NORTHEAST NOW (Assamese)

‘Yellow Glow Water’ ট্ৰেণ্ডক লৈ সকলো উদ্বাউল হৈ পৰিছে, কথাটো কি জানেনে? আঁৰত কি আছে?

June 20, 2025 3:20 pm · এন ই নাও নিউজ, গুৱাহাটী

এগিলাচত পানী। তাত হালধীয়া ৰঙৰ গুড়ি ঢালি দিয়া হৈছে। আন্ধাৰ কোঠা এটাত সেই গ্লাছৰ ওপৰত টৰ্চ বা মোবাইলৰ লাইট জ্বলাই দিয়া হৈছে। মন্ত্ৰমুগ্ধ কৰা সোণালী জিলিকনিয়ে চকু দুটা জুৰাই দিছে।

ইউটিউব, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপত লাখ লাখ লোকে এই নতুন ট্ৰেণ্ডক লৈ উদ্বাউল হৈ পৰিছে। ছচিয়েল মিডিয়াত জোৱাৰ উঠিছে #TurmericGlow #Goldenglow ট্ৰেণ্ড।

এই DIY (Do It Yourself) ট্ৰেণ্ডটো মাত্ৰ কেইটামান ঘৰুৱা সামগ্ৰী থাকিলেই কৰিব পৰা যায়। উজ্জ্বল হালধীয়া জিলিকনি বিয়পি পৰা দেখি আচৰিত আৰু সন্তুষ্টিৰ অনুভৱ এটা হয়। কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত এটা বটলত অসংখ্য ফুটা কৰি চেপি পানী ছটিয়াই ফটো তোলাৰ ট্ৰেণ্ড এটা ওলাইছিল। এইবাৰ নতুন ট্ৰেণ্ডক লৈ উদ্বাউল হৈ পৰিছে নেটিজেন।

এই দৃশ্যায়ন কেনেকৈ কৰা হয়?

• আপোনাৰ ফোনটোৰ ফ্লাশ্ব লাইট অন কৰক আৰু ইয়াক তললৈ মুখ কৰি এটা সমতল পৃষ্ঠত ৰাখক

• পোহৰৰ সন্মুখত এটা পৰিষ্কাৰ গিলাচত পানী ৰাখক

• কোঠাটোৰ লাইট বন্ধ কৰি দিয়ক

• সেই গিলাচত থকা পানীত এচিকুট হলুদ বা ভিটামিন বি ২ কেপচুলৰ গুড়ি দিব

• হালধীয়া গুড়ি পানীৰ লগত মিহলি হ’লে এক অপূৰ্ব দৃশ্যয়ন দেখা যাব

এই ট্ৰেণ্ডটো কিয় ইমান জনপ্ৰিয়?

এই ‘ফটোজেনিক’ দৃশ্যটোৱে সকলোকে আকৰ্ষণ কৰিছে। বিশেষকৈ শিশুসকলক। এই দৃশ্যৰ সমান্তৰালকৈ ল’ৰা-ছোৱালীবোৰৰ উচ্ছ্বাস দেখিও বহুতে আনন্দিত হৈ পৰিছে। সকলোৱে বিশুদ্ধ আনন্দ উপভোগ কৰি আছে। বহুতে ছ’চিয়েল মিডিয়াতো ইয়াক ‘মিনি চায়েঞ্চ ডেমো’ বুলিও অভিহিত কৰিছে।

ইয়াৰ আঁৰ কি বিজ্ঞান আছে?

সাধাৰণতে হালধী গুড়ি বা ভিটামিন বি কেপচুলত ৰাইবোফ্লেভিন (Riboflavin) নামৰ এবিধ পদাৰ্থ থাকে। ই প্ৰাকৃতিকভাৱে প্ৰতিসৰণশীল আৰু অতিবেঙুনীয়া (UV) পোহৰৰ সংস্পৰ্শলৈ আহিলে এটা উজ্জ্বল, সোণালী ৰঙৰ জিলিকনি নিৰ্গত কৰিব পাৰে। ইয়াৰ অনন্য আণৱিক গঠনৰ বাবে ইয়াৰ পোহৰ শোষণ কৰি বিচ্ছুৰিত কৰাৰ ক্ষমতা আছে।

Related News