১৩ ফেব্ৰুৱাৰিৰ ‘অসম বন্ধ’ক লৈ কোচ ৰাজবংশী সংগঠনৰ নিজৰ মাজতে বিভাজন!

9574ecea-77e1-4b26-9646-fc64a956fd12

ফাইল ফটো

কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ দাবীৰে দীৰ্ঘদিন ধৰি কোচ ৰাজবংশী দল সংগঠনে আন্দোলন, প্ৰতিবাদ কৰি আহিছে যদিও তেওঁলোকৰ মাজতে বিভাজনৰ সৃষ্টি হোৱা দেখা গৈছে।

জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা কোচ ৰাজবংশী সন্মিলনীৰ দুটা ফৈদৰ মাজতে অহা ১৩ ফেব্ৰুৱাৰিৰ অসম বন্ধক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই বিভাজনৰ।

এটা পক্ষই এই অসম বন্ধৰ আহ্বান কৰিছে যদিও আনটো পক্ষই এই বন্ধক সমৰ্থন জনোৱা নাই।

লক্ষণীয় ভাবে দেৱকুমাৰ শইকীয়াৰ নেতৃত্বৰ ফৈদটোৱে আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধ বীৰেশ্বৰ শইকীয়াৰ সভাপতিত্বত পৰিচালিত সন্মিলনীৰ গোটটোৱে মানি ল’ব খোজা নাই।

বীৰেশ্বৰ শইকীয়া সমিতিৰ প্ৰচাৰ সম্পাদক সত্যজিৎ শইকীয়াই নৰ্থ ইষ্ট নাওৰ আগত দাবী কৰি কয়, “দেৱকুমাৰ শইকীয়াৰ নেতৃত্বৰ কোচ ৰাজবংশী সন্মিলনীৰ সমিতিখন বৈধ নহয়। তেওঁলোকৰ কোনো জিলা সমিতি নাই আৰু কেন্দ্ৰীয় সমিতিখনৰো কোনো স্পষ্টতা নাই। তেওঁলোকে কেতিয়াবা কেতিয়াবাহে ভুমুকি মাৰে আৰু কোচ ৰাজবংশী সকলৰ প্ৰতি তেওঁলোকৰ কোনো অৱদান নাই।”

ইয়াৰ বিপৰীতে দেৱকুমাৰ শইকীয়া সমিতিৰ সাধাৰণ সম্পাদক হিমু ৰাজবংশীয়ে নৰ্থ ইষ্ট নাওৰ আগত দাবী কৰে, “কোচ ৰাজবংশী ৰাইজৰ পক্ষত তেওঁলোক সদায় আছে। তেওঁলোকৰ ২৭ খন জিলা সমিতিও আছে।”

আনহাতে, দুয়োখন সমিতিৰ সৈতে পৃথকে পৃথকে হোৱা আলোচনাত দিয়া চৰকাৰী পক্ষৰ প্ৰতিশ্ৰুতিয়ে এক পক্ষক আশ্বস্ত কৰিলেও আন পক্ষক আশ্বস্ত কৰিব পৰা নাই।

বীৰেশ্বৰ শইকীয়া সমিতিৰ সত্যজিৎ শইকীয়াই এই সম্পৰ্কত কয়, “যোৱা ২৯ জানুৱাৰিৰ দিনা হোৱা আলোচনাৰ সময়ছোৱাত মন্ত্ৰীসভাৰ সমিতিখনে তেওঁলোকৰ পৰা সকলোধৰণৰ মতামত গ্ৰহণ কৰিছে। চৰকাৰখনে পৰ্যায়ক্ৰমে কাম কৰিবলৈ চৰকাৰখনক কিছু সময় দিব লাগিব। এইক্ষেত্ৰত অসম বন্ধ দিয়াটো যুক্তিসংগত নহয়।”

ইয়াৰ বিপৰীতে চৰকাৰৰ এই প্ৰতিশ্ৰুতিয়ে আশ্বস্ত কৰিব পৰা নাই দেৱকুমাৰ শইকীয়াৰ সন্মিলনীক।

হিমু ৰাজবংশীৰ মতে ” আমি ১ ফেব্ৰুৱাৰিত চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছিলো। ৰাজ্যসভাৰ অধিবেশন শেষ হ’ব ১৩ ফেব্ৰুৱাৰিত। গতিকে মন্ত্ৰীসভাৰ সমিতিখনে ১৫ ফেব্ৰুৱাৰিত প্ৰতিবেদন প্ৰেৰণ কৰিলে কি লাভ হব? গতিকে ১৩ ফেব্ৰুৱাৰিত এই বন্ধ দিয়া হৈছে।”

প্ৰশ্ন হয়, এটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে নিজৰ মাজতে এনে কেতবোৰ বিভাজনে কি ইংগিত বহন কৰিছে? সমস্যা সমাধানৰ ক্ষেত্ৰত দুয়ো পক্ষই একে মতত উপনীত হ’ব নে এনেদৰেই নিজৰ মাজতে যুঁজ অব্যাহত ৰাখি সমস্যাটো জীয়াই ৰাখিব?