Health benefits of the Indian blackberry: এতিয়া জামু খোৱাৰ বতৰ; তাৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক

Health benefits of the Indian blackberry ক’লা জামুৰ গছ চিনি নোপোৱা মানুহ আমাৰ মাজত বহুত কম ওলাব৷ এই গছৰ পাত, ছাল, গা-গছ, শিপা, ফল-ফুল প্ৰতিটো অংশই ঔষধীয় নাইবা আমাৰ জীৱনৰ আন আন লাগতিয়াল কামত ব্যৱহৃত হৈ আহিছে৷

মহাৰাষ্ট্ৰ আৰু দক্ষিণ ভাৰতৰ কোনো কোনো সমাজৰ বিবাহ মণ্ডপ সজাবলৈ জামুগছৰ ডাল-পাতৰ ব্যৱহাৰ হয়৷

এই চিৰসেউজ গছৰ প্ৰাথমিক উৎপত্তিস্থল ভাৰতবৰ্ষ, শ্ৰীলংকা, নেপাল, ভূটান, পাকিস্তান, বাংলাদেশ আৰু বাৰ্মা বুলি জনা যায়৷

জামু হৈছে বতৰৰ এবিধ উত্তম ফল৷ ইয়াক Java plum, Black plum, Malabor plum, Indian Blackberry আদি নামেৰেও জনা যায়৷ জামু ফলত, বিশেষকৈ ক’লা জামুত যথেষ্ট পৰিমাণে পটাচিয়াম, কেলচিয়াম, মেগনেচিয়াম, ফচফৰাছ, ভিটামিন-B1, ভিটামিন-B6, ভিটামিন-C ৰ লগতে এণ্টিঅক্সিডেণ্ট পোৱা যায়৷

ক’লা জামু ভালকৈ ধুই লৈ ক’লা নিমখ সানি খাই বৰ ভাল লাগে। ক’লা জামুত চুক্ৰ’জ একেবাৰেই নাথাকে৷ ফলস্বৰূপে, ক’লা জামুৱে তেজত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে ৷

অৱশ্যে ক’লা জামুৰ গুটি আটাইতকৈ বেছি উপকাৰী ৷ ক’লা জামুৰ গুটিত জামভলিন থাকে৷ যি শ্বেতসাৰক চেনিলৈ পৰিৱৰ্তন কৰাত সহায় কৰে ৷ ফলস্বৰূপে, ক’লা জামুৱে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে৷ ।

গ্ৰীষ্মকালত ক’লা জামু বহুতৰে প্ৰিয়। মে মাহৰ মাজভাগৰ পৰা আগষ্টলৈকে উপলব্ধ হয় জামু। সোৱাদত কোনোবাটো মিঠা, কোনোবাটো টেঙা-মিঠা আছে যদিও স্বাস্থ্যৰ বাবে বহুত উপকাৰি।

চিকিৎসকে ক’লা জামু খোৱাৰ পৰামৰ্শ দিয়ে, বিশেষকৈ ডায়েবেটিচ আৰু হৃদযন্ত্ৰৰ সমস্যা থকা লোকসকলক।

জামুৰ পৰা কি কি তৈয়াৰ কৰিব পাৰি জানো আহক:-

জামু গুটিৰ পৰা ডায়েবেটিজ ৰোগীৰ বাবে উপযোগী হাৰ্বেল-টি বনোৱা হয়।

ফিলিপাইনচত আৰু আমাৰ দেশৰ গোৱাত ইয়াৰ পৰা সুৰা বনোৱা হয় আৰু লগতে টুথপেষ্ট বনোৱাত জামুৰ ব্যৱহাৰ কৰা হয়৷

ইয়াৰ কাঠৰ পৰা ঘৰৰ ফাৰ্ণিচাৰ, ৰেলৱে শ্লিপাৰ, নৌকা, গীটাৰ জাতীয় বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা হয়৷

জামু গছৰ পাতৰ পৰা ওলোৱা তেলত এন্টিঅক্সিডেন্ট গুণ থকা হেতুকে ঔষধ নিৰ্মাণত ব্যৱহাৰ কৰা হয়৷ এনে তেলৰ বিষহাৰী, বীজাণুনাশক, কীটনাশক আৰু এন্টিফাংগেল গুণ দেখা যায় লগতে জামুগছে পাৰিপাৰ্শ্বিকতা সুন্দৰ কৰে।

ক’লা জামুৰ কিছু ঔষধি গুণ:-

ক’লা জামুত ইলাগিক এচিড থকাৰ বাবে উচ্চ ৰক্তচাপ হ্ৰাস কৰা, লিভাৰৰ ৰোগৰ উপশম ঘটোৱা আৰু কৰ্কট ৰোগৰ সম্ভাৱনা কমোৱা ক্ষমতা থাকে।

ক’লা জামুত চুক্ৰ’জ একেবাৰেই নাথাকে৷ ফলস্বৰূপে, ক’লা জামুৱে তেজত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে ৷ অৱশ্যে ক’লা জমুৰ গুটি আটাইতকৈ বেছি উপকাৰী ৷ ক’লা জমুৰ গুটিত জামভলিন থাকে৷ যি শ্বেতসাৰক চেনিলৈ পৰিৱৰ্তন কৰাত সহায় কৰে ৷ ফলস্বৰূপে, ক’লা জামুৱে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে৷

চিকিৎসকে ডায়েবেটিচ ৰোগীসকলক তেজৰ ইনচুলিনৰ স্তৰ বৃদ্ধি কৰিবলৈ প্ৰতিদিনে ক’লা জামু খাবলৈ পৰামৰ্শ দিয়ে। কেৱল সেয়াই নহয়, সৰুৰে পৰা নিয়মীয়াকৈ ক’লা জামু খালে ডায়েবেটিচ হোৱাৰ আশংকা হ্ৰাস হয়।