আজি ২১ জুন ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’, জানি লওক এইবাৰৰ বিষয়বস্তু (থিম)

২১ জুন বিশ্ব যোগ দিৱস। যোগ হৈছে ভাৰতৰ পৰাই উৎপত্তি হোৱা এক প্ৰাচীন শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক অনুশীলন। সংস্কৃত ভাষাত ‘যোগ’ শব্দটো প্ৰথমে ব্যৱহৃত হয় যাৰ অৰ্থ হৈছে ‘সংযোগ কৰা’ বা ‘একত্ৰিত হোৱা’। যোগৰ উদ্দেশ্য হৈছে দেহ আৰু মনৰ মিলন।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত ৰাষ্ট্ৰসংঘৰ ভাষণত যোগ দিৱসৰ উদ্যোগ লৈছিল। এই প্ৰস্তাৱটোৱে ১৭৭খন দেশৰ সমৰ্থন লাভ কৰে আৰু ৰাষ্ট্ৰসংঘই সৰ্বসন্মতিক্ৰমে গৃহীত কৰে।

ইয়াৰ সাৰ্বজনীন আবেদনক স্বীকৃতি দি ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উদ্দেশ্য আছিল যোগাভ্যাসৰ উপকাৰিতাৰ বিষয়ে বিশ্বজনীন সজাগতা বৃদ্ধি কৰা। ইয়াৰ পিছতে নিউয়ৰ্ক, পেৰিছ, বেইজিং, বেংকক, কুৱালালামপুৰ, ছিউল আৰু নতুন দিল্লীকে ধৰি সমগ্ৰ বিশ্বতে ২১ জুন, ২০১৫ তাৰিখে প্ৰথম ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ সফলতাৰে উদযাপন কৰা হয়।

জম্মু-কাশ্মীৰৰ ডাল হ্ৰদৰ পাৰত ২০২৪ চনৰ ‘বিশ্ব যোগ দিৱস’ উদযাপন কৰা হৈছে। এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে ‘নিজৰ আৰু সমাজৰ বাবে যোগ’, যিয়ে ব্যক্তি আৰু সামাজিক কল্যাণৰ প্ৰসাৰৰ ক্ষেত্ৰত যোগৰ দ্বৈত ভূমিকাক উজ্জ্বল কৰি তুলিব।

মনোৰাম বলিভাৰ্ড পথৰ কাষৰ শ্বেৰ-ই-কাশ্মীৰ ইন্টাৰনেশ্যনেল কনভেনশ্যন চেন্টাৰত প্ৰায় ৩০০০-৪০০০ লোকৰ উপস্থিতিত ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ উদযাপন কৰা হৈছে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।