NORTHEAST NOW (Assamese)

ঘৰত অশান্তিয়ে এৰাই নিদিয়ে? এই ৪ টা বস্তুৱে ঘৰত আনে নিগেটিভ এনাৰ্জি! কৈছে বাস্তু শাস্ত্ৰই

December 3, 2024 8:12 am · এন ই নাও নিউজ, গুৱাহাটী

ঘৰৰ বাস্তুশাস্ত্ৰ ঠিক নহ’লে জীৱনতো তাৰ প্ৰভাৱ পৰিব পাৰে। ঘৰখনত যদি ধনাত্মক শক্তি থাকে তেন্তে সুখ আৰু সমৃদ্ধিও থাকে। প্ৰেম হওক, কেৰিয়াৰ হওক বা স্বাস্থ্যই হওক, ইতিবাচক শক্তিৰ প্ৰবাহ বজাই ৰখাটো গুৰুত্বপূৰ্ণ। বাস্তুশাস্ত্ৰই বহুতো ব্যৱস্থাৰ কথা উল্লেখ কৰে যিবোৰৰ দ্বাৰা ঘৰত ধনাত্মক শক্তিৰ সৰবৰাহ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব পাৰি। চাও আহক, বাস্তু শাস্ত্ৰৰ মতে, ঘৰত কি ৰখাৰ ফলত ঋণাত্মক শক্তি (নিগেটিভ এনাৰ্জি) বৃদ্ধি পায়-

মনত ৰাখিব, এই ৪ টা বস্তুৱে ঘৰত ঋণাত্মক শক্তি বৃদ্ধি কৰে

বন্ধ হৈ থকা ঘড়ী – বন্ধ ঘড়ী কেতিয়াও ঘৰত ৰাখিব নালাগে। বিশেষকৈ ৰাতিপুৱা সাৰ পোৱাৰ পিছত বন্ধ ঘড়ী এটাৰ চোৱাটোৱে আপোনাৰ ভাগ্যৰ দুৱাৰখন বন্ধ কৰি দিব পাৰে বুলি এটা বিশ্বাস আছে। ঘৰৰ চুকত বন্ধ ঘড়ী ৰখাটো শুভ বুলি গণ্য কৰা নহয়।

জোতা আৰু চেণ্ডে– ঘৰৰ ​​মূল প্ৰৱেশদ্বাৰত কেতিয়াও জোতা আৰু চেণ্ডেল ৰাখিব নালাগে। একে সময়তে জোতা আৰু চেণ্ডেল সদায় দক্ষিণ বা পশ্চিম দিশত খুলিব লাগে। তেনে নকৰিলে ঘৰত ঋণাত্মক শক্তি বৃদ্ধি পায়।

শুকাই যোৱা গছ – শুকান গছ ঘৰত ৰখাটো শুভ বুলি গণ্য কৰা নহয়। লগতে শুকান কাঁইটীয়া গছ ঘৰত ৰাখিব নালাগে। ইয়াৰ ফলত ঘৰত ঋণাত্মক শক্তি প্ৰৱেশ কৰে।

ছবি – বেছিভাগ মানুহেই নিজৰ ঘৰখনক নান্দনিক ৰূপ দিবলৈ ছবি ৰাখে। ভঙা বা ফটা ছবি ঘৰত একেবাৰেই ৰাখিব নালাগে। ইয়াৰ ফলত পৰিয়ালত সংঘাতৰ পৰিৱেশৰ সৃষ্টি হয়। যুঁদ্ধৰ ছবি ৰাখিলে সদস্যৰ মাজত সংঘাত বৃদ্ধি পাব পাৰে। একে সময়তে দুখী মুখৰ ছবিও ৰাখিব নালাগে। ই ঋণাত্মক শক্তি বৃদ্ধি কৰে।

ডিচক্লেইমাৰ: এই লেখাত দিয়া তথ্য সম্পূৰ্ণ সত্য আৰু সঠিক বুলি আমি দাবী নকৰো। সবিশেষ আৰু অধিক তথ্যৰ বাবে সংশ্লিষ্ট ক্ষেত্ৰৰ বিশেষজ্ঞৰ পৰামৰ্শ লওক।

Related News