• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্ণাটকত কংগ্ৰেছৰ চাণক্য কোন এই সুনীল? একালৰ প্ৰশান্ত কিশোৰৰ সহযোগী এতিয়া চৰ্চাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2023 12:21 pm
538
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটকত জয় নিশ্চিত কৰিলে কংগ্ৰেছে। দলটোৱে বিজেপিৰ হাতৰ পৰা একপ্ৰকাৰ ৰাজ্যৰ ক্ষমতা কাঢ়ি ল’লে। ইতিমধ্যে সমগ্ৰ দেশতে কৰ্ণাটকৰ বিজয়ৰ উদযাপন আৰম্ভ কৰিছে কংগ্ৰেছ কৰ্মীসকলে।

কংগ্ৰেছৰ কৰ্ণাটকৰ জয়ৰ মূল কাৰণ হিচাপে থিয় কৰোৱা তিনিটা ডাঙৰ কাৰক হ’ল- বিজেপিৰ মেৰুকৰণৰ ৰাজনীতিক প্ৰত্যাখ্যান কৰা, কৰ্ণাটকৰ দুগৰাকী শীৰ্ষ কংগ্ৰেছ নেতা সিদ্দাৰামাইয়া আৰু ডি কে শিৱকুমাৰৰ মাজত সম্পৰ্ক শক্তিশালী কৰা (পূৰ্বতে তেওঁলোকৰ সম্পৰ্কৰ ফলত কৰ্ণাটক কংগ্ৰেছত বহু মতানৈক্যৰ সৃষ্টি হৈছিল), আৰু কৰ্ণাটকত ১০ দিন ধৰি চলা ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’।

কিন্তু দলীয় সূত্ৰ অনুসৰি কৰ্ণাটকত এই জয়ৰ আঁৰৰ আন এজন ব্যক্তিক কংগ্ৰেছে কৃতিত্ব দিছে। তেওঁ হৈছে নিৰ্বাচনী ৰণ কৌশলী সুনীল কানুগোলু। অৱশ্যে ৰাজনৈতিক মহলত তেওঁ এছ কে নামেৰে অধিক পৰিচিত। কংগ্ৰেছৰ সূত্ৰ অনুসৰি সুনীল কৰ্ণাটকৰ জয়ত কংগ্ৰেছৰ শক্তি আছিল সুনীলেই।

লগতে পঢ়ক: নিৰংকুশ বিজয়! কৰ্ণাটকত সম্পূৰ্ণ অক্সিজেন ল’লে কংগ্ৰেছে; উশাহ লোৱাত কষ্ট পাইছে বিজেপিয়ে

কংগ্ৰেছৰ সূত্ৰ অনুসৰি, সিদ্দাৰামায়া আৰু শিৱকুমাৰৰ মাজত ঘনিষ্ঠতাৰ আঁৰত আছিল সুনীল। বিধানসভা নিৰ্বাচনী কৌশলৰ খচৰা প্ৰস্তুত কৰাৰ সমান্তৰালকৈ ৰাহুলৰ ভাৰত জোড়ো যাত্ৰাৰ সমগ্ৰ পৰিকল্পনাও তেওঁৰ কান্ধত আছিল।

নিৰ্বাচনী ৰণ কৌশলী প্ৰশান্ত কিশোৰৰ ‘শিষ্য’ হিচাপে পৰিচিত সুনীল। ২০২২ চনত কংগ্ৰেছে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰশান্তক নিৰ্বাচনী ৰণ কৌশলৰ প্ৰস্তাৱ দিছিল। কিন্তু সেয়া ফলপ্ৰসূ নহ’ল।

সেই সময়ত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে ২৪ সংখ্যক লোকসভা নিৰ্বাচনৰ কৌশল যুগুত কৰাৰ দায়িত্ব দিছিল পিকৰ সলনি তেওঁৰেই পুৰণি বন্ধু এছ কেক।

সেই অৰ্থত ছোনিয়াই কংগ্ৰেছৰ ‘টাস্ক ফ’ৰ্চ-২০২৪’ গঠন কৰিছিল। পি চিদাম্বৰম আৰু প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ সৈতে সুনীলেও এই আঠজনীয়া কমিটীত স্থান লাভ কৰে। তাৰ আগতেও কংগ্ৰেছে কৰ্ণাটক আৰু তেলেংগানাৰ বিধানসভা নিৰ্বাচনত জয় নিশ্চিত কৰিবলৈ সুনীলক প্ৰচাৰ চলোৱাৰ দায়িত্ব দিছিল।

লগতে পঢ়ক: Karnataka election results: বিজেপি মুক্ত দক্ষিণ ভাৰত; কংগ্ৰেছৰ কটাক্ষৰ সন্মুখীন বিজেপি

যদিও ৰাইজৰ বাবে নতুন মুখ, সুনীল এজন নিৰ্বাচনী ৰণ কৌশলী হিচাপে ৰাজনীতিৰ ক্ষেত্ৰখনত এক পুৰণি খেলুৱৈ। ২০১৪ চনত পি কেৰ সমান্তৰালকৈ সুনীলে নৰেন্দ্ৰ মোডীৰ বাবে কৌশল ৰচনাৰ কামো কৰিছিল।

প্ৰায় এটা দশক ধৰি নিৰ্বাচনী ৰণ কৌশলী হিচাপে কাম কৰি আহিছে সুনীলে। লগতে তামিলনাডুৰ ডি এম কে আৰু এ আই এ ডি এম কেৰ বাবেও কাম কৰিছিল।

২০১৭ চনত তেওঁ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনতো বিজেপিৰ হৈ কাম কৰিছিল। এসময়ত সুনীল বিজেপিৰ নিৰ্বাচনী ৰণ কৌশলী সংস্থা ‘এছ’চিয়েশ্যন অৱ ব্ৰিলিয়েণ্ট মাইণ্ডছ’ (এবিএম)ৰ মুৰব্বী আছিল।

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে পিকেৰ পূৰ্বৰ সংগঠন ‘চিটিজেনছ ফৰ একাউণ্টেবল গভৰ্নেন্স (CAG)’ বিজেপিৰ প্ৰচাৰ চম্ভালিবলৈ আহিছিল। কিন্তু তাৰ আগতেও সুনীলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ব্যক্তিগত পৰামৰ্শদাতা হিচাপে কাম কৰি আছিল।

ইয়াৰ পিছত প্ৰায় তিনি বছৰ ধৰি সুনীল প্ৰচাৰৰ বাহিৰত আছিল। পুনৰ ২০১৬ চনত তেওঁ ডি এম কেৰ মুৰব্বী তথা বৰ্তমানৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ দলৰ দায়িত্ব লৈ মূলসুঁতিৰ ৰাজনীতিলৈ ঘূৰি আহে।

লগতে পঢ়ক: সংকট আৰু বিপদৰ সময়ত এইবোৰ কথা অৱশ্যেই মনত ৰাখিব! চাণক্যই দিছে উপদেশ

কিন্তু ২০১৬ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনত ডি এম কেক শাসকীয় দল হিচাপে গঢ়ি তোলাত সুনীল ব্যৰ্থ হয়। কিন্তু সেই বছৰৰ অক্টোবৰ মাহত বিজেপিয়ে সুনীলক নতুন নিৰ্বাচনী সংগঠন গঢ়ি তোলাৰ দায়িত্ব দিছিল। কাৰণ নতুন সংগঠন আইপিএচি গঠন হোৱাৰ সময়ত পিকেই বিজেপিক পিঠি দিছিল। গতিকে বিজেপিৰ মূল লক্ষ্য আছিল সুনীলক পিকেৰ প্ৰতিদ্বন্দ্বী কৰি তোলা। তেনেকৈয়ে ‘ৰামৰাজ্য’ত গেৰুৱা ধুমুহা সৃষ্টিৰ দায়িত্ব সুনীলৰ কান্ধত পৰিল।

কিন্তু উত্তৰ প্ৰদেশত সুনীলে তামিলনাডুৰ দৰে ব্যৰ্থতাৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত সমাজবাদী পাৰ্টীক পৰাস্ত কৰি বিজেপি ক্ষমতালৈ আহিছিল। যোগী আদিত্যনাথ মুখ্যমন্ত্ৰী হৈছিল। আঁৰৰ নাম সুনীল।

ইয়াৰ পিছত নিৰ্বাচনী ৰণ কৌশলীগৰাকীয়ে তেওঁৰ সতীৰ্থ হিমাংশু সিং আৰু গুজৰাটৰ ব্যৱসায়ী দীপক পেটেলৰ সৈতে যৌথভাৱে এবিএম আৰম্ভ কৰে। ২০১৮ চনত এবিএমৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল সুনীলে।

লগতে পঢ়ক: পাঁচ তাৰকাযুক্ত হোটেলত উৎখাত দেহ ব্যৱসায় চক্ৰ; উদ্ধাৰ অভিনেত্ৰী, মডেল

২০১৯ চনত পুনৰ ডি এম কেৰ সৈতে হাত মিলাইছিল সুনীলে। তেওঁৰ প্ৰচাৰত ৩৯খন লোকসভাৰ আসনৰ ভিতৰত ৩৮খন আসন ইউ পি এৰ মিত্ৰজোঁটৰ নিয়ন্ত্ৰণলৈ আহিছিল।

ডি এম কেৰ মুৰব্বী ষ্টেলিনেও ২০২১ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ বাবে পিকেৰ সহায় লয়। ইয়াৰ পিছত সুনীল ডি এম কেৰ-মোহ ভাঙি ওলাই আহিল।

এতিয়ালৈকে ৪০ বছৰীয়া সুনীলে বিজেপি, কংগ্ৰেছ, ডিএমকে, আকালি দল, এআইএডিএমকেৰ বাবে নিৰ্বাচনী কৌশল ৰচনা কৰিছে।

চৰিত্ৰৰ বৈশিষ্ট্যৰ ফালৰ পৰা সুনীল পিকেৰ পৰা বহখিনি পৃথক। তেওঁ অতি প্ৰচাৰবিমুখ। ইণ্টাৰনেটত নিজৰ ব্যক্তিগত ৰাজনৈতিক মতামতকলৈ পি কে অতি সৰৱ। আনহাতে, সুনীল কোনো অনলাইন মিডিয়াত নাই।

লগতে পঢ়ক: মৰ্মান্তিক! দুজন বন্ধুক বচাবলৈ গৈ পানীত ডুবি মৃত্যু একেলগে ৫ জন কিশোৰৰ

ইণ্টাৰনেটত কেইখনমান ছবিৰ বাহিৰে সুনীলৰ কোনো বিশেষ ছবি দেখা নাপাব। পি কে বহুবাৰ সংবাদ মাধ্যমৰ মুখামুখি হোৱাৰ বিপৰীতে সুনীল সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকি অধিক পছন্দ কৰে।

কৰ্ণাটকৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছৰে পৰা সুনীলে কংগ্ৰেছৰ  নিৰ্বাচনী ৰণ কৌশলী হিচাপে নিজৰ যোগ্যতা প্ৰমাণ কৰিলে। কৰ্ণাটকত জয়লাভ কৰাৰ পিছত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সুনীলৰ ওপৰত ভৰসা আৰম্ভ কৰিছে কংগ্ৰেছে।

Recent News

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd