত সহজ হয়। খাদ্য খোৱাৰ আগতে গৰম পানী খালে পেটটো অলপ ভৰ্তি অনুভৱ হয়। ইয়াৰ ফলত কম খাদ্য খোৱাৰ লগতে কেলৰি সেৱন কমি যায়। ওজন নিয়ন্ত্ৰণৰ এইটো এটা সহজ আৰু ফলপ্ৰসূ পদ্ধতি।
তদুপৰি, গৰম পানীৰ আন উপকাৰো আছে। যেনে-
- কোষ্ঠকাঠিন্য দূৰ কৰে: গৰম পানীয়ে মল কোমল কৰে, যাৰ ফলত কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা সকাহ পোৱা যায়।
- চৰ্দি, কাহ, ডিঙিৰ বিষ কমায়: গৰম পানী হৈছে চৰ্দিৰ চিকিৎসাৰ বাবে যুগ যুগ ধৰি ব্যৱহাৰ কৰা এক উপকাৰী ঔষধ।
- ছালখন সুন্দৰ কৰে: ছালৰ আৰ্দ্ৰতা বজাই ৰাখি ব্ৰণ কমায় আৰু ছালখনক উজ্জ্বল কৰি ৰখাত সহায় কৰে।