ট্ৰাইবেল বেল্ট আৰু ব্লকত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা প্ৰদানৰ দাবী

nnn

অসম চৰকাৰৰ কেবিনেট বৈঠকে বিটিআৰৰ ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহত ২০০৩ চনৰ পৰা বসবাস কৰা গোৰ্খা,টাই আহোম, মৰান, মটক আৰু চুতীয়া জনগোষ্ঠীৰ লোকসকলক সংৰক্ষিত শ্ৰেণী হিচাপে স্বীকৃতি প্ৰদান কৰাৰ সিদ্ধান্তক সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আদৰণি জনাইছে ৷

অৱশ্যে লগতে অসমৰ অন্যতম খিলঞ্জীয়া তথা ইতিহাস প্ৰসিদ্ধ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকৰ প্ৰতি অন্যায় কৰা হৈছে বুলিও সংগঠনটোৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰিছে ৷

বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত সংগঠনটোৰ সভাপতি অৰুণ কুমাৰ ৰায়ে কয় যে বিগত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত  ষষ্ঠ অনুসূচীৰ অধীনত বিটিচি গঠন তথা জনজাতীয় বেল্ট আৰু ব্লক প্ৰৱৰ্তনৰ হাজাৰ হাজাৰ বছৰৰ পূৰ্বৰ পৰাই অৰ্থাৎ বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰ পৰাই কোচ ৰাজবংশী জনগোষ্ঠীৰ ভূমিপুত্ৰ লোকসকলে এই অঞ্চলত স্থায়ীভাৱে বসবাস কৰি আহিছে ৷

আনকি কোচ ৰজাই ৰাজত্ব কৰাৰ প্ৰমাণ হিচাপে ৰাজপ্ৰাসাদো আছে ৷ সেই হিচাপত কোচ ৰাজবংশী জনগোষ্ঠীক অগ্ৰাধিকাৰ ভিত্তিত সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা দিব লাগিছিল ৷ কিন্তু কেৱল অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী লোকসকলহে সংৰক্ষিত শ্ৰেণীৰ ৷ বিটিআৰৰ অধীনৰ কোকৰাঝাৰ আৰু চিৰাং জিলা অবিভক্ত গোৱালপাৰা জিলাৰ ভিতৰত পৰে যদিও বাক্সা আৰু ওদালগুৰি জিলা নপৰে ৷

সেয়ে সেই জিলাত বসবাস কৰি থকা কোচ ৰাজবংশীসকল সংৰক্ষিত শ্ৰেণীৰ অন্তৰ্ভুক্ত হ’ব নে নহ’ব আমাৰ সন্দেহ হৈছে ৷ যাৰ কাৰণে আমি আক্ৰাছুৱে অসম চৰকাৰক এই বিষয়টো স্পষ্ট কৰিবলৈ দাবী জনাইছো ৷

লগতে সমগ্ৰ বিটিআৰ অঞ্চলৰ লগতে অসমৰ সকলোবোৰ ট্ৰাইবেল বেল্ট আৰু ব্লকত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা প্ৰদান কৰি অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিধান সভাৰ বাজেট অধিৱেশনত বিধেয়ক গৃহীত কৰি ন্যায় প্ৰদান কৰিবলৈকো আক্ৰাছুৱে অসম চৰকাৰক দাবী জনায় ৷

আনহাতে কোচ ৰাজবংশীসকলে দীৰ্ঘদিন ধৰি জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত আন্দোলন কৰি আহিছে যদিও  আজিলৈকে এই সমস্যাৰ সমাধান নোহোৱা বুলি উল্লেখ কৰি সভাপতি ৰায়ে কয় যে আন্দোলনৰ ফলশ্ৰুতিত শেহতীয়াভাৱে চৰকাৰে একেবাৰে সৰু কেএচি নামেৰে পৰিষদ এখন দিছে ৷ আমি তাক গ্ৰহণ কৰিছো ৷

কিন্তু আমাৰ যি ঐতিহাসিক কমতাপুৰ ৰাজ্য গঠনৰ দাবী সেই সন্দৰ্ভত ভাৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ দুবৰছমান পূৰ্বে এই সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনা হৈছিল যদিও তাৰ পিছত বিষয়টো তেনেকৈয়ে থাকিল ৷ এইক্ষেত্ৰত অতিশীঘ্ৰে আলোচনা অনুষ্ঠিত কৰি সমস্যাটোৰ বাস্তৱ সন্মত সমাধানৰ ব্যৱস্থা কৰিবলৈকো চৰকাৰক দাবী জনায় ৷ সেইদৰে জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ কৰি কয় যে জনজাতিকৰণৰ বিষয়টো সমাধান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা পূৰ্বৰ চৰকাৰৰ স্বাস্থ্য ,শিক্ষা তথা বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ২০১৯ চনত এখন মন্ত্ৰীগোট গঠন কৰি দিছিল৷

এই মন্ত্ৰীগোটক জনজাতিকৰণৰ সমগ্ৰ দিশটো চালি জাৰি চাই ছয়মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিবলৈ দিছিল ৷ কিন্তু মন্ত্ৰীগোটে বৰ্তমানলৈকে জনজাতিকৰণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদনেই প্ৰেৰণ নকৰিলে ৷ যাৰ বাবে জনজাতিকৰণৰ বিষয়টো আজিকোপতি সমাধান নহ’ল ৷ সেয়ে আক্ৰাছু নেতাগৰাকীয়ে মন্ত্ৰীগোটৰ অধ্যক্ষ ডঃ হিমন্ত বিশ্ব শৰ্মা যিহেতু বৰ্মান ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সেয়ে সংসদৰ আগন্তুক গ্ৰীষ্মকালীন অধিবেশনৰ ভিতৰতেই জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ৷

অন্যথা আক্ৰাছুৱে আগন্তক দিনত অধিক শক্তিশালী ৰূপত তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবলৈ প্ৰস্তুত থকা বুলিও হুংকাৰ দিয়ে ৷ সংবাদ মেলত অহা ১৭ জুলাইৰ পুৱা ১১ বজাত বঙাইগাঁওস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত আক্ৰাছু ,কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা বুলি উল্লেখ কৰি উক্ত কাৰ্যনিৰ্বাহক সভাত প্ৰতিখন জিলা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যসকলক উপস্থিত থাকিবলৈ সভাপতি অৰুণ কুমাৰ ৰায়ে আহ্বান জনায় ৷