সুস্থ হৈ থাকিবলৈ নিয়মিত ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়। বিশেষজ্ঞসকলৰ মতে নিয়মিতভাৱে ব্যায়াম কৰা লোকসকলৰ মানসিক স্বাস্থ্যও উন্নত হয়। কেৱল ওজন কমোৱাৰ বাবেই নহয় সক্ৰিয় হৈ থাকিবলৈও ব্যায়াম কৰিব লাগে।
ব্যায়ামৰ সঠিক সুফল পাবলৈ কিছুমান কথা মনত ৰখাটো জৰুৰী। যেনে- খাদ্য খোৱাৰ পিছতেই ব্যায়াম কৰিব নালাগে। বহুতে পানী খোৱাও পৰিহাৰ কৰে। ব্যায়ামৰ সময়ত পানী খোৱাটো উচিত নে? ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে? জানি লও আহক।
পানী খোৱাটো উচিত নে?
ব্যায়ামৰ সময়ত পানী খোৱাৰ ফলত কোনো ক্ষতি নহয়। ব্যায়ামৰ সময়ত অলপ অলপকৈ পানী খালে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰিত থাকে। সাধাৰণতে কঠোৰ ব্যায়ামৰ সময়ত শৰীৰৰ উষ্ণতা বৃদ্ধি পায়। বিশেষজ্ঞসকলৰ মতে এই সময়ত পানী খোৱাৰ ফলত উষ্ণতা হ্ৰাস পায়।
শৰীৰৰ পানীৰ শূন্যতা প্ৰতিৰোধ:
ব্যায়ামৰ সময়ত মাজে মাজে পানী খালে হৃদস্পন্দন স্বাভাৱিক হৈ থাকে। সক্ৰিয়ভাৱে ব্যায়াম কৰাত সহায় কৰে। ব্যায়ামৰ সময়ত প্ৰচুৰ ঘাম ওলায়। এই সময়ত অলপ অলপকৈ পানী খালে শৰীৰত পানীৰ শূন্যতা দূৰ হয়। লগতে মূৰৰ বিষ, বমি, পেটৰ বিষ, মূৰ ঘূৰোৱা আদি সমস্যাৰ পৰা হাত সাৰিব পাৰি।
ভোক কম লাগে:
ব্যায়ামৰ সময়ত বহুত কেলৰি বাৰ্ণ হৈ যায়, সেয় পিছত ভোক লাগে। ইয়াৰ ফলত অতিমাত্ৰা খাদ্য খাই দিয়াৰ সম্ভাৱনা থাকে। ব্যায়ামৰ আগতে আৰু পিছত পানী খালে অতিমাত্ৰা খাদ্য খোৱাৰ পৰা হাত সাৰিব পাৰি। ই ওজন নিয়ন্ত্ৰণত ৰাখে।
ছালৰ যত্ন:
কোৱা হয় যে ব্যায়ামৰ সময়ত মাজে মাজে পানী খালে ছালখন উজ্জল হয়। ইয়াৰ ফলত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ঘামৰ জৰিয়তে বাহিৰলৈ ওলাই যায় আৰু ছালখন সুস্থ হৈ থাকে।
মনত ৰখা ভাল:
ব্যায়ামৰ সময়ত একেলগে অধিক পানী খোৱা উচিত নহয়। অলপ অলপকৈ পানী খাব। ফলত শক্তি বৃদ্ধি পাব। ব্যায়ামৰ পিছত প্ৰচুৰ পৰিমাণে পানী খাব পাৰে। কেৱল পানীৰ পৰিৱৰ্তে চেনি নোহোৱাকৈও ফলৰ ৰসো খাব পাৰে।