Health benefits of the jackfruit কঁঠাল হৈছে এবিধ ডাঙৰ আকাৰৰ ডিম্বাকৃতিৰ পুষ্টিকৰ ফল। কঁঠাল ‘Moraceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত উদ্ভিদ। পৰিপক্ক হʼলে এই ফলৰ এক বিশেষ মিঠা সোৱাদ হয় আৰু কেঁচা অৱস্থাত ইয়াক বিভিন্ন ধৰণৰ ব্যঞ্জনত ব্যৱহাৰ কৰা হয়।
এই ৰসাল হালধীয়া ফলটো বহুতৰ বাবে প্ৰিয় আৰু ই গ্ৰীষ্মৰ মাহবোৰত ক্ৰান্তীয় আৰু উপ-ক্ৰান্তীয় এলেকাত বহুলভাৱে উপলব্ধ। কঁঠাল ফল, পাচলি, কাৰ্বোহাইড্ৰেট আৰু স্বাস্থ্যকৰ মাংসৰ বিকল্পৰ এক ভাল উৎস হিচাপে ব্যৱহাৰ কৰা হয়। কঁঠাল হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ গছৰ ফল য’ত প্ৰ’টিন আৰু ভিটামিন আৰু খনিজ পদাৰ্থ থাকে।
কঁঠাল অসমৰ গাঁও-চহৰ সকলো বাৰীত উপলব্ধ এবিধ সহজলভ্য গছ। ই এবিধ উৎকৃষ্ট গ্রীষ্মকালীন ফল। ইয়াৰ ইংৰাজী নাম জেক ফ্ৰুইট (Jack Fruit)। কঁঠাল চিৰহৰিৎ উদ্ভিধ। এইবিধ উদ্ভিদ প্রায় ১৫-২০ ফুটমান ওখ হয়।
কঁঠালৰ বহু ঔষধি গুণ আছে জানেনে?-
কঁঠালে কর্কট ৰোগ প্রতিৰোধ কৰাত সহায় কৰে লগতে ৰক্তহীনতাত ভোগাসকলৰ বাবে কঠাল উপকাৰী। ই ৰক্ত বৃদ্ধিত সহায় কৰে।
কঁঠালৰ কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে। প্ৰোটিনৰ ভঁৰাল-কঁঠালৰ গুটিত যথেষ্ট পৰিমাণে প্ৰোটিন পোৱা যায়। মচুৰ দাইলত দি সিদ্ধ কৰা কঁঠালৰ গুটি খাবলৈ বৰ তৃপ্তিদায়ক আৰু ই যথেষ্ট পুষ্টিকাৰক প্ৰকৃতিৰ।
শক্তিৰ ভঁৰাল-কঁঠালত যথেষ্ট পৰিমাণে কাৰ্বোহাইড্ৰেট আৰু কেলৰি থাকে। ই ফ্ৰুকটজ আৰু চুক্ৰ’জতো চহকী বাবে খোৱাৰ লগে লগে দেহে তাৎক্ষণিকভাৱে শক্তি লাভ কৰে।
পকা কঁঠালত থকা আঁহ(ফাইবাৰ)ৰ আধিক্যই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে আৰু হজম শক্তিৰ উন্নতি সাধন কৰে। পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ কঁঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে।
কঁঠালত থকা ভিটামিন-বি ৬(vitamin-B-6) এ হৃদপিণ্ড সুৰক্ষিত কৰি হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে লগতে কঁঠাল এজমা ৰোগীৰ বাবেও উপকাৰী। কঁঠালৰ বীজত ডাইট্ৰি ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে আৰু কেলৰি কম পৰিমাণে পোৱা যায়, যাৰ ফলত ই ওজন হ্ৰাস কৰাত সহায়ক হয়।