Independence Day 2022: National Flagস্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

জাতীয় পতাকা।

National flag দেশৰ স্বাধীনতা দিৱস উদযাপনলৈ মাজত আৰু দুদিন আছে। ব্ৰিটিছ শাসনৰ পৰা মুক্ত হোৱাৰ পিছত ভাৰতৰ ভূমি স্বাধীন হৈছিল। অৱশ্যে, স্বাধীনতা অৰ্জন কৰাটো একেবাৰে সহজ নাছিল। ভাৰতে বহু সাহসী যোদ্ধাৰ ৰক্তক্ষয়ী সংগ্ৰামৰ জৰিয়তে স্বাধীনতাৰ মুখ দেখিছিল। সেয়ে এই দিনটোত আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগকো স্মৰণ কৰা হয়। প্ৰতিবাৰেই আমাৰ সেই মহান বিপ্লৱীসকলক স্মৰণ কৰি এই বিশেষ দিনটো উদযাপন কৰা হয়।

দেশৰ পতাকা উত্তোলন কৰি এই দিনটো অতি ধুমধামেৰে উদযাপন কৰা হয়। জাতীয় পতাকাই ভাৰতৰ জনসাধাৰণৰ গৌৰৱ আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে কিছু অজান তথ্য জানি থও আহকঃ-

ক) ভাৰতৰ জাতীয় পতাকাখন অন্ধ্ৰ প্ৰদেশৰ এজন স্বাধীনতা সংগ্ৰামী পিঙ্গালী ভেংকায়াই ডিজাইন কৰিছিল।

খ)১৯০৬ চনৰ ৭ আগষ্টত কলকাতাৰ পাৰ্চী বাগান স্কোৱেৰত প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় পতাকা উৰুওৱা হৈছিল। সেই সময়ত পতাকাখনত তিনিটা ৰং আছিল- ৰঙা, হালধীয়া আৰু সেউজীয়া।

গ) ভাৰতৰ নিয়ম অনুসৰি খাদী কাপোৰেৰে জাতীয় পতাকা নিৰ্মাণ কৰা হয়। এই খাদী কাপোৰখন প্ৰকৃততে এক বিশেষ ধৰণৰ হস্ততাঁতৰ দ্বাৰা নিৰ্মিত।

ঘ) বিকাজী ৰুস্তম কামাই বিদেশৰ মাটিত প্ৰথম খন ভাৰতীয় পতাকা উত্তোলন কৰে।

ঙ)১৯৫৩ চনৰ ২৯ মে তাৰিখে পৰ্বতাৰোহী টেনজিং নৰ্গে প্ৰথমবাৰৰ বাবে এভাৰেষ্টৰ শীৰ্ষত ভাৰতীয় পতাকা উত্তোলন কৰে।

চ) নিয়ম অনুসৰি ৰাতিপুৱা জাতীয় পতাকা উত্তোলন কৰিব লাগে। য’ত পতাকা উত্তোলন কৰা হয় তাত আন কোনো পতাকা বা চিহ্ন থাকিব নালাগে। পতাকাখনে কেতিয়াও মাটি বা পানী স্পৰ্শ কৰিব নালাগে আৰু ইয়াক ওলোটাকৈ ৰাখিব নোৱাৰি।

ছ) কোনো পৰিস্থিতিত পতাকাখন মাটিত ৰাখিব বা পেলাই দিব নোৱাৰি। পতাকা ভাঁজ কৰাৰ বাবেও নিৰ্দিষ্ট নিয়মো আছে।

জ) ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছ চৰকাৰৰ পৰা স্বাধীনতা পোৱাৰ ঠিক আগতে ১৯৪৭ চনৰ ২২ জুলাইত ভাৰতীয় পতাকা গ্ৰহণ কৰা হয়।

ঝ) জাতীয় পতাকাৰ গেৰুৱা ৰং হৈছে ত্যাগ আৰু বীৰত্বৰ প্ৰতীক, আনহাতে বগা ৰং হৈছে সত্য, শান্তি আৰু বিশুদ্ধতাৰ প্ৰতীক। সেউজীয়া ৰঙে সমৃদ্ধি সূচায় আৰু অশোক চক্ৰ ধৰ্ম আৰু প্ৰগতিৰ প্ৰতীক।

ঞ) যেতিয়া এজন বিদেশী প্ৰতিনিধিয়ে ভাৰত চৰকাৰৰ বাহন ব্যৱহাৰ কৰে তেতিয়া এই পতাকাখন বাহনখনৰ সোঁফালে থাকিব আৰু এই পতাকাখন বিদেশত ভাৰতৰ প্ৰতিনিধিৰ বাহনৰ বাওঁফালে ৰখাৰ নিয়ম আছে।

Also read : Independence day wishes in Assamese for WhatsApp and Facebook