NORTHEAST NOW (Assamese)

ক্ষমা বিচৰিবলৈ গৈও সমস্যা? সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিলে এই ভুলবোৰ নকৰিব

August 4, 2025 7:33 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 4, 2025 7:34 am

সম্পৰ্ক হল পাৰস্পৰিক বুজাবুজি, সন্মান আৰু সহানুভূতি। মতানৈক্য হব পাৰে, কিন্তু সেই মতানৈক্যবোৰ দূৰ কৰি যদি আপোনাৰ সম্পৰ্কক অধিক শক্তিশালী কৰিব বিচাৰে তেন্তে ক্ষমা বিচৰাটো অতি প্ৰয়োজনীয়।

এইটো এটা সম্পৰ্কত এক শক্তিশালী অস্ত্ৰ — যদিহে ইয়াক সঠিক সময়ত, সঠিক উদ্দেশ্যেৰে আৰু সঠিকভাৱে কৰা হয়। ভুলধৰণে ক্ষমা খুজিলে বা অন্তৰৰ পৰা নোকোৱাকৈ অনুশোচনা প্ৰকাশ কৰিলে সম্পৰ্কটো আৰু অধিক ক্ষতিগ্ৰস্ত হ’ব পাৰে। এই সমস্যাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক।

যিবোৰ বিষয় মনত ৰাখিব –

) প্ৰথমে নিজৰ মনটো বুজি লওক

ক্ষমা বিচৰাৰ কাৰণৰ বিষয়ে নিজকে স্পষ্টকৈ সুধিব। আপুনি সঁচাকৈয়ে দুখিত নে সম্পৰ্কটোৰ ওপৰত থকা চাপ কমোৱাৰ বাবেই আপুনি ‘ক্ষমা কৰিব’ বুলি কৈছে? যদি আপোনাৰ হৃদয়ৰ পৰা কোনো অনুশোচনা নাথাকে, তেন্তে সেই ক্ষমাৰ কোনো মূল্য নাথাকিব।

) খৰখেদা নকৰিব

কাজিয়া বা মতানৈক্যৰ পিছত লগে লগে সকলো ঠিক কৰিবলৈ চেষ্টা নকৰিব। দুয়োজনে শান্ত হৈ পৰিস্থিতি বুজি কথা পাতিব। অন্যথা পৰিস্থিতি অধিক জটিল হৈ পৰিব পাৰে।

) ক্ষমা বিচাৰি কিন্তুব্যৱহাৰ নকৰিব

‘ক্ষমা কৰিবা, কিন্তু…’ — এই ধৰণৰ বাক্যটো ক্ষমা বিচৰাতকৈ প্ৰতিৰক্ষাৰ দৰেই শুনা যায়। ই সম্পৰ্কটোক আৰু অধিক দূৰলৈ আনিব পাৰে।

) কোন দোষী, সেইটো নহয় সম্পৰ্কটো গুৰুত্বপূৰ্ণ

আপুনি সঠিক, আপোনাৰ সংগীৰ ভুল –এই বিচাৰ নকৰি প্ৰথমে ভাবি চাওক যে আপুনি আপোনাৰ কথা বা কামেৰে আপোনাৰ সংগীক আঘাত দিছে নেকি। সম্পৰ্ক বজাই ৰাখিবলৈ “কি সঠিক কি ভুল” নহয়, বৰঞ্চ “কোনে আঘাত পাইছে” বুজাটো গুৰুত্বপূৰ্ণ।

) প্ৰত্যুত্তৰ দিবলৈ নহয়, বুজিবলৈ শুন

আপোনাৰ সংগীয়ে আপোনাৰ ক্ষমা বিচৰাটো লগে লগে গ্ৰহণ কৰিব বুলি ভবাটো ভুল। তেওঁ হয়তো নিজৰ দুখবোৰ আপোনাৰ লগত ভাগ কৰিব বিচাৰিব। তেতিয়া মনোযোগেৰে শুনিব, প্ৰতিক্ৰিয়া দিবলৈ নহয়, বৰঞ্চ তেওঁৰ অনুভৱ বুজিবলৈ।

৬) এটা ক্ষমাৰ দ্বাৰা সকলো ঠিক হব বুলি নাভাবিব

বহুক্ষেত্ৰত দীৰ্ঘদিনীয়া ক্ষোভ বা আঘাতৰ ফলত সম্পৰ্কৰ সমস্যাৰ সৃষ্টি হয়। গতিকে এটা ক্ষমা খুজিলেই সকলো ঠিক হৈ যাব বুলি ভুল ধাৰণা নাৰাখিব। বৰঞ্চ এইটোৱে দীঘলীয়া কথা-বতৰাৰ আৰম্ভণি হ’ব পাৰে।

৭) ক্ষমা বিচৰামানেই কা শেষ নহয়

ক্ষমা বিচৰাৰ উদ্দেশ্য সম্পৰ্কটো মেৰামতি কৰা হ’ব লাগে, প্ৰশংসা লাভ কৰা নহয়। ‘মইতো ক্ষমা খুজিলোঁ, এতিয়া মোক ভাল পাবই লাগিব’-এই মনোভাৱেৰে যদি আপুনি ক্ষমা বিচাৰে, তেন্তে ই এক ধৰণৰ চাপৰ সৃষ্টি কৰিব যিটো সম্পৰ্কৰ বাবে ক্ষতিকাৰক।

Related News