জনজাতিকৰণ নোহোৱালৈকে অব্যাহত থাকিব আমাৰ প্ৰতিবাদ : কোচ ৰাজবংশী সন্মিলনী

IMG-20181113-WA0001

ফটো : নৰ্থ-ইষ্ট নাও

কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী প্ৰসংগত পুনৰ এবাৰ উত্তাল হৈ পৰিল ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা। সোমবাৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ নেতৃত্বত কোচ ৰাজবংশী মহিলা আৰু যুৱ সন্মিলনীৰ সহযোগত শ শ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহি জনজাতিকৰণৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা স্থিতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

ৰাজ্য চৰকাৰ আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ প্ৰসংগটো বিভিন্ন অজুহাত দেখুৱাই অমান্য কৰি অহাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমত হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈ উঠি-পৰি লগা কাৰ্যৰ বিৰুদ্ধে কালি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটেৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

তিনিঘণ্টা ধৰি পালন কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হয়। ‘ন’ এছ টি ন’ ৰেষ্ট’, ‘বিজেপি গ’ বেক’ আদি ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদ।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থকা প্ৰতিবাদকাৰীসকলে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয় যে জনজাতিকৰণৰ মৰ্যাদা আমাক দিবই লাগিব। যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ প্ৰসংগটো সমাধান নকৰে তেতিয়ালৈকে আমি ক্ষান্ত নাথাকো।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পাছত প্ৰতিবাদকাৰীসকলে ভেৰগাঁৱৰ মহকুমাধিপতিৰ জৰিয়তে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰকপত্ৰ প্ৰদান কৰে।

সোমবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত ভেৰগাঁৱৰ কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি নিলধৰ ডেকা, যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি জয়প্ৰকাশ হাজৰিকা, সম্পাদক তৰুণ হাজৰিকাৰ লগতে কোচ-ৰাজবংশী মহিলা সন্মিলনীৰ বিভিন্ন শীৰ্ষ পৰ্যায়ৰ নেতৃবৃন্দ উপস্থিত আছিল।