• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Health benefits of the Indian blackberry: এতিয়া জামু খোৱাৰ বতৰ; তাৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
July 1, 2022 12:04 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Health benefits of the Indian blackberry ক’লা জামুৰ গছ চিনি নোপোৱা মানুহ আমাৰ মাজত বহুত কম ওলাব৷ এই গছৰ পাত, ছাল, গা-গছ, শিপা, ফল-ফুল প্ৰতিটো অংশই ঔষধীয় নাইবা আমাৰ জীৱনৰ আন আন লাগতিয়াল কামত ব্যৱহৃত হৈ আহিছে৷

মহাৰাষ্ট্ৰ আৰু দক্ষিণ ভাৰতৰ কোনো কোনো সমাজৰ বিবাহ মণ্ডপ সজাবলৈ জামুগছৰ ডাল-পাতৰ ব্যৱহাৰ হয়৷

এই চিৰসেউজ গছৰ প্ৰাথমিক উৎপত্তিস্থল ভাৰতবৰ্ষ, শ্ৰীলংকা, নেপাল, ভূটান, পাকিস্তান, বাংলাদেশ আৰু বাৰ্মা বুলি জনা যায়৷

Apply Now

জামু হৈছে বতৰৰ এবিধ উত্তম ফল৷ ইয়াক Java plum, Black plum, Malabor plum, Indian Blackberry আদি নামেৰেও জনা যায়৷ জামু ফলত, বিশেষকৈ ক’লা জামুত যথেষ্ট পৰিমাণে পটাচিয়াম, কেলচিয়াম, মেগনেচিয়াম, ফচফৰাছ, ভিটামিন-B1, ভিটামিন-B6, ভিটামিন-C ৰ লগতে এণ্টিঅক্সিডেণ্ট পোৱা যায়৷

ক’লা জামু ভালকৈ ধুই লৈ ক’লা নিমখ সানি খাই বৰ ভাল লাগে। ক’লা জামুত চুক্ৰ’জ একেবাৰেই নাথাকে৷ ফলস্বৰূপে, ক’লা জামুৱে তেজত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে ৷

অৱশ্যে ক’লা জামুৰ গুটি আটাইতকৈ বেছি উপকাৰী ৷ ক’লা জামুৰ গুটিত জামভলিন থাকে৷ যি শ্বেতসাৰক চেনিলৈ পৰিৱৰ্তন কৰাত সহায় কৰে ৷ ফলস্বৰূপে, ক’লা জামুৱে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে৷ ।

গ্ৰীষ্মকালত ক’লা জামু বহুতৰে প্ৰিয়। মে মাহৰ মাজভাগৰ পৰা আগষ্টলৈকে উপলব্ধ হয় জামু। সোৱাদত কোনোবাটো মিঠা, কোনোবাটো টেঙা-মিঠা আছে যদিও স্বাস্থ্যৰ বাবে বহুত উপকাৰি।

চিকিৎসকে ক’লা জামু খোৱাৰ পৰামৰ্শ দিয়ে, বিশেষকৈ ডায়েবেটিচ আৰু হৃদযন্ত্ৰৰ সমস্যা থকা লোকসকলক।

জামুৰ পৰা কি কি তৈয়াৰ কৰিব পাৰি জানো আহক:-

জামু গুটিৰ পৰা ডায়েবেটিজ ৰোগীৰ বাবে উপযোগী হাৰ্বেল-টি বনোৱা হয়।

ফিলিপাইনচত আৰু আমাৰ দেশৰ গোৱাত ইয়াৰ পৰা সুৰা বনোৱা হয় আৰু লগতে টুথপেষ্ট বনোৱাত জামুৰ ব্যৱহাৰ কৰা হয়৷

ইয়াৰ কাঠৰ পৰা ঘৰৰ ফাৰ্ণিচাৰ, ৰেলৱে শ্লিপাৰ, নৌকা, গীটাৰ জাতীয় বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা হয়৷

জামু গছৰ পাতৰ পৰা ওলোৱা তেলত এন্টিঅক্সিডেন্ট গুণ থকা হেতুকে ঔষধ নিৰ্মাণত ব্যৱহাৰ কৰা হয়৷ এনে তেলৰ বিষহাৰী, বীজাণুনাশক, কীটনাশক আৰু এন্টিফাংগেল গুণ দেখা যায় লগতে জামুগছে পাৰিপাৰ্শ্বিকতা সুন্দৰ কৰে।

ক’লা জামুৰ কিছু ঔষধি গুণ:-

ক’লা জামুত ইলাগিক এচিড থকাৰ বাবে উচ্চ ৰক্তচাপ হ্ৰাস কৰা, লিভাৰৰ ৰোগৰ উপশম ঘটোৱা আৰু কৰ্কট ৰোগৰ সম্ভাৱনা কমোৱা ক্ষমতা থাকে।

ক’লা জামুত চুক্ৰ’জ একেবাৰেই নাথাকে৷ ফলস্বৰূপে, ক’লা জামুৱে তেজত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে ৷ অৱশ্যে ক’লা জমুৰ গুটি আটাইতকৈ বেছি উপকাৰী ৷ ক’লা জমুৰ গুটিত জামভলিন থাকে৷ যি শ্বেতসাৰক চেনিলৈ পৰিৱৰ্তন কৰাত সহায় কৰে ৷ ফলস্বৰূপে, ক’লা জামুৱে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে৷

চিকিৎসকে ডায়েবেটিচ ৰোগীসকলক তেজৰ ইনচুলিনৰ স্তৰ বৃদ্ধি কৰিবলৈ প্ৰতিদিনে ক’লা জামু খাবলৈ পৰামৰ্শ দিয়ে। কেৱল সেয়াই নহয়, সৰুৰে পৰা নিয়মীয়াকৈ ক’লা জামু খালে ডায়েবেটিচ হোৱাৰ আশংকা হ্ৰাস হয়।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd