• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শীতকালত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়? কোন লক্ষণত লুকাই আছে বিপদ? জানক গৱেষণাৰ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2024 9:43 am
875
VIEWS
Share on FacebookShare on Twitter

শীতকালে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলায়। বিশেষকৈ হৃদৰোগ বা হৃদযন্ত্ৰৰ সমস্যাৰ আশংকা থকাসকলৰ বাবে ঠাণ্ডা বতৰত সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। গৱেষণাত দেখা গৈছে যে শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা গ্ৰীষ্মকালতকৈ প্ৰায় ৫৩ শতাংশ বেছি। সেয়ে এই সময়ত হৃদযন্ত্ৰৰ অতিৰিক্ত যত্ন লোৱাটো অতি প্ৰয়োজনীয়।

দৰাচলতে হঠাৎ উষ্ণতাৰ পৰিৱৰ্তনে হৃদযন্ত্ৰৰ লগতে শৰীৰৰ অন্যান্য অংগতো প্ৰভাৱ পেলায়। শীতকালত আমাৰ শৰীৰত ৰক্তচাপ বৃদ্ধি পায়। সেয়ে গোটেই শৰীৰলৈ তেজ যোগান ধৰিবলৈ হৃদযন্ত্ৰই দুগুণ কাম কৰিব লগা হয়।

বিশেষজ্ঞসকলৰ মতে বাহিৰৰ উষ্ণতা বেছিকৈ কমি গ’লে শৰীৰৰ স্বাভাৱিক উষ্ণতা বজাই ৰখাটো কঠিন হৈ পৰে। ই হৃদযন্ত্ৰৰ ৰক্তবাহী নলীৰ ক্ষতি কৰে। তেনে ক্ষেত্ৰত যদি ইতিমধ্যে হৃদৰোগ আছে তেন্তে শৰীৰে এই পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ অধিক সমস্যাৰ সন্মুখীন হয়।

তদুপৰি, শীতকালত শৰীৰক অধিক অক্সিজেনৰ প্ৰয়োজন হয়। ৰক্তবাহী নলী সংকীৰ্ণ হোৱাৰ লগে লগে হৃদযন্ত্ৰত অক্সিজেন কমকৈ পোৱা যায়। ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।

ইয়াৰ লগতে ঠাণ্ডাৰ সময়ত খোজ কঢ়া বা ব্যায়াম কৰাৰ ইচ্ছাও কমি যায়। খাদ্যাভ্যাসতো পৰিৱৰ্তন আহে। অতিৰিক্তভাৱে খোৱা খাদ্যই শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে।

শীতকালত বহুতৰে হাঁপানী বা এজমা বৃদ্ধি পায়। এলাৰ্জীৰ সমস্যাত ভুগি থাকে। জটিল শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ ফলত অক্সিজেন পোৱাত অসুবিধা হয়। তেতিয়াও ই হৃদযন্ত্ৰৰ পেশীত চাপ প্ৰয়োগ কৰিব পাৰে।

কোন কোন লক্ষণ দেখা পালে সতৰ্ক হ’ব:

  • হঠাতে বুকুৰ বিষ হোৱা, বিশেষকৈ বুকুৰ মাজভাগ বা বাওঁফালে চাপ বা অস্বস্তি অনুভৱ কৰিলে আওকাণ কৰিব নালাগে
  • হঠাৎ উশাহ লোৱাত কষ্ট পোৱাটো হৃদৰোগৰ লক্ষণ হ’ব পাৰে। বুকুৰ বিষ আৰু উশাহ-নিশাহৰ সমস্যা হ’লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক।
  • শীতকালৰ নিশা হঠাতে প্ৰচুৰ ঘাম ওলোৱাটো একেবাৰেই ভাল লক্ষণ নহয়। ই লুকাই থকা হৃদৰোগৰ লক্ষণ।
  • শীতকালীন সন্ধিয়াৰ পৰা হঠাতে ক্লান্ত অনুভৱ কৰিলেও সাৱধান হোৱাটো প্ৰয়োজন।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd